Logo
image

আই পি এলত অভিযান আৰম্ভ কৰাৰ পূৰ্বে চিন্তাত মুম্বাই ইণ্ডিয়ানছ

মুম্বাই, ১৯ মাৰ্চঃ  আই পি এলৰ অষ্টাদশ ছীজনত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম তিনিখন খেলত যে পেচ বলাৰ যশপ্ৰীত বুমৰা নাথাকিব সেই কথা পূৰ্বেই জনা গৈছিল৷ ২৩ মাৰ্চত মুম্বাই ইণ্ডিয়ানছে টুৰ্নামেণ্টখনত অভিযান আৰম্ভ কৰিব চেন্নাই ছুপাৰ কিংছৰ [চি এছ কে] বিৰুদ্ধে আৰু এই খেলখনৰ পূৰ্বে বুমৰাৰ অনুপস্থিতিয়ে চিন্তাত ৰাখিছে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰক৷ দলটোৰ প্ৰশিক্ষক মাহেলা জয়ৱৰ্ধনেৰ কথাত এই কথা স্পষ্ট হৈ পৰিছে৷ বুধবাৰে সংবাদ মেলত তেওঁ কয় যে বুমৰা বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীতে আছে৷ তেওঁৰ আঘাত ক্ৰমাৎ উপশম হ’ব ধৰিছে যদিও আৰু কিছুদিন তেওঁ চিকিৎসকৰ তত্ত্বাৱধানত থাকিব লাগিব৷


এতিয়ালৈকে সকলো ঠিকেঠাকে চলি  আছে৷ ক’ব পাৰি ক্ৰিকেটাৰজন দ্ৰুত আৰোগ্যৰ পথত আৰু এই বিষয়টোত বুমৰাও যথেষ্ট সন্তুষ্ট৷ শীঘ্ৰেই তেওঁ মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগ দিব পাৰিব বু্‌লি সকলো  আশাবাদী৷ ‘বুমৰা দলত নথকাটো নিঃসন্দেহে চিন্তাৰ কথা৷ তেওঁ হৈছে সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেচ বলাৰ৷ কেইবাটাও ছীজন তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল প্ৰদৰ্শন দেখুৱাইছে৷ তেওঁৰ অনুপস্থিতিত চাৰিটা অভাৰ কৰাৰ দায়িত্ব কাক দিয়া হয়, সেই বিষয়ে চিন্তা-চৰ্চা চলাই থকা হৈছে৷ কোনোবা এজন এইক্ষেত্ৰত আগবাঢ়ি আহি নিজকে প্ৰমাণ কৰিবই লাগিব৷ বিষয়টো আমি এনেদৰে বিবেচনা কৰিছো৷’– কয় জয়ৱৰ্ধনেই৷ উল্লেখ্য, নিলম্বনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম খেলখনত খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই৷ সেইবাবে খেলখনত মুম্বাইত নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে৷