Logo
image

জয়েৰে অভিযান আৰম্ভ আৰচিবিৰ

কলকাতা, ২২ মাৰ্চঃ আই পি এলত জয়েৰে অভিযান আৰম্ভ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে৷ শনিবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰতিযোগিতাৰ চলিত ছীজনৰ প্ৰথম মেচত আৰচিবিয়ে ফিল্ট ছল্ট [৫৬] আৰু বিৰাট কোহলিৰ [অপঃ ৫৯] অৰ্ধশতকৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭ উইকেটত জয় অৰ্জন কৰে৷ ছল্টৰ ৩১টা বলৰ ইনিংছত আছিল ৯টা চাৰি আৰু দুটা ছয়৷ কোহলিয়ে ৪টা চাৰি আৰু ৩টা ছয়েৰে ইনিংছটো সজায়৷ অধিনায়ক ৰজত পাটিদাৰৰ বেটৰ পৰা আহে ৩৪ ৰান৷


কেকেআৰৰ হৈ এটাকৈ উইকেট লয় বৈভৱ আৰোৰা, বৰুণ চক্ৰৱৰ্তী আৰু সুনীল নাৰাইনে৷ ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰ্ছে অধিনায়ক অজিংক্য ৰাহানেৰ [৫৬]  অৰ্ধশতকৰ সহায়ত নিৰ্ধাৰিত অভাৰত আঠটা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰিছিল৷ ৰাহানেৰ ৩১ বলৰ ইনিংছটোত আছিল ছটা চাৰি আৰু চাৰিটা ছয়৷ সুনীল নাৰাইনে দললৈ ৪টা বলত ৪৪ ৰানৰ অবদান আগবঢ়ায়৷ তেওঁৰ ইনিংছত আছিল পাঁচটা চাৰি আৰু তিনিটা ছয়৷ ব্যৰ্থ হয় ভেংকটেশ আয়াৰ [৬]৷ অঙ্গকৃষ ৰঘুৱংশীয়ে দলৰ হৈ ২২টা বলত ৩০ৰান কৰে৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ক্ৰুণাল পাণ্ডিয়াই তিনিটা, জোছ হেজেলউডে দুটা উইকেট লাভ কৰে৷ এটাকৈ উইকেট পায় যশ দয়াল, ৰাছিক ছালাম আৰু সুইয়াশ শৰ্মাই৷