Logo
image

এ চিৰ সৈতে ফেন চলালে কি হ’ব?

গ্ৰীষ্মকাল সমাগত৷ এইবাৰ গ্ৰীষ্মকালত যে পূৰ্বৰ তুলনাত তাপমাত্ৰা অধিক বৃদ্ধি পাব সেয়া ইতিমধ্যে বতৰ বিজ্ঞানীসকলে আগজাননী দিয়া আৰম্ভ কৰিছে৷ কিছু কিছু অঞ্চলত তাপমাত্ৰা বঢ়াৰ ফলত ইতিমধ্যে একাংশ লোকে এ চি চলোৱা আৰম্ভ কৰিছে৷ উল্লেখ্য যে  বহুতে আকৌ এ চিৰ পৰা শান্তি লাভ নকৰিব বুলি সমান্তৰালভাৱে ছিলিং ফেন চলাই দিয়ে৷ কিছুমানৰ ধাৰণা যে এ চিৰ সৈতে একেলগে ছিলিং ফেন চলালে কোঠাটো শীতল হোৱাত সময় লাগে৷ আন একাংশৰ ধাৰণা আকৌ এ চি আৰু ছিলিং ফেন একেলগে চলোৱাটো উচিত নহয়৷ তেওঁলোকৰ মতে, ছিলিং ফেনে গৰম ভাপক তললৈ ঠেলি দিয়ে৷ এনে লোকসকলৰ মতে, এ চি চলোৱাৰ সময়ত ছিলিং ফেন ব্যৱহাৰ নকৰাই ভাল৷ পিছে এই ধাৰণা ভুল৷ 

(১)  এ চিৰ সৈতে ফেন ব্যৱহাৰ কৰিলে কোঠালিটো বতাহৰ প্ৰবাহ বৃদ্ধি পায়৷ ফলত পৰিৱেশ শীতল আৰু আৰামদায়ক হয়৷ 

(২)  এ চিৰ সৈতে ছিলিং ফেন চলালে কোঠালিটোৰ চুকে-কোণে সকলোতে শীতল বতাহৰ সঞ্চালন হয়৷ ফলত  এ চিৰ ওপৰত বেছি চাপ নপৰে৷ অৱশ্যে এইক্ষেত্ৰক কোঠালিৰ দুৱাৰ-খিৰিকি বন্ধ থকাটো নিশ্চিত কৰিব লাগিব৷ 


(৩)  এ চি আৰু ফেন একেলগে ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহিও কৰিব পৰা যায়৷ কিন্তু ইয়াৰ বাবে এ চিৰ তাপমাত্ৰা ২৪-চ্ছ ডিগ্ৰীত ছেটিং কৰি ৰাখিব লাগিব আৰু ফেনখন আটাইতকৈ কম গতিত চলাব লাগিব৷ এনে কৰিলে কোঠালিটো সোনকালে ঠাণ্ডা হয়৷ 

(৪)  এ চি আৰু ফেন একেলগে চলাই ৰাখিলে সমগ্ৰ কোঠালিটোত বতাহৰ সঞ্চালন বৃদ্ধি পায়৷ ফলত কোঠালিটো সোনকালে ঠাণ্ডা হোৱাৰ লগতে বিদ্যুতৰ খৰচ কমে৷ এটা এ চি ছঘণ্টা চলাই ৰাখিলে ১২ ইউনিট বিদ্যুৎ খৰচ হয়৷ কিন্তু এ চিৰ সৈতে একেলগে ফেন চলালে মাত্ৰ ছয় ইউনিট বিদ্যুৎ খৰচ হয়৷ 

(৫)  এ চিৰ সৈতে ফেন চলাই ৰাখিলে ফেনখনে গৰম বতাহক আঁতৰলৈ ঠেলি পঠায়৷ ফেনখনে শৰীৰৰ পৰা গৰম বতাহক অপসাৰিত কৰি ঘামৰ বাষ্পীভৱনত সহায় কৰে৷ ফলত শৰীৰটোৱে আৰাম পায়৷