Logo
image

ঈশানৰ বেটিং তাণ্ডৱ, ৰাজস্থান ৰয়েলছক হৰুৱালে হায়দৰাবাদে

 হায়দৰাবাদ, ২৩  মাৰ্চঃ  ভাৰতীয় দলৰ পৰা বৰ্তমান বাহিৰত ঈশান কিষাণ৷ তেওঁ বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিতো নাই৷ কিন্তু দেওবাৰে আই পি এলৰ প্ৰথম মেচতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ  শতক অৰ্জন কৰি  সমালোচকক প্ৰত্যুত্তৰ দিলে ঈশানে৷ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছীজনৰ প্ৰথম মেচখনত দলৰ জয়ত প্ৰধান ভূমিকা পালন কৰিলে এই ‘অবাধ্য’ ক্ৰিকেটাৰে৷ দেওবাৰৰ মেচখনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৪৪ ৰানত জয় অৰ্জন কৰে৷ অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত খেলা ৰাজস্থানৰ সন্মুখত লক্ষ্য আছিল ২৮৭ ৰানৰ৷ কিন্তু দলটোৱে নিৰ্ধাৰিত অভাৰত ছটা উইকেটৰ বিনিময়ত ২৪২ ৰান হে কৰিবলৈ সক্ষম হয়৷ সঞ্জু ছেমছন [৬৬] আৰু  ধ্ৰুৱ জুৰেলে [৭০] অৰ্ধশতক অৰ্জন কৰিলেও বিশাল ৰানৰ লক্ষ্য অতিক্ৰম কৰাত সফল নহ’ল ৰাজস্থান৷ ছেমছনে সাতটা চাৰি আৰু চাৰিটা ছয়েৰে তেওঁৰ ৩৭টা বলৰ ইনিংছটো সজায়৷ জুৰেলৰ ৩৫ বলৰ ইনিংছত আছিল পাঁচটা চাৰি আৰু ছটা ছয়৷


২৩ টা বলত ৪২ ৰানৰ ইনিংছ খেলে হেটমেয়াৰে৷ তেওঁৰ ইনিংছত আছিল এটা চাৰি আৰু চাৰিটা ছয়৷ ১১টা বলত ৩৪ ৰান কৰি অপৰাজিত হৈ ৰয় শুভম ডুবে৷ দেওবাৰে ব্যৰ্থ হয় দলৰ দুই তাৰকা ৰিয়ান পৰাগ [৪] আৰু যশস্বী জয়ছোৱাল [১]৷ হায়দৰাবাদৰ হৈ ছিমৰজীৎ সিং আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট লাভ কৰে৷ এটাকৈ উইকেট হস্তগত কৰে মহম্মদ ছামি আৰু আডাম জাম্পাই৷ ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰি ঈশান কিষাণৰ  শতকৰ লগতে ট্ৰেভিছ হেডৰ [৬৭] অৰ্ধশতকৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অভাৰত ছটা উইকেটৰ বিনিময়ত ২৮৬ ৰান সংগ্ৰহ কৰিছিল৷ চলিত আই পি এলৰ দলৰ প্ৰথম খেলতে দুৰন্ত প্ৰদৰ্শনেৰে চমক দিয়ে ঈশানে৷ তেওঁ ৪৭ বলত ১০৬ ৰান কৰি অপৰাজিত থাকে৷ ঈশানৰ ইনিংছত আছিল ১১টা চাৰি আৰু ছটা ছয়৷ তেওঁ ৪৫ বলত শতক সম্পূৰ্ণ কৰে৷ ট্ৰেভিছ হেডৰ ৩১টা বলৰ ইনিংছটোত আছিল ৯টা চাৰি আৰু তিনিটা ছয়৷ অভিষেক শৰ্মাই ১১টা বলত ২৪ ৰানৰ ইনিংছ খেলে৷ ১৫ টা বলত ৩০ৰান সংগ্ৰহ কৰে নীতীশ কুমাৰ ৰেড্ডীয়ে৷ হেনৰিচ ক্লাছেনে ১৪টা বল খেলি দললৈ ৩৪ ৰানৰ অবদান আগবঢ়ায়৷ ৰাজস্থান ৰয়েলছৰ হৈ তুষাৰ দেশপাণ্ডেই তিনিটা, মহীশ থীকছানাই দুটা আৰু সন্দীপ শমাৰ্ই এটা উইকেট লাভ কৰে৷ উল্লেখ্য, যোৱাটো ছীজনত তিনিটা উইকেটৰ বিনিময়ত ২৮৭ ৰান কৰি আই পি এলৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে৷ দেওবাৰে নিজৰেই অভিলেখ ভংগ কৰাৰ পৰা মাত্ৰ দুই ৰান আঁতৰত থাকে দলটো৷