
মুম্বাইক হৰুৱাই অভিযান আৰম্ভ চিএছকেৰ
চেন্নাই, ২৩ মাৰ্চঃ আই পি এলৰ চলিত ছীজনত জয়েৰে অভিযান আৰম্ভ কৰিলে চেন্নাই ছুপাৰ কিংছে৷ দেওবাৰে দলটোৱে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চাৰি উইকেটত জয় অৰ্জন কৰে৷ দলটোৰ সন্মুখত লক্ষ্য আছিল ১৫৬ ৰানৰ৷ অধিনায়ক ঋতুৰাজ গাইকোৱাড়ৰ [৫৩] আৰু ৰাচীন ৰবীন্দ্ৰৰ [অপঃ ৬৫] অৰ্ধশতকৰ সহায়ত দলটোৱে ৬টা উইকেটৰ বিনিময়ত ১৯.১ অভাৰত ১৫৮ ৰান কৰি লক্ষ্য অতিক্ৰম কৰে৷
মুম্বাইৰ হৈ ভিগনেশ পুথুৰে তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৫৫ ৰান সংগ্ৰহ কৰিছিল৷ দলৰ হৈ সৰ্বাধিক ৩১ ৰান কৰে তিলক বাৰ্মাই৷ চেন্নাইৰ নুৰ আহমেদে চাৰিটা, খলীল আহমেদে তিনিটা উইকেট লাভ কৰে৷