
আই পি এলত অবাঞ্চিত অভিলেখ জোফ্ৰা আৰ্চাৰৰ
হায়দৰাবাদ, ২৩ মাৰ্চঃ আই পি এলত অবাঞ্চিত অভিলেখৰ অধিকাৰী হৈছে ৰাজস্থান ৰয়েলছৰ বেগী বলাৰ জোফ্ৰা আৰ্চাৰ৷ প্ৰতিযোগিতাখনৰ ইতিহাসত এখন মেচত আটাইতকৈ খৰচী বলাৰ হিচাপে আৰ্চাৰ পৰিগণিত হৈছে৷ দেওবাৰে হায়দৰাবাদত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অংশ লোৱা মেচখন সময়ত এই অভিলেখৰ অধিকাৰী হয় ইংলেণ্ডৰ খেলুৱৈজন৷ নিজৰ চাৰি অভাৰত আৰ্চাৰে ৭৬ ৰান খৰচ কৰে৷
তেওঁ এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল৷ আৰ্চাৰে মোহিত শৰ্মাৰ নামত থকা অভিলেখ ভংগ কৰে৷ মোহিতে ২০২৪ ছীজনত গুজৰাট টাইটানছৰ হৈ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলত চাৰি অভাৰত ৭৩ ৰান খৰচ কৰিছিল৷ ইয়াৰ পূৰ্বে ২০১৮ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বাছিল থাম্পিয়ে নিজৰ অভাৰত ৭০ৰান খৰচ কৰিছিল৷