
ৰেচ ৱাকাৰ প্ৰিয়ংকাৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ
নতুন দিল্লী, ২৩ মাৰ্চঃ শ্লোভেকিয়াৰ ডুডিনচত ডুডিনস্কা ৫০ প্ৰতিযোগিতাত মহিলাৰ ৩৫ কিলোমিটাৰ ইভেণ্টত অংশ লোৱাৰ সময়ত এক ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে কমনৱেলথ গেমছত পদকজয়ী ভাৰতীয় ৰেচ ৱাকাৰ প্ৰিয়ংকা গোস্বামীয়ে৷ প্ৰতিযোগিতাখনত একাদশ স্থান লাভ কৰে ভাৰতীয় খেলুৱৈ গৰাকীয়ে৷ তেওঁ নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰে দুঘণ্টা, ৫৬ মিনিট, ৩৪ ছেকেণ্ডত৷ ডুডিনচৰ পথত প্ৰতি বছৰে মাৰ্চত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
প্ৰিয়ংকাৰ পূৰ্বৰ শ্ৰেষ্ঠ সময় আছিল তিনিঘণ্টা, ১৩ মিনিট, ১৯ ছেকেণ্ড৷ দুবাৰৰ অলিম্পিয়ান প্ৰিয়ংকাই ২০২৩ চনত মঞ্জু ৰাণীয়ে (২ঃ৫৭ঃ৫৪) প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে৷ এই শাখাত খিতাপ জয় কৰে ইকুৱেডৰৰ পাউলা মিলেনা টৰেছে (২ঃ৪৪ঃ২৬)৷ ২০২২ বাৰ্মিংহাম কমনৱেলথ গেমছত প্ৰিয়ংকাই ১০,০০০ কিলোমিটাৰত ৰূপৰ পদক জয় কৰিছিল৷