সামাজিক মাধ্যম আৰু যুৱ-প্ৰজন্ম
ছ’চিয়েল মিডিয়াই যুৱক-যুৱতীসকলৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে যথেষ্ট প্ৰভাৱ পেলায়। ছ’চিয়েল মিডিয়াই যুৱক-যুৱতীসকলক বন্ধু, সমনীয়া আৰু পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ আৰু সংযোগ স্থাপনৰ ক্ষেত্ৰত মঞ্চ প্ৰদান কৰে। ই তেওঁলোকক সম্পৰ্ক বজাই ৰাখিবলৈ, নিজকে প্ৰকাশ কৰিবলৈ আৰু অভিজ্ঞতা আৰু আগ্ৰহৰ ভাগ-বতৰা কৰিবলৈ সুযোগ কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহেই যুৱ-প্ৰজন্ময়ে বৰ্তমান ক্ষেত্ৰত বাতৰি প্ৰদানৰ প্ৰাথমিক উৎস হিচাপে ব্যৱহাৰ কৰে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱক-যুৱতীসকলে নিজৰ সৃষ্টিশীলতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে। তেওঁলোকে নিজৰ শিল্পকৰ্ম, ফটোগ্ৰাফী, লেখা আৰু অন্যান্য ধৰণৰ প্ৰকাশভংগী শ্বেয়াৰ কৰিব পাৰে, বহল দৰ্শকৰ পৰা স্বীকৃতি আৰু সমাদৰ লাভ কৰিব পাৰে।
আনহাতে, ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে হতাশা, নিসংগতা আদি মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগাত সহায় কৰিব পাৰে। বৰ্তমান সময়ত প্ৰচলিত হৈ থকা Chatgpt, Gemini, Ai ইত্যাদিবোৰে যুৱ প্ৰজন্মৰ চিন্তা কৰিব পৰা শক্তিত যথেষ্ঠ প্ৰভাব পেলায় আৰু এই বিশেষ উৎসমূহৰ ওপৰত নিৰ্ভশীল কৰি তুলিছে, যাৰ ফলত যুৱ প্ৰজন্মৰ বৌদ্ধিক শক্তিৰ বিলুপ্তি ঘটিবলৈ লৈছে। লগতে চাইবাৰ বুলিং আৰু ছ’চিয়েল মিডিয়াৰ নিচাযুক্ত প্ৰকৃতিয়ে যুৱক-যুৱতীসকলৰ ভৱিষ্যত জীৱনত হেঙাৰ হৈ থিয় দিব পাৰে। ছ'চিয়েল মিডিয়াত কৰা নামমাত্ৰ ভুলৰ পৰিণাম স্বৰূপেও তেওঁলোকৰ সুনাম, সম্পৰ্ক আৰু ভৱিষ্যতৰ শৈক্ষিক বা কেৰিয়াৰৰ সুযোগত প্ৰভাৱ পেলাব পাৰে। অভিভাৱক, শিক্ষাবিদ আৰু সামগ্ৰিকভাৱে সমাজে যুৱক-যুৱতীসকলক দায়িত্বশীলভাৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ পথপ্ৰদৰ্শন,অনলাইন সুৰক্ষা আৰু সুস্থ ডিজিটেল অভ্যাস গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। ইয়াৰ লগতে আমাৰ চৰকাৰেও কিছু ব্যৱস্থাপনা হাতত লোৱাটো বৰ্তমান প্ৰয়োজনীয় হৈ পৰিছে।
- দৰ্শনা বৰুৱা
যোগাযোগ আৰু সাংবাদিকতা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়






