
মায়ংক যাদৱৰ আঘাত দুসপ্তাহ খেলিব নোৱাৰিব
নতুন দিল্লী, ২৪ মাৰ্চঃ যোৱা বাৰ কৰা প্ৰদৰ্শনৰ সুবাদত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দলত বাহাল আছিল মায়ংক যাদৱ৷ চলিত ছীজনত তেওঁ দলৰ বাবে ডাঙৰ শক্তি আছিল৷ আই পি এলৰ পূৰ্বে তেওঁ আঘাতৰ সন্মুখীন হৈছিল৷ প্ৰতিযোগিতাখনৰ বাবে তেওঁ সুস্থ হৈ উঠিছিল৷ কিন্তু তাৰ মাজতে পুনৰ আঘাত পালে মায়ংকে ৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ১১ কোটি টকাৰ এই বেগী বলাৰৰ খেলপথাৰলৈ প্ৰত্যাৰ্ৱতন পলম হ’ব৷ সোমবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছীজনৰ প্ৰথমখন মেচত অংশ লয় লক্ষ্ণৌৱে৷
মেচখনৰ পূৰ্বেই সংবাদ মেলত মায়ংকৰ আঘাতৰ বিষয়ে অৱগত কৰে দলৰ প্ৰধান প্ৰশিক্ষক জাষ্টিন লেংগাৰে৷ তেওঁ কয়–‘মায়ংক দ্ৰুত সুস্থ হৈ উঠিছিল৷ কিন্তু তাৰ মাজতে তেওঁ আঘাতৰ সন্মুখীন হৈছে৷ সুস্থ হৈ উঠাৰ বাবে তেওঁক দুসপ্তাহৰ অধিক সময়ৰ প্ৰয়োজন হ’ব৷ বিছনাত ভৰিৰে খুন্দিওৱাৰ ফলত তেওঁ আঘাত পায়৷’ এপ্ৰিলৰ মাজ ভাগত মায়ংকক দলত লাভ কৰাৰ আশা কৰিছে লেংগাৰে৷ উল্লেখ্য, ইতিমধ্যেই বেগী বলাৰক লৈ সমস্যাৰ সন্মুখীন হৈছে লক্ষ্ণৌ৷ আঘাতৰ বাবে আই পি এলৰ পৰা বাহিৰ হৈছে ম’হচিন খান৷ আন দুই বেগী বলাৰ অৱেশ খান আৰু আকাশ দীপৰো আকাশৰ সমস্যা আছে৷ কিন্তু তেওঁলোকে আই পি এলত খেলিব পাৰিব বুলি আশাবাদী লেংগাৰ৷ লেংগাৰে কয়–‘ম’হচিনে খেলিব নোৱৰাটো দুখৰ খবৰ৷ কিন্তু অৱেশে সোনকালে ব’ৰ্ডৰ অনুমতি পাব৷ আকাশো ৯০ শতাংশ সুস্থ হৈ উঠিছে৷ সোনকালেই তেওঁক দলত পোৱা যাব৷’