Logo
image

ভাৰতীয় ফুটবল দলৰ সন্মুখত আজি বাংলাদেশ

শ্বিলং, ২৪ মাৰ্চঃ  ২০২৭ এ এফ চি এছিয়ান কাপ কোৱালিফায়িং ৰাউণ্ডৰ মেচত মঙলবাৰে বাংলাদেশৰ সন্মুখীন হ’ব ভাৰত৷ মেচখন অনুষ্ঠিত হ’ব শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত৷ এই মেচখনৰ প্ৰস্তুতি হিচাপে অংশ লোৱা প্ৰীতি ফুটবল মেচখনত ভাৰতে মালদ্বীপক ৩-০ গ’লত পৰাস্ত কৰিছিল৷ স্বাভাৱিকতেই মালদ্বীপৰ বিৰুদ্ধে প্ৰত্যয়জনক জয়ৰ পাছত ভাৰতীয় দলৰ আত্মবিশ্বাস উৎসাহজনক হৈ আছে৷ মালদ্বীপৰ বিৰুদ্ধে মেচখনত প্ৰশিক্ষক হিচাপে প্ৰথম জয়ৰ স্বাদ লাভ কৰিছিল মানোলো মাৰ্কুৱেজে৷ মেচখনত অৱসৰ অতিক্ৰমী ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছিল সুনীল চেত্ৰীৰ৷ বাংলাদেশ ভাৰতৰ বাবে পৰিচিত প্ৰতিপক্ষ৷ কিন্তু সহজ প্ৰতিপক্ষ নহয়৷ ফিফা ৰেংকিঙত  বৰ্তমান ভাৰতৰ স্থান ১২৬৷ বাংলাদেশৰ স্থান ১৮৫৷ ২০২১ ছাফ চেম্পিয়নশ্বিপত শেষবাৰৰ বাবে খেলা উভয় দলৰ মেচ ৰ-ৰত অমীমাংসিত হৈ ৰৈছিল৷ ভাৰতৰ হৈ গ’লটো দিছিল চেত্ৰীয়ে৷ ২০২২ ফিফা বিশ্বকাপ কোৱালিফায়িং মেচত ভাৰতে বাংলাদেশক ২-ঙ্মগ’লত পৰাস্ত কৰিছিল৷


দুয়োটা গ’লেই দিছিল চেত্ৰীয়ে৷ বাংলাদেশৰ হৈ মঙলবাৰে খেলপথাৰত নামিব ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবলাৰ হামজা চৌধুৰী৷ লেষ্টাৰ চিটীৰ পৰা ঋণত তেওঁ বৰ্তমান শ্বেফিল্ড ইউনাইটেডৰ হৈ খেলি আছে৷ হামজাৰ উপস্থিতিয়ে নি(য় বাংলাদেশ দলৰ শক্তি বৃদ্ধি কৰিব৷ অৱশ্যে ভাৰতীয় দলৰ প্ৰশিক্ষক মাৰ্কুৱেজ হামজাক লৈ চিন্তিত নহয়৷ তেওঁৰ মতে পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰিলে মঙলবাৰৰ মেচত ভাৰতে জয় অৰ্জন কৰিব৷ সোমবাৰে সংবাদ মেলত মাৰ্কুৱেজে কয়–‘ইংলিছ প্ৰিমিয়াৰ লীগত খেলি থকা হামজা নি(য় এজন ভাল খেলুৱৈ৷ এনে এজন ফুটবলাৰে জাতীয় দলৰ হৈ খেলাটো কেৱল বাংলাদেশৰ বাবেই নহয়, এছিয়ান ফুটবলৰ বাবেও ভাল খবৰ৷ কিন্তু সকলো দলক আমি একে ধৰণৰে গ্ৰহণ কৰোঁ৷ তেওঁলোকৰ শক্তি আৰু দুৰ্বলতা বিচাৰি লোৱা হয়৷ আমাৰ বিশ্বাস ভাল প্ৰদৰ্শন কৰিব পাৰিলে মঙলবাৰে আমাৰেই জয় হ’ব৷’