
প্ৰথম জয়ৰ লক্ষ্যৰে আজি কে কে আৰৰ সন্মুখত ৰাজস্থান ৰয়েলছ
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ মাৰ্চঃ গুৱাহাটীত এতিয়ালৈকে আই পি এলৰ তিনিখন খেল অনুষ্ঠিত হৈছে আৰু বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হ’ব চতুৰ্থখন খেল৷ গুৱাহাটীৰ ষ্টেডিয়ামখনক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা হ’ব যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ [কে কে আৰ]৷ দুয়োটা দলৰে চলিত ছীজনত এয়া হ’ব দ্বিতীয়খন খেল৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত এইবাৰৰ টুৰ্নমেণ্টখনৰ উদ্বোধনী খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত নাইট ৰাইডাৰ্ছ সাত উইকেটত পৰাস্ত হোৱাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ নিজৰ প্ৰথমখন খেলত পৰাস্ত হৈছিল ৪৪ ৰানত৷ উল্লেখ্য, নিয়মিত অধিনায়ক সঞ্জু ছেমছন আঘাতৰ পাছত দললৈ উভতি আহিলেও এইবাৰৰ ছীজনৰ প্ৰথম তিনিখন খেলত তেওঁৰ পৰিৱৰ্তে অসমৰ ৰিয়ান পৰাগক নেতৃত্বৰ দায়িত্ব দিয়া হৈছে৷ অৱশ্যে, ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে ৰিয়ানৰ প্ৰথমখন খেল একেবাৰে সন্তোষজনক নাছিল৷ ব্যক্তিগত প্ৰদৰ্শনৰ ফালৰ পৰাও ৰিয়ান সফল নাছিল৷ দুটা বলত মাত্ৰ চাৰি ৰানত তেওঁ পেভেলিয়নলৈ উভতিবলগীয়া হৈছিল৷ এইবাৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দলটোক নেতৃত্ব দিয়াৰ সুযোগ পালেও ক্ৰিকেটপ্ৰেমীৰ প্ৰত্যাশাৰ বোজা থাকিব ৰিয়ানৰ কান্ধত৷
কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে জয়ী হ’বলৈ হ’লে বেটিং, বলিং দুয়োটা দিশতে দলটোৱে প্ৰদৰ্শন উন্নত কৰিব লাগিব৷ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বেটিঙত সঞ্জু ছেমছনে ৩৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰি নিজৰ ফৰ্মৰ প্ৰমাণ দিছিল৷ ধ্ৰুৱ জুৰেল, ছিমৰন হেটমেয়াৰ আৰু শুভম ডুবেৰ পৰাও আহিছিল মূল্যবান বৰঙণি৷ কাইলৈৰ খেলখনতো তেওঁলোকৰ পৰা অনুৰূপ প্ৰদৰ্শন আশা কৰিব টীম মেনেজমেণ্টে৷ যদি বলিঙৰ কথা কোৱা হয়, তেন্তে প্ৰথমখন খেলত ৰাজস্থাৰ পেচ আক্ৰমণৰ মূল শক্তি জফ্ৰা আৰ্চাৰৰ লগতে ফজলহক ফাৰুকীৰ প্ৰদশজ্ঞ্ন আছিল নিৰাশাজনক৷ আৰ্চাৰে ৪ আভাৰত ৭৬ ৰান আৰু ফাৰুকীয়ে ৩ অভাৰত ৪৯ ৰান খৰচ কৰিছিল৷ দুয়োজন বলাৰ এটাও উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাছিল৷ মহীশ টিকছানাই দুটা উইকেট লাভ কৰিলেও তেওঁ খৰচ কৰিছিল ৫২ ৰান৷ গুৱাহাটীত নাইট ৰাইডাৰ্ছৰ এইখন হ’ব প্ৰথম খেল৷ ২০২৪ ছীজনৰ ১৯ মে’ত ৰাজস্থান আৰু নাইট ৰাইডাৰ্ছৰ মাজত হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল৷
ইপিনে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে সুনীল নাৰাইনৰ বাহিৰে কলকাতা নাইট ৰাইডাৰ্ছৰ কোনো এজন বলাৰ সফল হ’ব পৰা নাছিল৷ স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ নিষ্প্ৰভ প্ৰদৰ্শন টীম মেনেজমেণ্টৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ পিঠিৰ আঘাত উপশমৰ পাছত প্ৰত্যাৱৰ্তনৰ বাবে সাজু হোৱা হেনৰিচ নৰ্কিয়াক যদি কাইলৈৰ খেলখনৰ বাবে ফিট ঘোষণা কৰা হয়, তেন্তে স্পেনছাৰ জনছনৰ স্থানত তেওঁক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে৷ আক্ৰমণাত্মক বেটাৰ আন্দ্ৰে ৰাছেলৰ লগতে ৰিংকু সিং আৰু ৱেংকটেশ আয়াৰৰ পৰাও টীম মেনেজমেণ্টে ভাল প্ৰদৰ্শন আশা কৰিব৷