Logo
image

গৰম আহিছে ! বাচি থাকক সংক্ৰমণৰ পৰা

গৰমৰ দিনকেইটাত ভাইৰাছ আৰু বেক্টেৰিয়াৰ প্ৰকোপ বাঢ়ে৷ গৰমৰ দিন পৰিলেই ঠাণ্ডা পানী খোৱা, খাদ্য খোৱাত অনিয়ম হয় আৰু এইবিলাকৰ যোগেদিয়ে জীৱাণুৰ সংক্ৰমণ বৃদ্ধি পায়৷ শিশু আৰু বয়োজ্যেষ্ঠ লোকে পেটৰ সমস্যাত বেছিকৈ ভোগে৷ পেটৰ সমস্যাত জৰ্জৰিত অধিকাংশ মানুহেই গেছ, অম্ল, পেটৰ বিষ, ডায়েৰিয়া, পেট পকোৱা, পেটৰ গোলমাল, কোষ্ঠকাঠিন্য আদি ৰোগৰ সমস্যাত ভোগে৷ কেতিয়াবা খাদ্যৰ যোগেদি বা কেতিয়াবা খোৱাপানীৰ যোগেদি শৰীৰত আৰু খাদ্যনলীত জীৱাণু প্ৰৱেশ কৰি সংক্ৰমণ হয়৷ চিকিৎসকৰ মতে, ৰোটা ভাইৰাছ, নোৰো ভাইৰাছ পেট গোলমালৰ কাৰণে দায়ী৷ 

সুস্থ থাকিবলৈ কি কি কৰিব–

(১) গৰম দিনত ৰাস্তাৰ কাষত স’ততে পোৱা খোলাকৈ ৰখা কটা ফল, ভজা খাদ্য সামগ্ৰী, ঠাণ্ডা পানীয় আদি খোৱাৰ পৰা বিৰত থাকক৷

(২) খাদ্য তালিকাত ৰাখক সতেজ শাক-পাচলি, ফল-মূল৷ ফলৰ ভিতৰত ক’লা আঙুৰ, কমলা, নানাধৰণৰ বেৰী জাতীয় ফল৷ পালেং, ব্ৰুকলি আদি ভালকৈ ধুই লৈ ৰান্ধিব৷ 


(৩) ভাত-ৰুটি, মাছ-মাংস, কণী, গাখীৰ আদি খাদ্য খাব পাৰে৷ কিন্তু কম তেলত ৰান্ধি খাব লাগে৷

(৪) পুৱাই খালি পেটত কফি খোৱা অভ্যাস এৰাই চলিব লাগে৷

ব্লেক কফি অধিক খালেও পেটৰ সমস্যাই দেখা দিয়ে৷

(৫) গৰম দিনত মানুহে ডিহাইড্ৰেশ্বনত ভোগে৷ সেয়ে প্ৰয়োজন অনুসৰি পানী খাওক৷ খালী পেটত মেথি বা জিৰা তিওৱা পানী খালে পেট ঠাণ্ডা ৰাখে৷ কিন্তু ফুটপাথত মুকলিকৈ পোৱা চৰ্বত, লাচি, নেমুৰ পানী খোৱাৰ পৰা বিৰত থাকক৷

(৫) পেটৰ গোলমাল হ’লে ঘনে ঘনে বমি হ’ব পাৰে৷ এগিলাচ পানীত এচামুচ চেনি আৰু অকণমান নিমখ মিশ্ৰণ কৰি খাওক, লগতে চিকিৎসকৰ পৰামৰ্শ লওক৷