
ইংলেণ্ড ভ্ৰমণত নাথাকিব পাৰে ৰোহিত শৰ্মা
নতুন দিল্লী, ২৭ মাৰ্চঃ পাঁচখন টেষ্টৰ সূচী লৈ ভাৰতীয় ক্ৰিকেট দলে জুনত ইংলেণ্ড ভ্ৰমণ কৰাৰ কথা৷ পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত সেয়াই হ’ব ভাৰতৰ প্ৰথমটো টেষ্ট শৃংখলা৷ সেই শৃংখলাটোত দেখা যাব পাৰে টীম ইণ্ডিয়াৰ এজন নতুন অধিনায়কক৷ জানিব পৰা মতে, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত নেখেলিব পাৰে ৰোহিত শৰ্মাই৷ ৰোহিতে নিজেই ইংলেণ্ড ভ্ৰমণত আগ্ৰহ দেখুওৱা নাই৷ ৰোহিত শৰ্মা দলত নাথাকিলেও অৱশ্যে আনজন ছিনিয়ৰ ক্ৰিকেটাৰ বিৰাট কোহলি ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোত থাকিব পাৰে৷ ৰোহিত শৰ্মাৰ পাছত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব কাক দিয়া হ’ব–তাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে শনিবাৰে৷ সেইদিনাই গুৱাহাটীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব৷ দুৰ্বল ফৰ্মৰ বাবে অষ্টে˜লিয়াত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ অন্তিম টেষ্টত খেলা নাছিল ৰোহিত শৰ্মাই৷ ছিডনী টেষ্টত নেখেলাৰ সিদ্ধান্ত ল’লেও ৰোহিত শৰ্মাই জনাইছিল যে টেষ্ট ক্ৰিকেটৰ পৰা এতিয়াই অৱসৰ ঘোষণা কৰাৰ কথা ভবা নাই৷
শেহতীয়াভাৱে স্বাভাৱিক ফৰ্ম ধৰি ৰাখিব নোৱাৰা বাবে টেষ্ট ক্ৰিকেটৰ পৰা সাময়িকভাৱে আঁতৰি থকাৰ সিদ্ধান্ত লৈছে৷ দুমাহ পাছত হয়তো ফৰ্ম ঘূৰাই পাব৷ এই মন্তব্যৰ পাছতো ৰোহিত শৰ্মাই কিয় ইংলেণ্ডৰ বিৰুদ্ধে আসন্ন টেষ্ট শৃংখলাটোত খেলিব বিচৰা নাই, তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ ইংলেণ্ডৰ কঠিন পৰিৱেশত ফৰ্ম ঘূৰাই পোৱাটো কঠিন হ’ব পাৰে বুলি ভাবিয়েই ক্ৰিকেটাৰজনে এনে সিদ্ধান্ত লোৱা বুুলি ধাৰণা কৰা হৈছে৷ অষ্টে˜লিয়া ভ্ৰমণত প্ৰথম টেষ্টত শতকীয় ইনিংছ খেলিছিল কোহলিয়ে৷ তাৰ পাছত অৱশ্যে তেওঁৰ প্ৰদৰ্শন বিশেষ সন্তোষজনক নাছিল৷ তথাপি ইংলেণ্ড ভ্ৰমণত তেওঁ ভাৰতীয় দলত থকাৰ সম্ভাৱনা আছে৷ পাকিস্তান আৰু ইউনাইটেড আৰৱ এমীৰেটছত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত ভাত ফৰ্মত থকাৰ বাবেই তেওঁক ইংলেণ্ড ভ্ৰমণৰ বাবে দলত লোৱা হ’ব পাৰে৷