Logo
image

গুৱাহাটীত প্ৰথমবাৰ প্ৰযোজ্য হ’ল আই পি এলৰ নতুন নিয়ম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ মাৰ্চঃ  এইবাৰৰ আই পি এলত কেইবাটাও নিয়ম সলনি কৰা হৈছে৷ তেনেদৰে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে একাধিক নতুন নিয়ম৷ তাৰ ভিতৰত অন্যতম হৈছে  দ্বিতীয় ইনিংছত দুটা বলৰ ব্যৱহাৰ৷ প্ৰথমবাৰ সেই নিয়ম প্ৰযোজ্য হোৱা দেখা গ’ল বুধবাৰে গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত খেলখনত৷ খেলখনত যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে সকলো ধৰণৰ চেষ্টা চলাইছিল যদিও  সফল হ’ব নোৱাৰিলে৷


দিবা-নৈশ খেলবোৰত প্ৰায়েই দ্বিতীয় ইনিংছত নিয়ৰে ফিল্ডিং কৰা দলটোক সমস্যাত পেলোৱা দেখা যায়৷ বিশেষকৈ বল গ্ৰিপ কৰাত অসুবিধা হয় বলাৰৰ৷ সেইবাবে এইবাৰৰ পৰা দ্বিতীয় ইনিংছৰ একাদশ অভাৰৰ পাছত বল সলনি কৰাৰ নিয়ম কাৰ্যকৰী কৰা হৈছে৷ তাৰ বাবে অৱশ্যে ফিল্ডিং কৰা দলটোৰ অধিনায়কে আবেদন জনাব লাগিব৷ আম্পায়াৰে যদি বল সলনি কৰাৰ প্ৰয়োজনবোধ কৰে, তেতিয়াহে বল সলনি কৰিব পৰা যাব৷ যিমান অভাৰৰ পাছত বল সলনি কৰা হয়, বলটোও সিমান অভাৰ পুৰণি হ’ব লাগিব৷ এইবাৰৰ আই পি এলৰ প্ৰথম পাঁচখন খেলত সেই নিয়ম প্ৰযোজ্য কৰা হোৱা নাছিল এটা বলেৰেই দ্বিতীয় ইনিংছ খেলোৱা হৈছিল৷ কিন্তু বুধবাৰৰ খেলখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে বল সলনি কৰাৰ বাবে আবেদন জনাইছিল৷ আম্পায়াৰেও বল পৰীক্ষা কৰি সেই আবেদন মানি লৈছিল৷ কলকাতা নাইট ৰাইডাৰ্ছৰ ইনিংছৰ ১৬ অভাৰৰ সমাপ্তিৰ পাছত বল সলনি কৰা হৈছিল৷ যিটো উদ্দেশ্যত ৰিয়ানে বল সলনি কৰাৰ সিদ্ধান্ত লৈছিল, তাত তেওঁ সফল হ’ব নোৱাৰিলে৷ কলকাতা নাইট ৰাইডাৰ্ছে খেলখনত অনায়াসে ১৫২ ৰানৰ জয়ৰ লক্ষ্য অতিক্ৰম কৰিছিল৷