Logo
image

অসম উডবল দলৰ সাফল্য

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ মাৰ্চঃ  ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ  নাগপুৰত অনুষ্ঠিত হোৱা  পুৰুষৰ ৰাষ্ট্ৰীয় উডবল প্ৰতিযোগিতাৰ ষ্ট্ৰোক গ্ৰুপ শাখাত  অসম উডবল দলটোৱে দ্বিতীয় ৰানাৰ-আপ, মহিলাৰ ষ্ট্ৰোক শাখাৰ ডাবলছত ৰূপৰ পদক, ষ্ট্ৰোক শাখাৰ মিস্কড্‌ ডাবলছত ব্ৰঞ্জ, মহিলা আৰু পুৰুষৰ ছিংগলছ ফেয়াৰবে শাখাত ক্ৰমে ৰূপ আৰু ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ ২৮খন ৰাজ্যৰ প্ৰায় ৬০০ খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশ লৈছিল৷ 


দলটোৰ খেলুৱৈ সকলৰ নাম হৈছে ক্ৰমে পুৰুষ দলৰ ষ্ট্ৰোক শাখাত দ্বিতীয় ৰানাৰ-আপৰ ট্ৰফীৰ বিজয়ীসকল প্ৰাণপ্ৰতীম চলিহা, অবিনাশ দাস, জিগ্লাছ নাথ, শংকুমনি বেজবৰুৱা, ৰিচাৰ্ড কলিতা, জিতুপন দাস, মহিলাৰ ষ্ট্ৰোক ডাবলছত ৰূপৰ পদক লাভ কৰা শেৱালি ব্ৰহ্ম, জ্যোতিষমা বৰুৱা৷ মিক্সড্‌ ডাবলছ ষ্ট্ৰোক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা শংকুমনি বেজবৰুৱা, নিলোফা ৰহমান৷  মহিলাৰ ফেয়াৰবে’ ছিংগলছত ৰূপৰ পদক লাভ কপা জোনমণি দাস, পুৰুষৰ ফেয়াৰবে ছিংগলছত ব্ৰঞ্জ পদক লাভ কৰা প্ৰাণপ্ৰতীম চলিহা৷