
মহ খেদা তৰলৰ ৰিফিল মেচিন কিমান সময় জ্বলাব
মহৰ পৰা ৰেহাই পাবলৈ আজি-কালি প্ৰায়বোৰ ঘৰতে তৰলৰ ৰিফিল মেচিন ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ফলত কিছুসময়ৰ বাবে মহৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ কিন্তু আপুনি জানেনে মহ খেদিবলৈ ব্যৱহাৰ কৰা এই যন্ত্ৰই স্বাস্থ্যৰ কিমান ক্ষতি কৰে? এইক্ষেত্ৰত জানি থোৱা ভাল যে ৰিফিল মেচিনত ব্যৱহাৰ কৰা তৰলবিধে মানুহৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়৷ বিশেষকৈ ৰিফিল মেচিন দীৰ্ঘসময় ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ আশংকা থাকে৷ মহ খেদিবলৈ ৰিফিল মেচিনত ব্যৱহাৰ কৰা তৰল প্ৰস্তুত কৰা হয় কেতবোৰ ৰাসায়নিকৰ জৰিয়তে৷ উল্লেখ কৰা হ’ল এই তৰলবিধ প্ৰস্তুত কৰোতে কি কি ৰাসায়নিক ব্যৱহাৰ হয়–
(১) পাইৰেথ্ৰয়েডঃ এইবিধ এবিধ কৃত্ৰিম কীটনাশক৷ এই উপাদানে পোক-পৰুৱাৰ স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে৷ ফলত মহ মুহূৰ্ততে নাইকিয়া হয়৷
(২) ছলভেন্টছঃ কীটনাশক সমানভাৱে বিয়পাই দিয়াৰ ক্ষেত্ৰত ছলভেণ্টছ নামৰ দ্ৰব্যবিধে সহায় কৰে৷ কিন্তু এনেবোৰ দ্ৰব্যই স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ উল্লেখ কৰা হ’ল মহ খেদিবলৈ প্ৰস্তুত কৰা তৰল বা ৰাসায়নিকত মিশ্ৰিত উপাদানসমূহে স্বাস্থ্যত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে–
(১) শ্বাসকষ্টঃ মহ বা অন্যান্য কীট-পতংগৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা তৰল ৰাসায়নিকৰ সংস্পৰ্শলৈ আহিলে শ্বাসকষ্টৰ সমস্যা হোৱাৰ আশংকা থাকে৷ বিশেষকৈ যিসকলৰ হাপানিৰ সমস্যা আছে তেওঁলোক এইক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত৷
(২) ছাল আৰু চকু জ্বলা-পোৰাঃ মহ খেদিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিকৰ পোনপটীয়া সংস্পৰ্শলৈ আহিলে ছাল জ্বলা-পোৰা, খজুৱতি হোৱাৰ আশংকা থাকে৷ তদুপৰি দীৰ্ঘসময় বৈদ্যুতিক ৰিফিলৰ সংস্পৰ্শত থাকিলে মূৰৰ বিষ, মূৰ আচন্দ্ৰাই কৰা আৰু ভাগৰ লগা সমস্যা হয়৷
(৩) এণ্ডোক্ৰাইম ছিষ্টেমত প্ৰভাৱঃ কিছুমান কীটনাশকে হৰমনৰ ভাৰসাম্যতাৰ সৃষ্টি কৰে৷ ফলত শৰীৰৰ স্বাভাৱিক কাৰ্যকাৰিতা ব্যাহত হয়৷
এনেক্ষেত্ৰত মহ খেদিবলৈ বৈদ্যুতিক ৰিফিল মেচিন ব্যৱহাৰ কৰাৰ সময়ত কেতবোৰ সাৱধানতা অৱলম্বন কৰা উচিত৷ যেনে এই মেচিন ব্যৱহাৰ কৰাৰ সময়ত ঘৰৰ দুৱাৰ-খিৰিকি খুলি ৰাখিব, যাতে সতেজ বতাহ প্ৰৱেশ কৰিব পাৰে৷ তদুপৰি ৰিফিল মেচিন দীৰ্ঘসময়ৰ সলনি নিৰ্দিষ্ট সময়ৰ বাবেহে ব্যৱহাৰ কৰক৷ শুবলৈ যোৱাৰ দুই-তিনিঘণ্টা পূৰ্বে এই মেচিন ব্যৱহাৰ কৰাটো ভাল৷ শোৱাৰ সময়ত মেচিন অফ কৰিবলৈ নাপাহৰিব৷ দিনে-নিশাই ৰিফিল মেচিন ব্যৱহাৰ নকৰাই শ্ৰেয়৷ শিশু বা পোহনীয়া জীৱ-জন্তু যাতে ৰিফিল মেচিনৰ সংস্পৰ্শলৈ নাহে সেয়া নিশ্চিত কৰিব৷