Logo
image

কেন্দ্ৰীয় চুক্তিত প্ৰত্যাৱৰ্তন ঘটিব পাৰে শ্ৰেয়স, ঈশান কিষাণৰ

নতুন দিল্লী, ২৮ মাৰ্চঃ  ২০২৩-২৪ ছীজনত শাস্তিমূলক ব্যৱস্থা হিচাপে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছিল শ্ৰেয়স আয়াৰ আৰু ঈশান কিষাণক৷ কাইলৈ গুৱাহাটীত  হ’বলগীয়া বি চি চি আইৰ গুৰুত্বপূৰ্ণ সভাত এই সন্দৰ্ভত আলোচনা হ’ব পাৰে৷ পাকিস্তান আৰু ইউনাইটেড এমীৰেটছত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীত উজ্জ্বীৱিত প্ৰদৰ্শনৰ পাছত নতুন ছীজনৰ বাবে ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিত আয়াৰক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাক লৈ যথেষ্ট চৰ্চা চলিছে৷ আনহাতে, ঈশান কিষাণে চলিত আই পি এলত নিজৰ প্ৰথমখন খেলত খেলা ১০৬ ৰানৰ ইনিংছটোৰ পাছত তেওঁৰো সম্ভাৱনা বৃদ্ধি পাইছে৷


বি চি চি আইৰ সূত্ৰই জনোৱা মতে, নতুন কেন্দ্ৰীয় চুক্তিত আয়াৰক অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত হৈছে৷ আনহাতে, ঈশান কিষাণৰ বিষয়টোত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ জানিব পৰা মতে, ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলি আৰু যশপ্ৰীত বুমৰাক চুক্তিৰ ‘এ’ প্লাছ গ্ৰেডত ৰখাটো প্ৰায় নিশ্চিত৷ আনহাতে, অভিষেক শৰ্মা, নীতীশ ৰেড্ডী আৰু বৰুণ চক্ৰৱৰ্তীয়ে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চুক্তিত স্থান পোৱাৰ সম্ভাৱনা আছে৷