
আৰচিবিৰ দ্বিতীয় জয়
চেন্নাই, ২৮ মাৰ্চঃ নিজৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক চাৰি উইকেটত পৰাস্ত কৰিলেও দ্বিতীয়খন খেলত সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব নোৱাৰিলে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে৷ আই পি এলৰ অষ্টাদশ ছীজনত শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ [আৰ চি বি] হাতত দলটো পৰাস্ত হয় ৫০ ৰানত৷ আনহাতে, দ্বিতীয় জয়ৰ সোৱাদ লাভ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে৷ খেলখনত চেন্নাই ছুপাৰ কিংছক জয়ৰ বাবে প্ৰয়োজন আছিল ১৯৭ ৰান৷ কিন্তু ২০ অভাৰত দলটোৱে জ্জ্বটা উইকেটত ১৪৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ অ’পেনাৰ ৰাচীন ৰবীন্দ্ৰই ৩১টা বলত পাঁচটা ‘চাৰি’ৰে ৪১ ৰান সংগ্ৰহ কৰিলেও শীৰ্ষক্ৰমৰ আন বেটাৰসকলৰ প্ৰদৰ্শন আছিল নিৰাশাজনক৷ ১৬টা বলত দুটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে মহেন্দ্ৰ সিং ধোনি ৩০ ৰানত অপৰাজিত থাকে যদিও তেওঁৰ সেই প্ৰয়াস অথলে যায়৷ ৰবীন্দ্ৰ জাদেজাই ১৯টা বলত এটা ‘ছয়’, দুটা ‘চাৰি’ৰে ২৫ ৰান সংগ্ৰহ কৰে৷ ৰয়েল চেলেঞ্জাৰ্ছৰ জোছ হেজেলউডে ৩১ ৰানত তিনিটা, যশ দয়ালে ১৮ ৰানত দুটা, লিয়াম লিভিংষ্টোনে ২৮ ৰানত দুটা আৰু ভুৱনেশ্বৰ কুমাৰে এটা উইকেট লাভ কৰে৷
প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছৰ অ’পেনাৰদ্বয় ফিল ছল্টে আৰু বিৰাট কোহলিয়ে পাঁচ অভাৰত প্ৰথম উইকেটত যোগ দিছিল ৪৫ ৰান৷ তাৰ পাছত অধিনায়ক ৰজত পাটিদাৰৰ অৰ্ধশতক আৰু টীম ডেভিডৰ আক্ৰমণাত্মক বেটিঙৰ সহায়ত ২০ অভাৰত দলটোৱে সাত উইকেটত সংগ্ৰহ কৰিছিল ১৯৬ ৰান৷ তিনিবাৰকৈ লাভ কৰা জীৱনদানৰ সুযোগ লৈ পাটিদাৰে ৩২টা বলত তিনিটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ইনিংছৰ শেষৰফালে মাত্ৰ আঠটা বলত তিনিটা ‘ছয়’, এটা ‘চাৰি’ৰে ২২ ৰানত অপৰাজিত থাকে ডেভিড৷ ফিল ছল্টে ১৬টা বলত এটা ‘ছয়’, পাঁচটা ‘চাৰি’ৰে ৩২ আৰু কোহলিয়ে ৩০টা বলত এটা ‘ছয়’, দুটা ‘চাৰি’ৰে ৩১ ৰান সংগ্ৰহ কৰে৷ চেন্নাই ছুপাৰ কিংছৰ নুৰ আহমেদে ৩৬ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে মাথিছা পাথিৰানাই ৩৬ ৰানত দুটা আৰু খলীল আহমেদ, ৰবিচন্দ্ৰন অশ্বিনে এটাকৈ উইকেট লাভ কৰে৷