Logo
image

ফেডাৰাৰৰ ৰেকৰ্ড ভংগ জক’ভিচৰ

মায়ামি গাৰ্ডেনছ, ২৮ মাৰ্চঃ  মায়ামি অ’পেন টেনিছত অভিলেখ গঢ়িলে নোভাক জক’ভিচে৷ সবাতোকৈ বয়স্ক খেলুৱৈ হিচাপে কোনো এটিপি মাষ্টাৰ্ছ ১০০০ টুৰ্নামেণ্টৰ ছেমিফাইলেত উপনীত হৈছে তেওঁ৷ এইক্ষেত্ৰত জক’ভিচে অতিক্ৰমী যায় ছুইজাৰলেণ্ডৰ ৰ’জাৰ ফেডাৰাৰক৷


২০১৯ চনত ৩৭ বছৰ বয়সত  ইণ্ডিয়ান ৱেলছ আৰু মায়ামি অ’পেন টেনিছৰ ছেমিফাইনেল খেলিছিল ফেডাৰাৰে৷ ৩৭   বছৰ আৰু ১০ মাহ বয়সত জক’ভিচ মায়ামি অ’পেনৰ ছেমিফাইনেলত উপনীত হৈছে৷ বৃহস্পতিবাৰৰ নিশা  কোৱাৰ্টাৰ ফাইনেলত ছেবাষ্টিয়ান কৰ্ডাক ৬-৩, জ্জ-৬ ছেটত পৰাস্ত কৰাৰ পাছত আনন্দত চিঞৰি উঠিছিল৷ দৰ্শকৰ গেলাৰীত থকা প্ৰশিক্ষক এণ্ডি মাৰেয়েও আবেগ লুকুৱাব পৰা নাছিল৷ শততম এটিপি খিতাপ জয়ৰ বাবে জক’ভিচক প্ৰয়োজন আৰু দুখন খেলত জয়৷