Logo
image

হঠাৎ আচন্দ্ৰাই কৰিলে কি কৰিব

 বহাৰ পৰা বা শোৱা অৱস্থাৰ পৰা হঠাৎ উঠিলে আচন্দ্ৰাই কৰাৰ দৰে সমস্যাত বহুতে ভোগে৷ কেতিয়াবা চকুৰেও ধুঁৱলি-কুঁৱলি দেখে৷ এনে সমস্যা মাত্ৰ কেইছেকেণ্ডমানৰ কাৰণেহে থাকে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এনে সমস্যাৰ  অৱহেলা কৰাটো ঠিক নহয়৷ কাৰণ ইয়াৰ পৰাই ভৱিষ্যতে ডাঙৰ বিপদ আহিব পাৰে৷ 

(১) আচন্দ্ৰাই কৰা সমস্যাৰ সৈতে নাৰ্ভ বা স্নায়ুৰ সম্পৰ্ক আছে৷ বহুতৰ ক্ষেত্ৰত দেখা যায় যে স্নায়ুৰ সমস্যাৰ কাৰণে হঠাৎ শোৱা অৱস্থাৰ পৰা বা বহাৰ পৰা উঠিলে আচন্দ্ৰাই কৰে৷ কেইছেকেণ্ডমানৰ কাৰণে  অন্ধকাৰ দেখে৷ 

(২) কিছুমানৰ ক্ষেত্ৰত ৰক্তচাপৰ কাৰণেও এনে সমস্যা হয়৷ ৰক্তচাপ কম থাকিলে কেতিয়াবা হঠাতে থিয় হ’লে মূৰত সঠিক মাত্ৰাত ৰক্ত সঞ্চালন নহয়৷ ফলত আচন্দ্ৰাই কৰা সমস্যা আৰম্ভ হয়৷ এই সমস্যা থাকিলে ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ লওক৷ 


(৩) বিশেষজ্ঞসকলৰ মতে যিসকলৰ হঠাৎ বহাৰ পৰা উঠিলে বা শোৱা অৱস্থাৰ পৰা উঠিলে আচন্দ্ৰাই কৰে সেইসকলৰ ভৱিষ্যতে ডিমেনচিয়া হোৱাৰ আশংকা থাকে৷ অৰ্থাৎ সকলো কথা পাহৰি যোৱাৰ অসুখ হ’ব পাৰে ৰোগীজনৰ৷

(৪) তদুপৰি মূৰৰ নানান ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ’ব পাৰে৷ হূদযন্ত্ৰ বিকল হোৱাৰ সমস্যায়েও দেখা দিব পাৰে৷ যদি এই লক্ষণ থাকে তেনেহ’লে অবিলম্বে চিকিৎসকৰ ওচৰ চাপক৷