
গুৱাহাটীত চেন্নাইৰ সন্মুখত আজি ৰিয়ানৰ কঠিন পৰীক্ষা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ২৯ মাৰ্চঃ আই পি এলৰ চলিত ছীজনত এতিয়ালৈকে নিজৰ দুয়োখন মেচতে পৰাস্ত হৈছে ৰাজস্থান ৰয়েলছ৷ দলটো দেওবাৰে গুৱাহাটীত সন্মুখীন হ’ব পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ [চি এছ কে]৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে দেওবাৰে তৃতীয়খন খেলত অৱতীৰ্ণ হ’ব অসম সন্তান ৰিয়ান পৰাগ৷ তেওঁৰ বাবেও এই খেলখন হ’ব কঠিন পৰীক্ষা৷ চিনাকি উইকেটত ঘৰুৱা দৰ্শকৰ সন্মুখত দলক জয়ত নেতৃত্ব দিয়াৰ বাবে দেওবাৰে নি(য় চেষ্টাৰ কোনো প্ৰয়াস বাদ নিদিব ৰিয়ানে৷ চি এছ কে শুকুৰবাৰৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৫০ৰানত পৰাস্ত হৈছে৷ আৰ চি বিৰ বিৰুদ্ধে খেলখনত চি এছ কেৰ সন্মুখত লক্ষ্য আছিল ১৯৭ ৰানৰ৷ কিন্তু দলটোৱে নিৰ্ধাৰিত অভাৰত আঠটা উইকেট হেৰুৱাই ১৪৬ ৰানহে কৰিবলৈ সক্ষম হয়৷ ছীজনত দলটোৰ এয়া প্ৰথম পৰাজয়৷ গুৱাহাটীত দলটোৱে সেই ব্যৰ্থতা অতিক্ৰমৰ পূৰ্ণ প্ৰয়াস চলাব৷ শুকুৰবাৰৰ খেলখনত চেন্নাইৰ তাৰকা মহেন্দ্ৰ সিং ধোনি বেটিং ক্ৰমৰ ৯ নম্বৰত ক্ৰীজলৈ আহি ১৬টা বলত ৩০ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল৷ কিন্তু তেওঁৰ সেই প্ৰয়াস জয়ৰ বাবে যথেষ্ট নহ’ল৷
দেওবাৰে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বলিং বিভাগ চেন্নাই ছুপাৰ কিংছৰ বাবে চিন্তাৰ কাৰণ নহ’ব বুলি ভবা হৈছে৷ চেন্নাইৰ বলিং বিভাগো এই বছৰ আশা কৰা দৰে শক্তিশালী নহয়৷ মাথীশা পাথিৰানা আৰু নুৰ আহমেদে সুন্দৰ প্ৰদৰ্শন কৰিছে৷ কিন্তু ভাৰতীয় বলাৰ প্ৰদৰ্শন আশানুৰূপ হোৱা নাই৷ ৰাজস্থান ৰয়েলছৰ বেটিং লাইন আপত আছে সঞ্জু ছেমছন, ৰিয়ান পৰাগ, শুভম ডুবে, নীতীশ ৰানা, ধ্ৰুৱ জুৰেলৰ দৰে খেলুৱৈ৷ চেন্নাইৰ ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদিয়ে এওঁলোকৰ বিৰুদ্ধে নিজৰ অভিজ্ঞতাৰ সমাহাৰ ঘটাব লাগিব৷ জোছ বাটলাৰৰ দৰে বিদেশী তাৰকা এইবাৰ ৰাজস্থান ৰয়েলছত নাই৷ তুষাৰ দেশপাণ্ডে আৰু সন্দীপ শৰ্মাৰ দৰে ভাৰতীয় বলাৰে প্ৰত্যয়জনক প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই৷ কিন্তু ৰাজস্থান ৰয়েলছৰ বাবে গুৱাহাটী ঘৰুৱা খেলপথাৰ৷ চি এছ কে-আৰ আৰৰ খেলৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ চৰম পৰ্যায়ত৷ দুখন খেলত পৰাস্ত হোৱাৰ পাছত চাপত আছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছ৷ সেই চাপ অতিক্ৰমী দেওবাৰে ৰিয়ান পৰাগে দলক কেনেদৰে নেতৃত্ব দিব সেয়া লক্ষ্যণীয় হ’ব৷