
ওজন কমাবলৈ কোন সময়ত খোজকঢ়া উচিত
প্ৰায় ভাগৰে ধাৰণা যে নিচেই পুৱা খোজকাঢ়িলে ওজন কমে৷ সেয়ে বহুতে শৰীৰ চৰ্চা নকৰি প্ৰাতঃভ্ৰমণ কৰিবলৈ লয়৷ কিন্তু প্ৰাতভ্ৰমণ কৰিলেই ওজন কমেনে? প্ৰকৃততে খোজকাঢ়িলে শৰীৰটোৰ ব্যায়াম হয় ঠিকেই, কিন্তু খোজকঢ়াৰো নিৰ্দিষ্ট সময় আৰু নিয়ম আছে৷ এই নিয়ম পালন কৰিলেই দেহৰ অতিৰিক্ত ওজন সহজতে হ্ৰাস কৰিব পৰা যায়৷
(১) খোজকাঢ়িলে শৰীৰ সুস্থ থাকে৷ তদুপৰি নিজকে ফিট ৰাখিবলৈ চিকিৎসকসকলে নিতৌ খোজকঢ়াৰ পৰামৰ্শ দিয়ে৷ নিচেই পুৱা উঠি খোজকাঢ়িলে দহমন ভালে থাকে৷ তদুপৰি প্ৰকৃতিৰ সান্নিধ্যত কিছুসময় খোজ কাঢ়িলে মানসিক চাপ বহুখিনি হ্ৰাস পায়৷ কিন্তু অতিৰিক্ত ওজন কমাবলৈ নিচেই পুৱা খোজকাঢ়িব লাগিবই বুলি কোনো কথা নাই৷ ইয়াৰ বিপৰীতে নিৰ্দিষ্ট সময় আৰু নিয়ম মানি খোজকাঢ়ক৷ তেতিয়াহে ফল পাব৷
(২) বিশেষজ্ঞসকলৰ মতে, দুপৰীয়াই হওঁক বা ৰাতিয়েই হওঁক কিবা এটা খাই উঠি দহ মিনিট খোজ কাঢ়িলে যি উপকাৰ পাব সেয়া নিচেই পুৱা খোজকঢ়া বা প্ৰাতঃভ্ৰমণ কৰি লাভ কৰা উপকাৰতকৈ বহু বেছি৷ সেয়ে ওজন কমাবলৈ হ’লে খোৱাৰ পাছত খোজকঢ়াটোৱেই শ্ৰেয়৷
(৩) একাংশৰ ধাৰণা যে ওজন কমাবলৈ হ’লে অন্ততঃ দহ হাজাৰটা খোজকঢ়া উচিত৷ পিছে স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দহ হাজাৰ খোজকাঢ়িব লাগিব বুলি কোনো কথা নাই৷ কিবা এটা খোৱাৰ পাছত দহৰ পৰা পোন্ধৰমিনিট খোজ কাঢ়ক৷ এই অভ্যাসৰ ফলত হজম শক্তি বৃদ্ধি হয় আৰু শৰীৰত মেদ জমা নহয়৷ তদুপৰি তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হৈ থাকে৷
(৪) অৱশ্যেখোৱাৰ পিছত খোজকঢ়াৰো কিছুমান নিয়ম আছে৷ কিছুমানে খাই উঠিয়েই পোন্ধৰৰ পৰা ত্ৰিশমিনিট সময় বেগাবেগীকৈ খোজ কাঢ়ে৷ বহুতে আকৌ বেছিকৈ খাই খোজাকাঢ়িবলৈ যায়৷ এনেকুৱা হ’লে দেহত অস্বস্তি অনুভৱ হয় আৰু পেটে কষ্ট পায়৷ এনেক্ষেত্ৰত একেৰাহে পাঁচমিনিট খোজকাঢ়ি অলপ বিৰতি লওঁক৷ ইয়াৰ পাছত অকণমান পানী খাওক৷ এইবাৰ আকৌ খোজ কাঢ়ক৷ এনেদৰে খোজকাঢ়িলে শৰীৰ সুস্থ থাকে, মানসিক চাপ কমে আৰু অতিৰিক্ত ওজন সহজে হ্ৰাস পায়৷