Logo
image

ৰিয়ানৰ নেতৃত্বত জয় ৰাজস্থান ৰয়েলছৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ৩০  মাৰ্চঃ  অধিনায়ক হিচাপে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’লেও দেওবাৰে ঘৰুৱা দৰ্শকক নিৰাশ নকৰিলে ৰিয়ান পৰাগে৷ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰোমাঞ্চকৰ জয় অৰ্জন কৰিলে ৰাজস্থান ৰয়েলছে৷ ছীজনৰ প্ৰথম তিনিখন মেচত দলক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল ৰিয়ানে৷ প্ৰথম দুখন মেচত সন্মুখীন হোৱা পৰাজয়ৰ পাছত তেওঁ সমালোচনাৰো সন্মুখীন হৈছিল৷ কিন্তু দেওবাৰে ঘৰুৱা দৰ্শকৰ সন্মুখত সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিলে ৰিয়ানে৷ দেওবাৰৰ খেলখনত চেন্নাই ছুপাৰ কিংছৰ সন্মুখত লক্ষ্য আছিল ১৮৩ ৰানৰ৷ কিন্তু দলটোৱে নিৰ্ধাৰিত অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৭৬ ৰান হে কৰিবলৈ সক্ষম হয়৷ চেন্নাইৰ হৈ সৰ্বাধিক ৬৩ ৰানৰ ইনিংছ খেলে অধিনায়ক ঋতুৰাজ গাইকোৱাড়ে৷ তেওঁৰ ৪৪টা বলৰ ইনিংছত আছিল সাতটা চাৰি আৰু এটা ছয়৷ ৩২ ৰান কৰি অপৰাজিত হৈ ৰই ৰবীন্দ্ৰ জাদেজা৷ এম এছ ধোনিয়ে কৰে ১৬ ৰান৷ 


 ইয়াৰ আগেয়ে প্ৰথমে বেট ধৰি নীতীশ ৰানাৰ [৮১] অৰ্ধশতকৰ লগতে অধিনায়ক ৰিয়ান পৰাগৰ মূল্যৱান ৩৭ ৰানৰ সহায়ত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত জ্ঝটা উইকেট হেৰুৱাই ১৮২ ৰান সংগ্ৰহ কৰিছিল৷ ইনিংছ মুকলি কৰি যশস্বী জয়ছোৱাল [চ্ছ্ৰ] আৰু সঞ্জু ছেমছনে [২০] সোনকালে বিদায় ল’লেও গুৱাহাটীৰ উইকেটত খোপনি পুতি নীতীশ ৰানাই দলক এক সন্তোষজনক স্থিতি দিবলৈ সক্ষম হয়৷ তেওঁৰ ৩৬ বলৰ ইনিংছটোত আছিল ১০টা চাৰি আৰু পাঁচটা ছয়৷ ঘৰুৱা দৰ্শকৰ সন্মুখত ৰিয়ানে তেওঁৰ ২৮ টা বলৰ ইনিংছটোত  দুটা চাৰি আৰু দুটা ছয়৷ তেওঁ মাথীছা পাথিৰানাৰ বলত ব’ল্ড হৈ ক্ৰীজ এৰে৷ ছিমৰন হেটমেয়াৰে ১৬টা বলত ১৯ ৰানৰ অবদান আগবঢ়ায়৷ ৰিয়ানে দেওবাৰে শিৱম ডুবেৰ কেচ আয়ত্ত কৰি দৰ্শনীয় প্ৰদৰ্শন কৰে৷ চেন্নাই ছুপাৰ কিংছৰ হৈ খলিল আহমেদ, নুৰ আহমেদ আৰু মাথীছা পাথিৰানাই দুটাকৈ উইকেট লাভ কৰে৷ আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট পায়৷