Logo
image

অসমৰ অভিনেত্ৰীক অশ্লীল প্ৰস্তাৱ দি শলঠেকত টলীউডৰ অভিনেতা বিনায়ক

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ জলীউডৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰীক হোৱাটছএপযোগে অশ্লীল প্ৰস্তাৱ দি শলঠেকত পৰিছে টলীউডৰ এজন স্বল্পখ্যাত অভিনেতা৷ মিছন ছাইনা, চুমা পৰশতে, ক্ৰোধ আদি অসমীয়া ছবিৰ অভিনেত্ৰী  দেৱাস্মিতা বেনাৰ্জীক টালিগঞ্জৰ বাংলা ছবিৰ অভিনেতা বিবেক ত্ৰিৱেদী ওৰফে বিনায়কে ফোনযোগে অশ্লীল প্ৰস্তাৱ দিয়ে৷ অভিনেত্ৰীগৰাকীয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত হোৱাটছএপ মেচেঞ্জাৰত অশ্লীল মেছেজ দিয়ে৷ দেৱাস্মিতাই অভিনেতাজনৰ কু-কীৰ্তি ফাদিল কৰি ফেচবুক লাইভযোগে দিছপুৰ আৰু কলকাতা আৰক্ষীক বিনায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনায়৷ কেইবাখনো ভোজপুৰী আৰু বাংলা ছবিতো অভিনয় কৰা দেৱাস্মিতাৰ অভিযোগ গুৰুত্বসহকাৰে লৈছে কলকাতা আৰক্ষীয়ে৷ লম্পট চৰিত্ৰৰ বিনায়কে অভিনেত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা কল ৰেকৰ্ডিং আৰু হোৱাটছএপৰ স্ক্ৰীনশ্বৰ্টো জমা দিছে কলকাতা আৰক্ষীক৷ বিনায়কক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে অসমৰ শিল্পী সমাজে৷