
বিকালী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ পালন
'আমাৰ অসম'ৰ ধূপধৰাৰ প্ৰতিবেদকঃ গোৱালপাৰা জিলাৰ পূব প্ৰান্তত অৱস্থিত ধূপধৰাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিকালী মহাবিদ্যালয়ৰ 'বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ'ৰ সামৰণি অনুষ্ঠান। উল্লেখ্য যে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিগত ৩ এপ্ৰিলৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাৰ্ষিক সপ্তাহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৩ এপ্ৰিলত ছাত্ৰ-ছাত্ৰী সকলে উলিওৱা এক আকৰ্ষণীয় শোভাযাত্ৰাই সকলোকে মোহিত কৰে। লগতে উক্ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ভূপতি দাসে।
শোভাযাত্ৰাৰ অন্তত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানত গীত পৰিৱেশন কৰে। ৭ এপ্ৰিলৰ দিনৰ ১ বজাত অনুষ্ঠিত বঁটা বিতৰণী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জিণ্টু দাস। লগতে আমন্ত্ৰিত কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানৰ উপৰি নৃত্য শিল্পীয়ে দলীয়, একক নৃত্যৰে অনুষ্ঠানটো জীপাল কৰি তোলে।