Logo
image

বজাৰত বহিঃৰাজ্যৰ আমদানিকৃত গামোচা! প্ৰত্যাহ্বানৰ সন্মুখীন থলুৱা শিপিনী

'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদক, ৮ এপ্ৰিলঃ নঙলা মুখত হেঁপাহৰ ৰঙালী বিহু। চৌদিশে ঢোল-পেঁপাৰ গুমগুমনি। গামোচা, জাপিৰে ভৰি পৰিছে বজাৰ। সমাদৰ বাঢ়িছে  বিহুৱান অথবা হাতে বোৱা গামোচাৰ। কিন্তু বহিঃৰাজ্যৰ আমদানিকৃত গামোচাৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। চুকে-কোণে উভৈনদী হৈ পৰিছে বহিঃৰাজ্যৰ যন্ত্ৰ চালিত শালত উৎপাদিত গামোচা।


ৰাজ্যৰ থলুৱা শিপিনীলৈ বহিঃৰাজ্যৰ আমদানিকৃত গামোচাই একপ্ৰকাৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। অসমীয়া শিপিনীৰ তাঁতশালত হাতে বোৱা গামোচা বজাৰ পোৱাৰ আগতে উপলব্ধ হৈছে বাহিৰাগত বণিক গোষ্ঠীৰ এই গামোচা। থলুৱা শিপিনীৰ তাঁতশালত হাতে বোৱা গামোচাতকৈ ইয়াৰ মূল্য যথেষ্ট কম। যাৰ বাবে বহিঃৰাজ্যৰ যন্ত্ৰ চালিত শালত উৎপাদিত গামোচাই বিহুৰ সময়ত বজাৰ দখল কৰিছে। তৎসত্বেও কিন্তু অসমীয়া শিপিনীৰ তাঁতশালৰ গামোচাৰ আদৰ কমা নাই। পূৰ্বৰ তুলনাত এইবেলি হাতে বোৱা তাঁতশালৰ গামোচাৰ সংখ্যা বৃদ্ধি পাইছে বিপনী সমূহত। মাঁথো অধিক মুনাফা লাভৰ স্বাৰ্থত একাংশ ব্যৱসায়ীয়ে বাধাহীন ভাৱে বিক্ৰী কৰি আহিছে বহিঃৰাজ্যৰ যন্ত্ৰ চালিত শালৰ আমদানিকৃত গামোচা। 


বিশেষকৈ চেন্নাই, উত্তৰ প্ৰদেশ,পশ্চিম বংগৰ পৰা অসমৰ বজাৰলৈ আহিছে এই সমূহ গামোচা। গুৱাহাটী মহানগৰৰ উপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ বিপনীত সহজলভ্য হৈ পৰিছে আমদানিকৃত গামোচা। তৎসত্বেও এই সময়লৈকে চৰকাৰ তথা প্ৰশাসনে বহিঃৰাজ্যৰ আমদানিকৃত গামোচাৰ বিৰুদ্ধে অৱলম্বন কৰিছে ৰহস্যজনক মৌনতা। উল্লেখ্য, ভাৰত চৰকাৰৰ হস্ত তাঁত (উৎপাদিত সামগ্ৰী সংৰক্ষণ) আইন অনুসৰি যন্ত্ৰ চালিত শালত গামোচা উৎপাদন আৰু বিক্ৰী নিষিদ্ধ। তাৰ পিছতো গুৱাহাটীকে ধৰি ৰাজ্যৰ চৌদিশে বহিঃৰাজ্যৰ যন্ত্ৰ চালিত  শালত উৎপাদিত আমদানিকৃত নিম্নমানৰ গামোচা বাধাহীন ভাৱে বিক্ৰী কৰি আছে একাংশ ব্যৱসায়ীয়ে।


ইফালে গামোচাৰ বিপনী সমূহত দুখন বিপৰীত ছবি প্ৰতিফলিত হৈছে। একাংশই অসমীয়া শিপিনীয়ে তাঁতশালত হাতে বোৱা গামোচা ক্ৰয় কৰা পৰিলক্ষিত হৈছে। শিপিনীৰ হাতত উজলি উঠা ভমকা ফুলৰ গামোচা খন পহিলা ব'হাগত প্ৰিয়জনক দিবলৈ উথপথপ সকলোৰে মন। বহিঃৰাজ্যত যন্ত্ৰ চালিত শালত উৎপাদিত গামোচাই কঢ়িয়াই অনা প্ৰত্যাহ্বান ওফৰাবলৈ অসমীয়া শিপিনীয়ে হাতে-কামে লগা পৰিলক্ষিত হৈছে গাঁৱে-ভূঞে। অৱশ্যে বাহিৰাগত বণিক গোষ্ঠীৰ গামোচাৰ আগ্ৰাসন ৰুধিবলৈ সক্ষম হোৱা নাই চৰকাৰ তথা প্ৰশাসন। বিগত দুই/তিনি বছৰ মানৰ পৰা ৰাজ্যখনৰ সৰু-বৰ মফচলীয় চ'ক-বজাৰত এতিয়া সহজতে উপলব্ধ হৈ পৰিছে যন্ত্ৰ চালিত শালৰ বিভিন্ন গামোচা।