Logo
image

কণ্ঠশিল্পী আকাশদ্বীপ বাৰুতিলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা

‘আমাৰ অসম'ৰ জামুগুৰিহাটৰ প্ৰতিবেদক, ১০এপিলঃ   জামুগুৰিহাটত আনন্দৰ ঢল। জামুগুৰিহাটৰ বাসুদেৱ থানৰ নিৱাসী যুৱ কণ্ঠশিল্পী আকাশদ্বীপ বাৰুতিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা। 

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা আৰ কে ইউনিভাৰ্ছৰ নিপন গোস্বামী জীৱন যোৰা সাধনা বঁটা প্ৰদান অনুষ্ঠানত জামুগুৰিহাটৰ যুৱ কণ্ঠশিল্পী গৰাকীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা।


২০২৪ চনৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবি 'ভূত জলকীয়া'ৰ 'ৰাজকোঁৱ'ৰ শীৰ্ষক গীতটিৰ বাবে যুৱ কণ্ঠশিল্পী গৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান। পোন প্ৰথমবাৰৰ বাবে চলচিত্ৰত গীত গায় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰি স্বাভাৱিকতে সুখী আৰু আনন্দিত হোৱা বুলি মন্তব্য কৰে জামুগুৰিহাটৰ যুৱ কণ্ঠশিল্পী গৰাকীয়ে।আকাশদ্বীপ বাৰুতি জামুগুৰিহাটৰ বাসুদেৱ থানা নিৱাসী প্ৰৱণ বাৰুতি আৰু মৃদুস্মিতা হাজৰিকা বাৰুতিৰ পুত্ৰ।