
সন্মুখত পঞ্চায়ত নিৰ্বাচন, তৎপৰতা বাঢ়িছে দৰং জিলা বিজেপি দলৰ
'আমাৰ অসম'ৰ মঙলদৈৰ প্ৰতিবেদক, ১০ এপ্ৰিলঃ দৰং জিলাত দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে দৰং জিলা বিজেপি দল। জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যই দলীয় প্ৰতীকত নিৰ্বাচনী প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে গাওঁ পঞ্চায়তৰ সদস্য সকলৰ নাথাকিব কোনো দলীয় প্ৰতীক।
উল্লেখ্য যে নিৰ্বাচনৰ বাবে বিজেপি দলে সুসংগঠিত ভাবে আগবাঢ়িছে আৰু গাঁৱে-ভূঞে ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিগত কাৰ্যকালৰ দৰে এইবাৰো দলটোৱে দৰং জিলা পৰিষদ গঠন কৰাৰ লক্ষৰে ভোটাৰৰ মাজত সোমাই পৰিছে।
উল্লেখযোগ্য যে জিলাখনৰ ১২ টা জিলা পৰিষদীয় সমষ্টিৰ ছটা সমষ্টিত বিজেপি দলৰ সাংগঠনিক ভেটি যথেষ্ট সৱল। বাকী থকা সংখ্যালঘু অধ্যুষিত ছটা সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আৰু অসম গণ পৰিষদ দলৰ মাজত ভোটৰ টনা-আজোৰা চলিব যদিও এই অঞ্চলৰ বিহুদিয়া আৰু শ্যামটিলা-অপৰীয়া সমষ্টিটো বিজেপি দলে সৱল স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। বিগত কিছুদিন ধৰি গেৰুৱা দলটোৱে সংখ্যালঘু ৰাইজৰ মাজত ক্ৰমান্বয়ে সোমাই পৰি দলৰ সদস্য আৰু কৰ্মীৰ সংখ্যা বৃদ্ধি কৰি অহা পৰিলক্ষিত হৈছে ।
পূৰ্বৰ তুলনাত এইবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু অঞ্চলত বিজেপি দলৰ ভোটৰ পৰিমাণ যে বাঢ়িব তাক পূৰ্বানুমান কৰিব পাৰি। ইয়াৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৰং জিলাত সাংগঠনিক ভেটি ক্ৰমান্বয়ে দুৰ্বল হোৱা পৰিলক্ষিত হৈছে। গাঁও পঞ্চায়ত পৰ্যায়ত কেইখনমান আসন পোৱাৰ বাহিৰে দলটোৱে জিলা পৰ্যায়ত বা আঞ্চলিক পঞ্চায়ত পৰ্যায়ত কিমান সফলতা লাভ কৰিব তাত সন্দেহ নথকা নহয়।