Logo
image

মেট্ৰিকত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা এখন বিদ্যালয়

'আমাৰ অসম'ৰ মহানগৰ সংবাদ ১১ এপ্ৰিলঃ গুৱাহাটীৰ কুমাৰপাৰাস্থিত শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে। উল্লেখ্য যে বিদ্যালয়খনৰ সৰ্বমুঠ ৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ASSEB-এ ঘোষণা কৰা ফলাফল অনুসৰি বিদ্যালয়খনৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।


আনহাতে ইয়াৰ ভিতৰত ৩৯ গৰাকীয়ে ড্ৰিষ্টিংচন নম্বৰ আৰু ৩৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পোৱাত বিদ্যালয়খনত আনন্দ-উল্লাস দুগুণ বৃদ্ধি পাইছে। ইয়াৰোপৰি উচ্চ গণিত বিষয়ত ৪ গৰাকী ছাত্ৰই ৰাজ্যিক সৰ্বোচ্চ নম্বৰ ১০০ পাবলৈ সক্ষম হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে বিদ্যালয়খনৰ শীৰ্ষ তিনিটা স্থানত জিলিকে ক্ৰমে প্ৰিয়ম কুমাৰ য়াদৱ, গৌৰৱ চৌধাৰী আৰু শচীন কুমাৰ সিং। বিদ্যালয়খনৰ প্ৰধান অধ্যক্ষা ৰীণা ভৌমিকে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই আৰু জীৱন বাটত আগুৱাই যোৱাত প্ৰেৰণা দি ক'লে যে তেওঁলোকে কৰা নেৰা-নেপেৰা প্ৰচেষ্টা আৰু অনুশীলনৰ বাবেই আজি বিদ্যালয়খনে এনেকোৱা এটা ভাল ফলাফল পাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ পৰাই তেওঁলোকৰ বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ হ'বলৈ সক্ষম হৈ আহিছে।