
২৭ কেজি গাঞ্জা সহ এগৰাকী মহিলা আটক
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ,২০ এপ্ৰিলঃ শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই জিলাৰ কাঠলতলি এলেকাৰ পৰা আৰক্ষীয়ে ২৭ কেজি গাঞ্জা সহ এগৰাকী মহিলাক আটক কৰে।আনহাতে আটক কৰা মহিলা গৰাকী পশ্চিম ত্ৰিপুৰা জিলাৰ শ্যামলিবজাৰ এলেকাৰ বিজয় দাসৰ পত্নী মাধুৰী দাস।
উল্লেখ্য যে মহিলা গৰাকীয়ে ধৰ্মনগৰৰ পৰা তিনিটা বেগত ভৰাই গাঞ্জা খিনি লৈ কাঠলতলিত বজাৰত উপস্থিত হয় আৰু তাৰ পৰা পাথাৰকান্দীলৈ যোৱাৰ বাবে অপেক্ষা কৰি আছিল। ইপিনে আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গোপনে অভিযান চলাই মহিলা গৰাকীৰ বেগৰ পৰা গাঞ্জা খিনি উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে উদ্ধাৰ কৰা গাঞ্জা খিনি প্ৰায় ২৭ কেজি আৰু গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় লাখ টকা। ইতিমধ্যে আৰক্ষীয়ে গাঞ্জা সহ মহিলা গৰাকীক আটক কৰি থানালৈ নিয়ে।লগতে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।
ইপিনে চেৰাগী পেট্ৰ'ল পাম্পৰ পৰা হুছেইন আহমেদ নামৰ এজন যুৱকৰ পৰা ২১ গ্ৰাম হেৰোইন জব্দ কৰে লগতে দুটা চাবোনৰ বাকচত হেৰোইন খিনি বিক্ৰী কৰাৰ বাবে লৈ আহিছিল । উল্লেখ্য যে আৰক্ষীয়ে পূৰ্বে লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই যুৱক জনক গ্ৰেপ্তাৰ কৰে। যুৱক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে এন ডি পি এছ এক্টৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।