সমাগত পঞ্চায়ত নির্বাচন : নাজিৰাৰ প্ৰান্তে প্ৰান্তে শাসক
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ,২০ এপ্ৰিলঃ অহা ২ মে' ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচন । আনহাতে পঞ্চায়ত নিৰ্বাচনক লৈ শাসক - বিৰোধীৰ লগতে বিভিন্ন ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে ব্যাপক তৎপৰতা । দিনে - নিশাই শাসক - বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে । উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৭৯ নং নাজিৰা বিধান সভা সমষ্টিটো আটাইকেইটা পঞ্চায়ত নিজৰ দখললৈ আনিবলৈ শাসকীয় বি জে পি মিত্ৰ দলৰ লগতে প্ৰধান বিৰোধী কংগ্ৰেছ আৰু চি পি আই মিত্ৰ দলেও নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি মণ্ডলে মণ্ডলে সভা পাতি নিজ নিজ ইষ্টাহাৰ আৰু পৰিকল্পনাবোৰ লৈ ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে । আনহাতে নাজিৰা বিধান সভা সমষ্টিৰ অন্তর্গত চ্যুকাফা, নাজিৰা ,আঠখেল আৰু আমগুৰি জিলা পৰিষদ সমষ্টিৰ মুঠ ২৭ খন গাওঁ পঞ্চায়তত ২২৭ টা ৱাৰ্ডত ইতিমধ্যে সকলো প্ৰাৰ্থীয়ে সভা সমিতি পাতি প্ৰচাৰ কৰাৰ লগতে ঘৰে ঘৰে গৈও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা পৰিলক্ষিত হৈছে । সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ লগতে নাজিৰা আৰু আমগুৰি ব্লক কংগ্ৰেছ কমিটীয়ে পঞ্চায়ত দখলৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে শাসকীয় বি জে পি আৰু অ গ প মিত্ৰ দলেও ন ন কৌশল অৱলম্বন কৰিছে ।
নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সমান্তৰালভাৱে আন আন দলৰ পৰা নিজ নিজ দলত যোগদান কৰোৱাৰ প্ৰতিযোগীতাও অধিক তীব্ৰ হৈ পৰিছে । উল্লেখযোগ্য যে মণ্ডল পৰ্যায়ৰ বিষয়ববীয়াসকলৰ পৰা আৰম্ভ কৰি সক্ৰিয় কৰ্মী তথা কাৰ্যকৰ্তাই নিজ দল ত্যাগ কৰি বিভিন্ন দলত যোগদান কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । আজি নাজিৰা সমষ্টিৰ অন্তর্গত ৰমণী মণ্ডলৰ বি জে পিৰ মহিলা মৰ্চাৰ উপ-সভানেত্ৰী জুৰী মহনে নিজ দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি - আদৰ্শক আদৰিলৈ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ উপস্থিতিত কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ লগতে চৰাইদেউ পৰ্বত চাহ বাগিচাৰ বি জে পিৰ সক্ৰিয় কাৰ্যকৰ্তাদ্বয় সুন্দৰ কৱাৰ আৰু উপেন পানিকাই কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে । উল্লেখ্য যে দলত নতুনকৈ যোগদান কৰা সকলক বিৰোধী দলপতি দেৱব্রত শইকীয়া , ব্লক কংগ্ৰেছৰ সভাপতি দিগন্ত সন্দিকৈ, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্রী তুলুমণি কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ সভাত উষ্ম আদৰণি জনাই ।






