ৰাজনৈতিক দলৰ বিষয়বাবত থাকিও নিৰ্বিবাদে চাকৰি কৰি আছে বহুজনে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ এপ্ৰিলঃ মন্ত্ৰীৰ আৰ্শীবাদুপষ্ট হ’লে চৰকাৰী চাকৰিৰ সেৱাবিধিৰ বিপৰীতে গৈয়ো কোনোৱে ৰাজনৈতিক দলৰ হৈ বিনা দ্বিধাই কাম কৰিব পাৰে নেকি– শেহতীয়াকৈ নলবাৰী বিজেপিৰ বাঁহজানী মণ্ডল বিজেপিৰ নেতাৰূপী দুই চৰকাৰী কৰ্মচাৰীৰ কৰ্মকাণ্ডই ইয়াকে উদঙাই দিছে৷ ৰাজনৈতিক দলৰ বিশেষকৈ শাসকীয় বিজেপি দলৰ বিষয়বাবত থকিও নিৰ্বিবাদে যে বহুজনে চৰকাৰী চাকৰি কৰি আছে, সেই কথাও পোহৰলৈ আহিছে৷ উল্লেখ্য, বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলী সৰ্বশিক্ষাত কৰ্মৰত এগৰাকী কনিষ্ঠ অভিযন্তা আনহাতে, একেটা মণ্ডলৰ সাধাৰণ সম্পাদক নৱ ডেকাও স্বাস্থ্য বিভাগৰ এগৰাকী স্থায়ী কৰ্মচাৰী৷ জিলাখনৰ চামতা স্বাস্থ্যকেন্দ্ৰত তেওঁলোক মাল্টি পাৰপাছ কৰ্মচাৰী হিচাপে কৰ্মৰত৷ চৰকাৰী বিধিমতে তেওঁ ডাইৰেক্ট নিলম্বনৰ যোগ্য৷ কিন্তু ইয়াৰ পাছতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মিণ্টু তামুলী বা নৱ ডেকাক ৰক্ষণাবেক্ষণহে দি আহিছে৷ এনেদৰে চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক দলত গুৰুত্বপূৰ্ণ পদবী লাভ কৰা প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এনেদৰেহে কয়– ‘ঠিকাভিত্তিক চাকৰি কৰা কিছুমান মানুহ থাকে, যিবিলাক চৰকাৰী কৰ্মচাৰী নহয়৷ আশাকৰ্মী, অংগনৱাড়ী কৰ্মী আদিক চৰকাৰী কৰ্মচাৰী বুলি কয় নেকি৷ মই কলোৱেই দেখোন কনট্ৰেক্টত কাম কৰা কিছুমান মানুহ থাকে৷ দলত বিভিন্ন সমৰ্থক থাকে৷ চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনৰ দায়িত্ব পালন কৰে, নিৰ্বাচনৰ কাম কৰে৷ আমাৰ কাম কিয় কৰিব৷’ মন্ত্ৰীগৰাকীৰ ভাষ্যত ওলাই পৰিছে যে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলী কিম্বা মণ্ডলটোৰ সাধাৰণ সম্পাদক নৱ ডেকা চৰকাৰী কৰ্মচাৰী হ’লেও অনায়াসে দলৰ হৈ কাম কৰি যাব পাৰে৷
এনেবোৰ কাৰণতেই তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস নাই বাজপেয়ী ভৱন কিম্বা জিলা বিজেপিৰ৷ দুৰ্বল কৰ্মচাৰীৰ ক্ষেত্ৰত সামান্য দোষতে হায়েনাৰ দৰে জাপ দি নলবাৰীৰ বিতৰ্কিত ডিচি বৰ্ণলী ডেকাও এইক্ষেত্ৰত নিৰৱ৷ লক্ষণীয়ভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে ধমক দিয়াৰ এদিন পিছতেই ৰাজ্যিক সভাপতিগৰাকীক প্ৰত্যাহ্বান জনাই বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত মিণ্টু তামুলী জিন্দাবাদ ধবনি দিয়া দেখা গৈছিল৷ চৰকাৰী কৰ্মচাৰী নহ’লে যেন নচলে নলবাৰীৰ বাঁহজনী মণ্ডল বিজেপিৰ কাৰ্যালয়৷ কিয়নো, মণ্ডলটোৰ সাধাৰণ সম্পাদক নৱ ডেকাও হৈছে চৰকাৰী কৰ্মচাৰী৷ জিলাখনৰ চামতা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী নৱ ডেকায়ো মন্ত্ৰীৰ জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতেই বাঁহজানী বিজেপি মণ্ডলৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, নলবাৰী জিলাৰ বাঁহজানীত আৰম্ভ হৈছে প্ৰাক্ নিৰ্বাচনী হিংসা৷ বাঁহজানী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে লণ্ড-ভণ্ড কৰে৷ বাঁহজানী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী নাৰায়ণ তালুকদাৰৰ নিৰ্বাচনী কাৰ্যালয় আৰু পতাকা লণ্ড-ভণ্ড কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷






