Logo
image

অখিল গগৈ ৰাজনীতিৰ নতুন আজমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ এপ্ৰিলঃ অসমৰ ৰাজনীতিত আজমল অপ্ৰাসংগিক হোৱাৰ পাছৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই সন্ধান কৰি আছিল অন্য এজন বদৰুদ্দিন আজমলৰ৷ অখিল গগৈক নতুন আজমলৰূপে বিচাৰি পাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই? অসমৰ জনতাই সন্দেহ কৰিছে অসমৰ ৰাজনীতিত নতুন আজমল অখিল গগৈ বুলি৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মেহদী আলম বৰাৰ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেলত আয়োজন কৰি বৰাই আৰু কয়– আমি লক্ষ্য কৰিছো যে আজি কিছুদিন ধৰি ৰাইজৰ দলৰ সভাপতিজনে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃবৰ্গ সম্পৰ্কত নানাধৰণৰ কটূ বাক্য নিক্ষেপ কৰি আহিছে৷ বিশেষকৈ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ প্ৰসংগ টানি তেওঁ কংগ্ৰেছ দলৰ নেতৃবৰ্গ সম্পৰ্কত কোৱা কথাবোৰ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা এনেবোৰ মন্তব্যক আমি মিত্ৰতাৰ সলনি শত্ৰুতামূলক৷ মিত্ৰতা সম্পৰ্কত আমাৰ স্পষ্ট সিদ্ধান্ত হ’ল আগন্তুক বিধানসভাৰ নিৰ্বাচনত আমি নিম্নতম কাৰ্যসূচীৰ ঐক্যমতৰ ভিত্তিত আমি ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ গত বিজেপিবিৰোধী ঐক্যমঞ্চ গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ম৷ এই স্থিতি আমাৰ দলে বাহাল ৰাখিছে৷ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক ভিত্তিত মিত্ৰতা গঢ়ি তোলাত আমাৰ দলৰ সাংগঠনিক অসুবিধা আছে, তৎস্বত্বেও জিলা আৰু ব্ল’ক পৰ্যায়ত এনে মিত্ৰতা স্থানীয় কংগ্ৰেছ দলৰ নেতৃবৰ্গই পৰিস্থিতি সাপেক্ষে কৰিব পাৰিব৷ তেনেক্ষেত্ৰত ৰাইজৰ দলে বিষয়টো জানিও কংগ্ৰেছ দলৰ স্থানীয় জিলা আৰু ব্লক পৰ্যায়ৰ নেতৃবৰ্গৰ সৈতে যোগাযোগ নকৰি এতিয়া পলমকৈ পদক্ষেপ গ্ৰহণ কৰি কংগ্ৰেছ দলক দোষাৰূপ কৰাৰ কোনো ভিত্তি নাই৷ সাংসদ গৌৰব গগৈ আৰু অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া সম্পৰ্কত অখিল গগৈয়ে কৰা মন্তব্য অতি আক্ৰোষমূলক, যাৰ বাবে আমি ক’ব বিচাৰোঁ যে অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছে আৰু তেওঁ যি বক্তব্য আগবঢ়াইছে ই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত৷ গৌৰব গগৈয়ে সংসদত যি বিদেশী ভূমিকাৰে দেশজুৰি গণতান্ত্ৰিক জনতাৰ কষ্ট হিচাপে স্বীকৃত হৈছে তাক নস্যাৎ কৰি তেওঁক বিজেপি নেতাৰ সৈতে সম্পৰ্ক থকা বুলি অখিল গগৈয়ে কৈ তেওঁক অখিল গগৈয়ে নিজকহে যেন বিজেপিৰ হৈ কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিক বুলি প্ৰতিপন্ন কৰিছে৷ আনহাতে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া সম্পৰ্কত কৰা মন্তব্য অতি ব্যক্তিকেন্দ্ৰিক আৰু ৰাজনৈতিক আক্ৰমনমূলক উক্ত দুয়োজন নেতা সম্পৰ্কত অখিল গগৈয়ে কৰা মন্তব্য দিছপুৰৰ কোনো শক্তিশালী মহলৰ শ্ৰুতলিপি বুলি অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে৷ একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ সম্পৰ্কতো অখিল গগৈয়ে ভিত্তিহীন মতামত ব্যক্ত কৰি মিত্ৰতাৰ প্ৰসংগটোৱে অস্থিৰ কৰি তুলিছিল৷ মুঠতে আমাৰ বক্তব্য হ’ল বিজেপি বিৰোধী ৰাজনৈতিক মঞ্চ গঠনৰ নামত অখিল গগৈ ডাঙৰীয়াই মিত্ৰতাৰ প্ৰসংগ টানি শত্ৰুতাৰ বীজ স্থাপন কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে৷ যিটো প্ৰসংগই বিজেপি দলক লাভাম্বিত কৰিছে৷ এনেদৰে পাকে-প্ৰকাৰে বিজেপি দলক লাভাম্বিত কৰিব বিচৰা এজন অভিজ্ঞ ৰাজনীতিকক ৰাইজে কাৰ গোপন প্ৰতিনিধি বুলি চিনাক্ত কৰিব সেই কথা আমি ৰাইজলৈকে এৰিলোঁ৷ শেষত অখিল গগৈক সকিয়াই দিব বিচাৰোঁ যে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়ত যেন অনাধিকাৰ প্ৰৱেশ নকৰে৷ কংগ্ৰেছ দলৰ আভ্যন্তৰিন বিষয়ত প্ৰৱেশ কৰিবলৈ দুঃসাহক কৰাৰ বাবেই মিত্ৰতাৰ প্ৰসংগটো হৈ জটিল হৈ পৰাৰ সম্ভাৱনাক আমি নুই নকৰোঁ৷ তেওঁ শিৱসাগৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰসংগ উদ্বেগ প্ৰকাশ কৰিছে৷ ৰাইজৰ দলেও অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টি বিহপুৰীয়া ৰঙানদীতো প্ৰাৰ্থী দি তাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰাত আমি আপত্তি কৰা নাই৷ কংগ্ৰেছ দলে সমূহীয়া নেতৃত্বৰ মতামতৰ ভিত্তিত দলীয় সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাইজৰ দলৰ দৰে এজন নেতাৰ কথাই শেষ কথাৰ দৰে কংগ্ৰেছে সিদ্ধান্ত ল’ব নোৱাৰে৷ আমি গণতান্ত্ৰিক দলীয় কাঠামোক দলৰ মাজত বৰ্তাই ৰাখিছোঁ৷ গতিকে স্বৈৰতান্ত্ৰিক মনোভাৱৰ নেতা অখিল গগৈয়ে নিজ দলৰ একনায়কত্ববাদী আচাৰ-ব্যৱহাৰ মিত্ৰ দলৰ লগত কৰি গৰিহণাৰ পাত্ৰ নহ’বলৈ তেখেতক সকীয়াই দিলোঁ৷ আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৰ্গৰ মাজত সকলোৰে মৰ্যাদা সমান আমি ‘সম পৰ্যায়ৰ নেতৃবৰ্গৰ মাজত প্ৰথমজন নীতিত বিশ্বাসী৷ অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল অপ্ৰাসংগীক হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা  নতুন এজন আজমলৰ আহ৩ান কৰি আছে৷ যিজনে বিজেপিৰ পৰিপূৰক হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত বিচৰণ কৰিব পাৰে৷ এতিয়া অসমৰ ৰাইজে অখিল গগৈৰ কৰ্মকাণ্ডক চাই প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে মুখ্যমন্ত্ৰীয়ে দ্বিতীয় এজন আজমলক বিচাৰি পাইছে নেকি? বিশেষকৈ ছ’চিয়েল মিডিয়াত এনে প্ৰশ্নৰ অৱতাৰণা হৈছে৷ ৰাইজৰ দল আমাৰ শত্ৰু নহয়৷ ৰাইজৰ দলৰ নিষ্ঠাবান কৰ্মীসকলক আমি সন্মান কৰোঁ৷ আমাৰ আৰু দেশৰ শত্ৰু বিজেপিহে৷ আমি সকলো ঐক্যবদ্ধ হৈ বিজেপি বিৰোধী যুঁজখন আগুৱাই নিব বিচাৰো৷ আমাৰ মাজত অথবা যুঁজ-বাগৰ কৰি আমি সময়ৰ অপব্যৱহাৰ কৰিব নিবিচাৰোঁ৷ আমি সেয়েহে অখিল গগৈক আহ৩ান জনাব বিচাৰোঁ যে বিজেপি আৰু আৰ এছ এছৰ সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক সংবিধান বিনষ্ট কৰিব বিচৰা ৰাজনৈতিক শক্তিটোৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনক তীব্ৰতৰ কৰি তোলো আহক৷ আমাৰ নিজৰ মাজত আপুনি যুঁজ এখন লগাই শাসক বিজেপিক লাভাম্বিত নকৰিব৷ অখিল গগৈয়ে মূল যুঁজখন একাশৰীয়া কৰি নিজকে কাৰোবাৰ ‘বুলেট প্ৰুফ’ জেকেট হ’ব বিচাৰিছে নেকি? তেনে ‘বুলেট প্ৰুফ’ জেকেট আঁতৰাই কেনেকৈ মূল শত্ৰুৰ লগত যুঁজিব লাগে আমি কংগ্ৰেছ দলে ভালকৈ জানো৷ সংবাদ মেলত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুৰ্পণ কোঁৱৰে কয়– অখিল গগৈয়ে আগতে বিচাৰি উলিয়াওক তেওঁলোকৰ মূল শত্ৰু কোন– বিজেপি নে কংগ্ৰেছ? তেওঁ মূল শত্ৰুৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰক৷ অখিল গগৈয়ে অসমৰ ৰাজনীতিৰ প্ৰধান শত্ৰুৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’লেই আধা সমস্যাৰ সমাধান হৈ যাব৷ কিন্তু তাকে নকৰি তেওঁ কংগ্ৰেছকহে শত্ৰু হিচাপে লোৱাটো দুৰ্ভাগ্যজনক৷


অখিলৰ চাৰ্টিফিকেট আমাক নালাগেঃ ভূপেন

ৰাইজৰ দলৰ সভাপতি অখিল গগৈক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ মিত্ৰতাক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি বৰাই কয়– কংগ্ৰেছে আপোচবিহীন আৰু নিৰৱচ্ছিন্নভাৱে জাতীয় স্বাৰ্থত কাম কৰি আহিছে৷ কংগ্ৰেছৰ সংগ্ৰামৰ চাৰ্টিফিকেট আমাক এজন ব্যক্তিৰ পৰা নালাগে৷ আমাক চাৰ্টিফিকেট দিব অসমৰ ৰাইজে৷ অখিল গগৈয়ে কৈছে শিৱসাগৰৰ চাৰিখন জিলা পৰিষদত বিজেপি জিকিব৷ পঞ্চায়ত নিৰ্বাচনলৈ এতিয়াও প্ৰায় এমাহ বাকী৷ তেওঁ এতিয়াই  কেনেকৈ কেনেকৈ জানিলে বিজেপি জিকিব বুলি? অখিল গগৈয়ে গৌৰৱ গগৈ আৰু দেবব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট বুলি ক’বলৈ কুণ্ঠবোধ কৰা নাই৷ গৌৰৱ গগৈয়ে সংসদত  লোৱা ভূমিকা অকল অসমৰে নহয় সমগ্ৰ দেশৰ মানুহে দেখি আছে কি ধৰণৰ জনগণৰ বহু হিচাপে প্ৰতিষ্ঠা কৰিছে৷ অসমৰ বিশিষ্ট বুদ্ধিজীৱী, সচেতন নাগৰিকসকলে মত প্ৰকাশ কৰিছে যে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ প্ৰয়োজন আছে৷ সেইবাবে কংগ্ৰেছে বিৰোধী দলসমূহৰ ঐক্য বিচাৰিছোঁ৷ কিন্তু আমাৰ দলৰ দুজন নেতাক যিধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, দুই নেতাক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে তাৰ বিৰোধিতা কৰিছো৷ কিন্তু প্ৰশ্ন হৈছে শিৱসাগৰ সমষ্টি চাৰি বছৰ ধৰি ৰাইজৰ দলৰ দখলত৷ নিজৰ দখলত থকা সমষ্টিটোত ৰাইজৰ দলৰ অৱস্থা ইমান তললৈ গ’লনে যে আটাইকেইটা জিলা পৰিষদ বিজেপিৰ দখললৈ যাব? তাৰমানে শিৱসাগৰৰ ৰাইজে অখিল গগৈক বিদায় দিলেই নেকি? ইফালে কংগ্ৰেছ নেতা শুভামিত্ৰ গগৈয়েও অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে৷ তেওঁ কয়–অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰীগেদৰ এজেণ্ট৷ অখিল গগৈয়ে গোপনে কংগ্ৰেছৰ নেতা-কৰ্মীক ৰাইজৰ দলত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷ অখিল গগৈৰ যদি সাহস আছে তেওঁৰ কল ডিটেইলেছ পৰীক্ষা কৰি ৰাজহুৱা কৰক৷ কোন কাৰ এজেণ্ট ওলাই পৰিব৷ দাদা ব্ৰীগেদৰ সৈতে তেওঁৰ সঘনাই গোপন বৈঠক হয়৷ গৌৰৱ গগৈ বিজেপিৰ এজেণ্ট হ’বই নোৱাৰে৷