এই দেশ মানুহৰ দেশ
পেহেলগামৰ মৰ্মান্তিক হত্যাকাণ্ডৰ পিছত দেশৰ সকলোৰে মন উদ্বিগ্ন আৰু সেমেকা৷ চুবুৰীয়া দেশৰ ষড়যন্ত্ৰ আৰু উচটনিত এনে ঘটনা আগতেও ঘটিছে হয়তো ঘটিও থাকিব৷ বহু মন্তব্য, বহু প্ৰৱন্ধৰে এতিয়া সংবাদ মাধ্যম উত্তাল৷ সৎ আৰু সহজ সৰল নাগৰিকৰ উৎকণ্ঠাৰ মাজতে কিছু ৰাজনৈতিক অপশক্তিয়ে পানী ঘোলা কৰাৰ সুযোগ এৰিব খোজা নাইজ্ব দেশৰ প্ৰধানমন্ত্ৰীজনক নিম্ন ৰুচিবোধৰ লক্ষ্য কৰি লোৱা লজ্জাহীন চুপতিকে আদি কৰি৷ সত্য কি, মিথ্যা কি, সততা কি, ভণ্ডামি কি ইত্যাদি প্ৰশ্নবোৰে জনতাৰ মন অশান্ত, অস্থিৰ কৰি তুলিছে৷ তাৰ মাজতে কোনো এটা লেখাই মনত সকাহ আনে৷ নিজৰ মনৰ কথা কোৱা যেন অনুভৱ হয়৷ সেয়ে, ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা শ্ৰীমতি ৰাধা গোৱেংকাৰ এটা প্ৰবন্ধৰ ভাবানুবাদ কৰিবলৈ কুণ্ঠাবোধ নকৰিলো৷
যেতিয়া কাশ্মীৰত নিৰ্মম সন্ত্ৰাসবাদী আক্ৰমণত আমাৰ মনত সজীৱ হৈ থাকে, য’ত নিৰ্দোষ জীৱন হেৰুৱা হৈছিল আৰু অঞ্চলটোৰ থুনুকা শান্তি ভাঙি পৰিছিলজ্ব যেতিয়া আমি প্ৰাকৃতিক দুৰ্যোগ, হিংসা আৰু লক্ষ লক্ষ লোকৰ জীৱন ব্যাহত কৰা আকস্মিক ৰাজনৈতিক সিদ্ধান্তৰ শিৰোনাম ‘¦.স্ক্ৰল’ কৰোঁ, তেতিয়া স্বাভাৱিকভাৱে ভাবিবলৈ বাধ্য হওঁ সততা মৰি গ’ল নেকিঞ্জ উত্তৰ হৈছে, নহয়৷ গ্ল’বেল ৱাৰ্মিংৰ বিষয়ে প্ৰতিটো উদ্বেগজনক প্ৰতিবেদনৰ বিপৰীতে, পৰিষ্কাৰ শক্তি আৰু জলবায়ু উদ্ভাৱন হৈ আছে যি আমাক আমাৰ লক্ষ্যসমূহ পূৰণ কৰাত সহায় কৰিছে৷ ক্ষমতাত থকা যি প্ৰতিজন ব্যক্তিয়ে যুক্তিক অস্বীকাৰ কৰে, তাৰ মাজতো নেতা আছে যি সঠিক কাম কৰি আছে, স্পটলাইটৰ পৰা আঁতৰি, তেওঁলোকৰ চাৰিওফালে থকা কিছু লোকৰ ভুলবোৰ সঠিক কৰি৷ সততা অন্তৰ্ধান হোৱা নাইজ্ব সদায়ে বাতৰিৰ শিৰোনামাত নাথাকিলেও৷
সমাজ মূলতঃ তিনিটা শক্তিৰ দ্বাৰা গঠিত– বাণিজ্যিক স্বাৰ্থ, ৰাজনৈতিক প্ৰেৰণা আৰু মানৱীয় উদ্দেশ্য৷ বেছিভাগ ক্ষেত্ৰত প্ৰথম দুটাক শোষণকাৰী বুলি দেখা যায়, যেতিয়া সেৱা আৰু লাভ সাঙুৰি তেওঁলোকৰ অত্যধিকতাক প্ৰশ্ৰয় দিয়া লক্ষ্য কৰা যায়৷ কিন্তু এনেবোৰ সূক্ষ্ম ক্ষেত্ৰত সীমা-ৰেখা সিমান স্পষ্টকৈ অঁকা নাথাকে৷ বাণিজ্যৰ ক্ষেত্ৰত চাওঁ আহক৷ বেছিভাগ কোম্পানী এটা সৰল, প্ৰায়েই মহৎ লক্ষ্যৰে আৰম্ভ হয়৷ প্ৰয়োজন পূৰণ কৰিবলৈকে ব্যৱসায় জন্ম হৈছিল৷ কিন্তু ক’ৰবাত মূল উদ্দেশ্যটো হেৰাই যায়৷ প্ৰতিষ্ঠাপকসকল আঁতৰি যায়, অত্যধিক লাভৰ পথত যায় আৰু ‘ত্ৰৈমাসিক স্প্ৰেডশ্বীট’ৰ দ্বাৰা পৰিচালিত বৃহৎ উদ্যোগৰ দৈত্যই সকলো দখল কৰে৷ ৰাজনীতিয়েও বহু সময়ত একে ধাৰা অনুসৰণ কৰে৷ যেতিয়লৈকে কোনোবাই জনজীৱনত প্ৰৱেশ নকৰে তেতিয়ালৈকে তেওঁলোকে সঁচাকৈয়ে বৈষম্যৰ অৱসান ঘটোৱাৰ চিন্তা নকৰে৷ সমাজ-সেৱা, নীতি গঠন, পৰিৱৰ্তন – এইবোৰ নৈতিক মূল্যবোধ৷ ৰাজনীতি সহজেই কিন্তু কোনো এক পৰিয়ালৰ ঐতিহ্য হৈ পৰিব পাৰে যি ক্ষমতা সংৰক্ষণ আৰু ধন সঞ্চয়ৰ ওপৰত কেন্দ্ৰিত৷ বেছিভাগ প্ৰচেষ্টা ব্যৱসায় বা ব্যক্তিসকলৰ দ্বাৰা পুঁজি যোগান ধৰা কাৰ্য হৈ পৰে যি তেওঁলোকৰ ধন বাণিজ্যৰ জৰিয়তে উপাৰ্জনত সহায় কৰে৷ চৰকাৰী সমৰ্থনে তেওঁলোকক তেওঁলোকৰ প্ৰচেষ্টা বঢ়াবলৈ সক্ষম কৰে৷ যদি ব্যৱসায়, ৰাজনীতি আৰু দান সকলো সৎ কাম কৰাৰ একে বীজৰে আৰম্ভ হয়, তেন্তে তেওঁলোকে কিয় সেই সততাৰে আগবাঢ়িব নোৱাৰে ? যদি আমি তেওঁলোকক পৃথক ক্ষেত্ৰ হিচাপে চাবলৈ বন্ধ কৰোঁ আৰু তাৰ পৰিৱৰ্তে তেওঁলোকৰ সাধাৰণ উদ্দেশ্য সমাজ-সেৱা বুলি চিনাক্ত কৰোঁঞ্জ ই সেই মিলনৰ বিন্দু – লাভ, নীতি আৰু উদ্দেশ্যৰ সংযোগস্থল – য’ত নৈতিকতাৰ যাদু থাকে। য’ত সততা থাকেজ্ব য’ত আমি আমাৰ সামাজিক জীৱনৰ আচল অৰ্থ বিচাৰি পাব পাৰোঁ৷
তেনে উদাহৰণ আছে৷ ‘ইণ্টেল’ লৈ চাওঁক, যি ১৯৯০ চনত এটা নিম্ন-শক্তিৰ চিপ সৃষ্টি কৰিছিল, যি পৰিবহণযোগ্য লেপটপসমূহ সম্ভৱ কৰি তুলিছিল৷ উদ্ভাৱনটো লাভৰ খোজত নহয়, প্ৰতিষ্ঠাপকৰ শক্তি সংৰক্ষণৰ ইচ্ছাত সৃষ্টি হৈছিল৷ পৰিৱেশৰ প্ৰতি থকা তেওঁলোকৰ উৎসাহেই এটা নতুন ‘কম্পিউটিং-যুগ’ আৰু বিলিয়ন ডলাৰ আয় উন্মোচন কৰা এটা সফলতালৈ লৈ গৈছিল৷ অথবা পাটাগোনিয়া - এটা ব্ৰেণ্ড যিয়ে পৃথিৱীক প্ৰথম স্থানত ৰাখিছিল আৰু এতিয়াও এটা বহু-বিলিয়ন ডলাৰ দৈত্য হৈ আছে৷ দূৰলৈ নগৈ, ঘৰৰ ওচৰতে ‘আমুল’ এটা কৃষক-নেতৃত্বাধীন সমবায় হিচাপে আৰম্ভ হৈছিল আৰু ৫৫, ০০০ কোটি টকাৰ অৰ্থৰ দুগ্ধ সমবায় হিচাপে শক্তিশালী হৈ পৰিছিল৷ এই কাহিনীবোৰে আমাক মনত পেলাই যে সৎ কাম কেৱল আদৰ্শবাদী নহয়, গভীৰভাৱে প্ৰভাৱশালীও৷
এটা উদ্দেশ্যৰে ৰাজনীতিৰ কাম কৰা দেশ আছে৷ নিউজিলেণ্ডত, জাচিন্দা আৰ্ডেনৰ চৰকাৰে এটা কল্যাণ-বাজেট প্ৰৱৰ্তন কৰিছিল যিয়ে মানসিক স্বাস্থ্য, শিশু-কল্যাণ আৰু জলবায়ুৰ স্থিতিশীলতাক গঢ় দিবলৈ অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত অগ্ৰাধিকাৰ দিছিল৷ ডেনমাৰ্কে উচ্চ-লাভৰ সৈতে সেউজ উদ্ভাৱন সংযোগ কৰে৷ আৰু ভুটানত নীতি-নিয়মসমূহ GDPৰ দ্বাৰা নিৰ্দেশিত নহৈ, সামগ্ৰিক ‘ৰাষ্ট্ৰীয় সুখ’ৰ দ্বাৰা, পৰিৱেশ আৰু সাংস্কৃতিক সংৰক্ষণৰ সৈতে উন্নয়নক সাঙুৰি গঢ় দিয়া হৈছিল৷ এই মডেলবোৰে দেখুৱায় যে চৰকাৰে সহানুভূতি আৰু ইতবাচক দৃষ্টিভংগীৰেও নেতৃত্ব দিব পাৰে, সমৃদ্ধি বিসৰ্জন নিদিয়াকৈ৷
সন্ত্ৰাসৰ সন্মুখত আমি সাহস, সহানুভূতি আৰু একতাৰ মিল দেখি হতাশাক অস্বীকাৰ কৰোঁ৷ এই সময়ত দেশত সততা শেষ হোৱা নাইজ্ব হয়তো সুপ্ত হৈ আছে৷ ই তেওঁলোকৰ ভিতৰত থাকে যিসকলে সহায় কৰিবলৈ, পুনৰ নিৰ্মাণ কৰিবলৈ আৰু সততাৰে নেতৃত্ব দিবলৈ আগবাঢ়ে৷ যদি আমি সেই নিমাত, সুপ্ত সততাক চিনাক্ত আৰু বিনিয়োগ কৰিব পাৰোঁ, বুজিব লাগিব যে আমি আমাৰ দেশ, ৰাজনীতি, সমাজত আস্থা হেৰুৱা হোৱা নাই৷ এই দেশ মানুহৰ দেশ৷






