Logo
image

উচ্ছেদিতই হেৰুৱাইছে ভোটাধিকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ ফেব্ৰুৱাৰীঃ  মঙলবাৰে প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা৷ নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চমুকৈ ‘এছআৰ’ত কৰ্তন হ’ল অসমৰ উচ্ছেদিত ভোটাৰৰ নাম!  অৱশ্যে, উচ্ছেদস্থলীৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’লেও ভাৰতীয় নাগৰিকসকলে বৰ্তমানৰ নতুন ঠিকনাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে সুযোগ লাভ কৰিব৷– এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে৷ উল্লেখ্য, ৰাজ্যত অব্যাহত থকা উচ্ছেদ  অভিযানত লাখ লাখ ভোটাৰে ঠিকনা হেৰুৱাবলগীয়া হৈছে৷ চৰকাৰী ভূমি বেদখল কবি বসবাস কৰা লোকসকলক প্ৰশাসনে উচ্ছেদ কৰাত বি এল অ’সকলে নিৰ্দিষ্ট স্থানত ভোটাৰৰ সন্ধান কৰিলেও বৃহৎসংখ্যক ভোটাৰৰ ঠিকনা উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ যাৰ ফলত স্বাভাৱিকভাৱেই খচৰা তালিকাৰ পৰা নাম কৰ্তন হৈছিল তেনে উচ্ছেদিত বহু ভোটাৰৰ নাম৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে যে উচ্ছেদিত স্থানৰ বহু ভোটাৰে নতুন ঠিকনা বা পূৰ্বৰ স্থায়ী ঠিকনাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাইছিল৷ যিসকল ভোটাৰে আবেদন জনাইছিল, তেওঁলোকৰ ভোটাধিকাৰ স্থানান্তৰ কৰা হৈছে৷ অৱশ্যে, এতিয়াও যদি উচ্ছেদিত কোনো ভোটাৰে নতুন ঠিকনাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিব বিচাৰে, তেনেহ’লে তেওঁলোকে জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত আবেদন জনাব পাৰে৷ তদুপৰি প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাক লৈ নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ সিদ্ধান্তত আপত্তি থাকিলেও ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰিব বুলি সদৰী কৰিছে মুখ্য নিৰ্বাচনী বিষয়াজনে৷ তদুপৰি প্ৰয়োজনত ৩০ দিনৰ ভিতৰত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰতো দ্বিতীয় আপীল দাখিল কৰিব পাৰে৷ মঙলবাৰে প্ৰকাশ পোৱা অসমৰ চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হয় সৰ্বমুঠ ২,৪৯,৫৮,১৩৯জন ভোটাৰৰ নাম৷ অৱশ্যে, বিগত ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা আছিল ২,৫২,০১,৬২৪জন৷ দাবী-আপত্তিৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকাত প্ৰ-পত্ৰ নং-৬১ জৰিয়তে ১৮ বছৰ সম্পূৰ্ণ হোৱা ৫,৮৬,১৪৬জন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হয়৷ অৱশ্যে, চূড়ান্ত ভোটাৰ তালিকাত প্ৰ-পত্ৰ নং-৭১ জৰিয়তে কৰ্তন হয় ১০,৬৩,৬৪৭জন ভোটাৰৰ নাম৷ প্ৰ-পত্ৰ নং-৭১ জৰিয়তে মৃত ভোটাৰ, স্থানান্তৰিত আৰু একাধিক স্থানত নাম অন্তৰ্ভুক্তি থকা ভোটাৰৰ দাবী-আপত্তিৰ নিষ্পত্তি কৰে নিৰ্বাচন আয়োগে৷


সেই অনুসৰি প্ৰ-পত্ৰ নং-৭১ অধীনত ১২,৯৭,৭৯৬জন ভোটাৰৰ আবেদন লাভ কৰিছিল যদিও ইয়াৰে ১০,৬৩,৬৪৭জন ভোটাৰৰ আবেদন মঞ্জুৰ কৰে৷ অৰ্থাৎ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা এই ১০.৬৩ লাখ ভোটাৰৰ নাম কৰ্তন হ’লেও ইয়াৰে কিছুসংখ্যক ভোটাৰৰ এটা স্থানৰ ভোটাৰ তালিকাৰ পৰাহে নাম কৰ্তন হয়৷ এক কথাত বিশেষ কাৰণৰ এটা স্থানৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’লেও অসমৰ ভিতৰতে ঠিকনা সলনি হ’লে সেই ভোটাৰজনৰ ভোটাধিকাৰ আন স্থানত বাহাল থাকে বা আন স্থানলৈ সলনি হয়৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে অসমৰ সৰ্বমুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ১,২৪,৮২,২১৩জন, মহিলা ভোটাৰ ১,২৪,৭৫,৫৮৩গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩৪৩জন৷ তদুপৰি সেৱা ভোটাৰৰ সংখ্যা হৈছে ৬৩,২৬৯জন আৰু দিব্যাংগ ভোটাৰ হৈছে ২,০৩,৭০৯জন৷ আনহাতে, কনিষ্ঠ ভোটাৰৰ [১৮-১৯ বছৰ] সংখ্যা হৈছে ৫,৭৫,২৫৮জন আৰু ৮৫ বছৰ ঊধবৰ্ৰ জ্যেষ্ঠ নাগৰিক ভোটাৰৰ সংখ্যা হৈছে ১,০৪,২৩৮জন৷ ৰাজ্যৰ ১২৫টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হৈছে দলগাঁও৷ দলগাঁও সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ৩,১৫,২৮৪জন৷ আনহাতে, সৰ্বনিম্ন ভোটাৰ থকা সমষ্টি হৈছে আমৰি৷ এই সমষ্টিটোত ভোটাৰৰ সংখ্যা হৈছে ১,০০,০৯৭জন৷