
ৰাৱালপিণ্ডি ষ্টেডিয়ামত ভাৰতৰ ড্ৰোন আক্ৰ*মণ, ছুপাৰ লীগ স্থানান্তৰ
আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ মেঃ পাকিস্তানৰ ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি আৰু লাহোৰৰ সামৰিক বাহিনীৰ এয়াৰ ডিফেন্স ছিষ্টেমেই নহয়, পাকিস্তান ছুপাৰ লীগৰ প্ৰাকমুহূৰ্তত ৰাৱালপিণ্ডি ষ্টেডিয়ামত ড্ৰোনেৰে আক্ৰ*মণ কৰে ভাৰতে৷ বৃহস্পতিবাৰে ৰাৱালপিণ্ডি ষ্টেডিয়ামত ভাৰতীয় সেনাৰ ড্ৰোন আক্ৰমণৰ পাছতেই পাকিস্তান ছুপাৰ লীগৰএ গুৰুত্বপূৰ্ণ মেচ স্থগিত ৰাখিবলৈ বাধ্য হ’ল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ উল্লেখ্য, বৃহস্পতিবাৰে নিশা ৯ বজাত ৰাৱালপিণ্ডি ষ্টেডিয়ামত পাকিস্তান ছুপাৰ লীগৰ পেছোৱাৰ জালমি আৰু কৰাচী কিংছৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ক্ৰিকেট মেচখনক লৈ পি এছ এল কতৃৰ্পক্ষই প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগতে টিকটো বিক্ৰী কৰিছিল৷ আনকি পাকিস্তানৰ জাতীয় দলৰ কেইবাজনো ক্ৰিকেটাৰে অংশ ল’বলগীয়া হাইভল্টেজ মেচখনক লৈ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কটকটীয়া সুৰক্ষাবেষ্টনীও গঢ়ি তোলা হৈছিল৷ কিন্তু বৃহস্পতিবাৰে পুৱাৰ ভাগত আকস্মিকভাৱে ভাৰতীয় সেনাই ড্ৰোন আক্ৰমণ চলায়৷
এই ড্ৰোন আক্ৰমণৰ ফলত হোৱা বিস্ফোৰণত ধবংসস্তূপত পৰিণত হয় ষ্টেডিয়ামৰ এটা অংশ৷ ইয়াৰ পাছতেই সমগ্ৰ ৰাৱালপিণ্ডিতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয়, ক্ৰিকেটাৰসকলৰ নিৰাপত্তাক লৈয়ো শংকিত হৈ পৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ড৷ লগে লগে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এখন জৰুৰী বৈঠক আহ৩ান কৰি ছুপাৰ লীগৰ মেচখন ৰাৱালপিণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বৃহস্পতিবাৰৰ মেচখন স্থগিত ৰাখি পৰৱৰ্তী সময়ত নতুনকৈ দিন নিৰ্ধাৰণ হ’ব বুলিও বিবৃতি প্ৰকাশ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ অৱশ্যে, নতুন তাৰিখত মেচখন অনুষ্ঠিত হ’লেও ৰাৱালপিণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত কৰা নহয় বুলিও স্পষ্ট কৰি দিছে ব’ৰ্ডে৷ ইয়াৰ পৰিৱৰ্তে ছুপাৰ লীগৰ বাকী থকা সকলো মেচ কৰাচী ষ্টেডিয়ামলৈ স্থানান্তৰ কৰাৰ কথাও বিবৃতিযোগে সদৰী কৰিছে ব’ৰ্ডে৷ অৱশ্যে, বৃহস্পতিবাৰৰ খেলখনৰ টিকটৰ মূল্য দৰ্শকক ঘূৰাই দিয়াৰ কথাও জানিবলৈ দিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ ইফালে, ছুপাৰ লীগৰ প্ৰতিটো দলতে ৫-৬ জন বিদেশী খেলুৱৈ থকাত সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰিহে বিদেশী খেলুৱৈসকলৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলিও পাকিস্তান ছুপাৰ লীগৰ মিডিয়া মেনেজাৰে স্থানীয় সংবাদ মাধ্যমক সদৰী কৰিছে৷