
ৰুছ ‘সুদৰ্শন চক্ৰ’ই প্ৰতিহত কৰিলে পাকিস্তানৰ ড্ৰোন-মিছাইল আক্ৰ*মণ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ মেঃ মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণই যিদৰে সুদৰ্শন চক্ৰই দুষ্ট-দুৰাচাৰী অসুৰ তথা শত্ৰুক নিঃশেষ কৰিছিল, ঠিক তেনেদৰে ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স ছিষ্টেম ‘সুদৰ্শন চক্ৰ’ই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে নিক্ষেপ কৰা মিছাইল-ড্ৰোন নিমিষতে মাজ আকাশতে ধবংস কৰি বিশ্বজুৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ জম্মু-কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধস্বৰূপে মঙলবাৰে মাজনিশা ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ৯ টাকৈ স্থানত ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে বিধবস্ত কৰিছিল৷ কিন্তু ভাৰতৰ এই আকস্মিক আক্ৰমণৰ পাছতেই ক্ষুব্ধ হৈ পৰা পাকিস্তানে ওলোটাই এতিয়া ভাৰতৰ ওপৰতো প্ৰত্যাক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে৷ ‘অপাৰেচন সিন্দূৰ’ৰ ২৪ ঘণ্টাৰ ভিতৰতে পাকিস্তানে ভাৰতৰ ১৫টাকৈ সামৰিক ঘাটিলৈ লক্ষ্য কৰি পাকিস্তানে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ চেষ্টা চলাই কাৰ্যতঃ বেয়াকৈ মুখ থেকেচা খাবলগীয়া হ’ল৷ ভাৰতৰ আকাশ মাৰ্গত প্ৰৱেশৰ সময়তে ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ নিষ্ক্ৰিয় কৰে পাকিস্তানৰ একাধিক অত্যাধুনিক মিছাইল আৰু ড্ৰোন৷ পাকিস্তানৰ মিছাইল তথা ড্ৰোনক ভাৰতৰ ভূখণ্ড তথা সামৰিক ঘাটিত আঘাত কৰাত ব্যৰ্থ কৰাত স্বাভাৱিকতেই এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰি ভাৰতীয় শক্তিশালী এয়াৰ ডিফেন্স চিষ্টেম৷
প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিবৃতিটোত কোৱা হৈছে যে– ৭ মে’ৰ নিশা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ৯টা ঘাটি আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল যদিও, ভাৰতীয় সেনায়ে কোনো পাকিস্তানী সামৰিক বাহিনীৰ ঘাটিত আক্ৰমণ কৰা নাছিল৷ তাৰ প্ৰত্যুত্তৰত পাকিস্তানী সেনায়ে উত্তৰ আৰু পশ্চিম ভাৰতৰ আৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধাৰ, লুধিয়ানা, আদমপুৰ, ভাটিন্দা, ছণ্ডীগড়, নল, ফালোডী, উত্তৰলাই, আৰু ভূজকে ধৰি কেইবাটাও স্থানত ভাৰতীয় সামৰিক বাহিনীৰ ঘাটিত ড্ৰ’ন আৰু মিছাইলৰ সহায়ত আক্ৰমণ কৰিছে যিবোৰ ভাৰতীয় সেনায়ে ইউ এ এছ গাইড আৰু এয়াৰ ডিফেন্স ছিষ্টেমৰ সহায়ত নিশ্চিত কৰি পাকিস্তানৰ আক্ৰমণক বিফল কৰিছে৷ পাকিস্তানে কৰা এই আক্ৰমণৰ ধবংসাৱশেষ এতিয়াও বহু কেইটা স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানী সেনায়ে যে ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণ কৰিছে তাৰ প্ৰমাণ দিয়ে৷ ইয়াৰ উপৰি পাকিস্তানী সেনায়ে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধৰ আৰু ৰাজৌৰী অঞ্চলত মৰ্টাৰ আৰু গধুৰ কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে গুলীচালনাৰ তীব্ৰতা বৃদ্ধি কৰিছে৷ পাকিস্তানী সেনাৰ এই গুলীচালনাৰ ফলত তিনিগৰাকী মহিলা আৰু ৫ টা শিশুসহ ১৬জন নিৰীহ ভাৰতীয় লোকে প্ৰাণ হেৰুৱাইছে৷ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়েও পাকিস্তানৰ পৰা মৰ্টাৰ আৰু আৰ্টিলাৰীৰ গুলী বন্ধ কৰিবলৈ উচিত প্ৰত্যুত্তৰ দিছে৷’ উল্লেখ্য, পাকিস্তানৰ মিছাইল আৰু ড্ৰোন আক্ৰমণক ব্যৰ্থ কৰা ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স চিষ্টেম এছ-৪০০ অৰ্থাৎ ‘সুদৰ্শন চক্ৰ’ই ৪০০ কিলোমিটাৰ পৰ্যন্ত শত্ৰুৰ লক্ষ্যস্থানত আঘাত কৰিব পাৰে৷ ভাৰতে ২০২১ চনত ৰাছিয়াৰ সৈতে ৫৪০ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰি এছ-৪০০ ট্ৰুম্ফ ক্ৰয় কৰিছিল৷ ৰুছ এছ-৪০০ হৈছে ভূমিৰ পৰা আকাশ মাৰ্গলৈ ক্ষেপনাস্ত্ৰ প্ৰতিৰোধ কৰিব পৰা বিশ্বৰ অত্যাধুনিক প্ৰযুক্তি৷ বিগত তিনি বছৰ ধৰি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধত এই এণ্টী মিছাইল ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰি আহিছে৷ ভাৰতে মুঠ পাঁচটা এছ-৪০০ ইউনিট ক্ৰয়ৰ চুক্তি কৰিছে যদিও বৰ্তমানলৈ তিনিটা ইউনিটতে যোগান ধৰিছে ৰাছিয়াই৷ এছ-৪০০এ ৰাডাৰত ৬০০ কিলোমিটাৰ দূৰত্বৰ পৰাই লক্ষ্যবস্তু চিনাক্ত কৰিব পাৰে৷ এই চিষ্টেমে একে সময়তে ১০০টা লক্ষ্যবস্তু অনুসৰণ কৰিব পাৰে আৰু এবাৰতে ৩৬টা লক্ষ্য স্থানত আঘাত হানিব পাৰে৷ ইফালে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনাপ্ৰধান আছিম মুনিৰৰ ঘৰৰ কাষত বিস্ফোৰণ সংঘটিত হোৱাৰ বাতৰি আহিছে৷ আনহাতে, জেনেৰেল আছিম নুনিৰৰ ঠাইত লেফ্টেনেণ্ট জেনেৰেল শ্বাহিৰ শ্বামছাদ মিৰ্জাৰ পাকিস্তানী সেনাৰ নতুন মুৰব্বীৰ দায়িত্ব দিয়াৰ দিহা কৰা হৈছে৷