Logo
image

একে নিশাতে আলুৰ মূল্য ৫ টকা বৃদ্ধি

আমাৰ অসম, ২২ এপ্ৰিলঃ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালভাৱে অভাৱনীয় মূল্যবৃদ্ধি হৈছে আলু, পিঁয়াজ, ডাইল, মিঠাতেল, চেনী আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম৷ কৰ’না সৃষ্ট পৰিস্থিতিক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়ত অসাধু চক্ৰই কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি বৃদ্ধি কৰিছে উক্ত সামগ্ৰীসমূহৰ দাম৷ যোৱা নিশাৰ ভিতৰত ৰাজ্যৰ বজাৰত আলুৰ দাম কিলোত পাঁচ টকা, ডাইলৰ কিলোত দহ টকা, মিঠাতেলৰ লিটাৰত ত্ৰিশ টকা, চেনী কিলোত দহ টকা আৰু পিঁয়াজৰ মূল্য কিলোত পাঁচ টকা বৃদ্ধি পাইছে৷ জিলা প্ৰশাসন আৰু যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ অসাধু চক্ৰই বৃদ্ধি কৰিছে উক্ত নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম৷ মঙলবাৰ পৰ্যন্ত আলুৰ দাম আছিল কিলোত পোন্ধৰ টকা, পিঁয়াজত আছিল কিলোত বিশ টকা৷ বুধবাৰে আলুৰ দাম কিলোত বিশ টকা, পিঁয়াজৰ দাম ২৫ টকালৈ বৃদ্ধি পাইছে৷ মঙলবাৰ পৰ্যন্ত কিলোত ৭৫ টকা দৰত বিক্ৰী হৈ থকা দাইলৰ দাম বুধবাৰে কিলোত ৯০ টকা, ১৪০ টকা দৰত বিক্ৰী হৈ থকা মিঠাতেলৰ দাম ১৭০ টকা, ৪০ টকা দৰত বিক্ৰী কৰি থকা চেনীৰ দাম কিলোত ৫০ টকালৈ বৃদ্ধি হোৱাত স্তম্ভিত হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক৷ কৰ’নাসৃষ্ট পৰিস্থিতিয়ে সন্ত্ৰষ্ট কৰা ৰাজ্যবাসীৰ মূৰত অসাধু ব্যৱসায়ীয়ে ৰাম টাঙোন সোধোৱাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ শ্ৰেণীৰ লোকৰ৷ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহ এটাৰ পাছত আনটো প্ৰতিশ্ৰুতিৰে সপোনৰ ৰাজ্যত বিচৰণ কৰাবলৈ বাধ্য কৰা লোক নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই সৃষ্টি হোৱা অৰাজক পৰিস্থিতিত উশাহ নোপোৱা হোৱাৰ দৰে হৈ পৰাটো অতিশয় উদ্বেগৰ বিষয়৷ তাৎপৰ্যপূৰ্ণ কথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকস্মিক মূল্যবৃদ্ধি সন্দৰ্ভত কামৰূপ চেম্পাৰ্চ অব কমাৰ্চ আৰু আছাম চেম্বাৰ্চ অব কমাৰ্চৰ বিষয়ববীয়াই মুখ খুলিব বিচৰা নাই৷