
যি দেখিছোঁ, যি শুনিছোঁ, যি বুজিছোঁ
এইটো সঁচা কথা যে শান্তি প্ৰিয় নাগৰিকে যুদ্ধ নিবিচাৰে৷ বন্ধু এজনে পঠিওৱা বাঙালীত লিখা কথা এষাৰ পঢ়িবলৈ পালোঁ, যাৰ অসমীয়া ভাৱাৰ্থ এনেকুৱা– ‘যি সকলে যুদ্ধ কৰিব লাগে, তেওঁলোকে যুদ্ধ নিবিচাৰে, যিসকলে যুদ্ধ কৰিব নালাগে, তেওঁলোকে বিচাৰে৷’ আমাৰ বহুজনৰ কথা বতৰা শুনিলে ফেচবুক, ৱাটছ এপত দিয়া প’ষ্টবোৰ দেখিলে এনেকুৱা লাগে যে কথাটো সম্পূৰ্ণ সঁচা৷ কিন্তু এতিয়া আমাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক কথাটো হ’ল যে আমি যুদ্ধ বিচৰা, নিবিচৰাৰ ওপৰত বৰ্তমানৰ পৰিস্থিতি নিৰ্ভৰ নকৰে৷ পাকিস্তানে ভাৰতৰ এয়াৰপ’ৰ্ট, সীমান্তৱৰ্তী জনবসতি অঞ্চলসমূহ টাৰ্গেট কৰিব আৰু ভাৰতৰ সেনাবাহিনী মনে মনে বহি থাকিব এনেকুৱা কথাটো হ’ব নোৱাৰে ! ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিব লাগিব আৰু ইতিমধ্যে দিছে৷ পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দি আছে আৰু পাকিস্তানৰ সেনাবাহিনীৰ যিকোনো আক্ৰমণ ৰোধ কৰিব পৰাকৈ আমাৰ সেনা সকলোফালৰ পৰাই সক্ষম বুলি আমাৰ বিশ্বাস আছে৷ দুৰ্ভাগ্যবশতঃ আমি এনে এখন দেশক আমাৰ প্ৰতিবেশী হিচাপে পালোঁ যি জন্মতে ধবংসৰ বীজ লৈ জন্ম হৈছিল৷ সেই বিষাক্ত বীজ হ’ল– ধৰ্মীয় গোড়ামি, ধৰ্মীয় উন্মাদনা৷ ধৰ্মক ভিত্তি কৰি জন্ম হোৱা পাকিস্তান নামৰ এই দেশখনৰ শাসকে জন্মৰ দিন ধৰি আধুনিক শিক্ষা, চিন্তা-চৰ্চাক বিশেষ গুৰুত্ব নিদি মোল্লা মৌলবীৰ সহায়ত কেৱল মাত্ৰ ধৰ্মীয় আচাৰ নীতিৰ আধাৰত ধৰ্মীয় শিক্ষা দিয়াত লাগিল আৰু নিজে ৰাজহুৱা ধন আত্মস্যাৎ কৰি সীমাহীন সম্পত্তিৰ গৰাকী হ’ল৷ দেশখনৰ সামৰিক বাহিনীৰ মুৰব্বী কিছুমান এই শোষণ কাৰ্যৰ সাৰথি হ’ল৷ এখন শক্তিশালী সংবিধান আৰু জনসাধাৰণৰ গণতান্ত্ৰিক চেতনাৰ অভাৱৰ সুযোগ লৈ কেইবাবাৰো সামৰিক বাহিনীয়ে ৰাষ্ট্ৰ ক্ষমতা দখল কৰি ৰাজহুৱা সম্পত্তিৰ অবাধ লুণ্ঠন আৰু সাধাৰণ নাগৰিকৰ ওপৰত দমন উৎপীড়ন চলাই যোৱাৰ সুবিধা পালে৷ আনফালে ভাৰতে এখন অতি সুলিখিত সংবিধান আৰু ধৰ্ম নিৰপেক্ষ নীতিৰ আধাৰত সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে প্ৰগতিৰ বাট বুলিবলৈ সক্ষম হ’ল৷ স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পাছত আজি যদিও অনুভৱ কৰোঁ যে যিমান প্ৰগতি আমাৰ হ’ব লাগিছিল সিমান হোৱা নাই বিভিন্ন কাৰণত; কিন্তু এটা কথা বুকু ডাঠ কৰি ক’ব পাৰোঁ যে যিখিনি হৈছে সেইখিনি পাকিস্তানৰ দৰে দেশৰ তুলনাত বহু বেছি আৰু সেয়া সম্ভৱ হৈছে আমাৰ সংবিধান প্ৰণয়ন কৰা দূৰদৰ্শী নেতাসকলৰ দূৰদৰ্শিতাৰ বাবে, ধৰ্ম নিৰপেক্ষতা আৰু সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি থকা তেওঁলোকৰ অটল বিশ্বাস আৰু এই ব্যৱস্থা পৰিচালনা কৰাৰ বাবে থকা তেওঁলোকৰ দক্ষতাৰ বাবে৷ পাকিস্তানৰ দৰে ভাৰতেও যদি একেই নীতি গ্ৰহণ কৰিলেহেঁতেন আমি আজি কি পৰ্যায়ত থাকিলোহেঁতেন বৰ্তমানৰ পাকিস্তানৰ অৱস্থালৈ চালে ভাবিবলৈও ভয় লাগে৷ এই কথা ক’বলৈ আমাৰ অকণো দ্বিধা নাই যে পাকিস্তানৰ তুলনাত ভাৰতৰ শিক্ষা-দীক্ষা, বিজ্ঞান-চৰ্চা, নাগৰিকৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ কাৰণ হৈছে আমাৰ সংবিধানত নিহিত হৈ থকা ধৰ্ম নিৰপেক্ষ নীতি, নাগৰিকৰ মাজত বিজ্ঞান মানসিকতা প্ৰচাৰ প্ৰসাৰৰ বাবে থকা নিৰ্ধাৰিত নীতি৷ মাজে সময়ে হোৱা অনেক ত্ৰুটি-বিচু্যতি সত্ত্বেও আজিৰ তাৰিখতো আমাৰ ৰাষ্ট্ৰ পৰিচালনাৰ মূল নীতি একেই আছে আৰু সেই বাবেই ভাৰতৰ প্ৰগতিৰ বাট স্থবিৰ হোৱা নাই৷ পাকিস্তান, আফগানিস্তানৰ দৰে দেশলৈ চাই আমি এটা শিক্ষা লোৱা উচিত– ধৰ্মক ৰাষ্ট্ৰ পৰিচালনাৰ মূল হিচাপে গ্ৰহণ কৰিলে কোনো দেশৰ কেতিয়াও উন্নতি হ’ব নোৱাৰে৷ ধৰ্মৰ মাজত থকা গোড়ামি, ৰক্ষণশীলতা আৰু উন্মাদনাই এখন দেশৰ প্ৰগতিৰ পথত ডাঙৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে আৰু তাৰ চূড়ান্ত কুফল ভোগ কৰিব লাগে সাধাৰণ জনগণে৷ ধৰ্ম মানুহৰ ব্যক্তিগত জীৱনৰ বিষয়৷ কোনে কি বিশ্বাস কৰে সেইটো ব্যক্তিগত স্বাধীনতাৰ কথা৷ নিজৰ মনৰ ইচ্ছা অনুসৰি ধৰ্ম পালন কৰা, ধৰ্মীয় আচাৰ নীতি মানি চলাৰ অধিকাৰ আমাৰ সংবিধানে দিছে৷ কিন্তু মানুহৰ এই ব্যক্তিগত বিষয় যেতিয়া দেশৰ পৰিচালনাৰ মূল হিচাপে গ্ৰহণ কৰা হয়, তেতিয়া এখন দেশৰ, এখন সমাজৰ পতনৰ দিন আৰম্ভ হয়৷ মানুহৰ ধৰ্মীয় আৱেগ ৰাজনৈতিক আৰু বেপাৰৰ স্বাৰ্থত ব্যৱহাৰ হৈ যাতে সাধাৰণ মানুহ শোষিত, নিস্পেষিত হ’ব নোৱাৰে, তাৰ বাবেই আমাৰ দূৰদৰ্শী নেতাসকলে আমাৰ ৰাষ্ট্ৰ পৰিচালনাৰ মূল নীতি হিচাপে গ্ৰহণ কৰিছিল ধৰ্ম নিৰপেক্ষ নীতি৷ আমাৰ ধৰ্ম নিৰপেক্ষ নীতি আৰু ইয়াৰ ওপৰত অগাধ বিশ্বাস পোষণ কৰা নাগৰিকক লৈ আজি বহুজনে আপত্তি, তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায়, তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ নতুন নতুন ব্যাখ্যা উলিয়ায়৷ কিন্তু আমি যি ধৰণে ইয়াক বুজি পাওঁ অথবা গ্ৰহণ কৰিছোঁ সেয়া হৈছে যে আমাৰ ধৰ্ম নিৰপেক্ষতা নীতি মানে হৈছে ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা নকৰিব, সকলো ধৰ্মকে সমান সন্মানৰ চকুৰে চাব, চৰকাৰী কোনো কামত বা বিষয়ত কোনো বিশেষ ধৰ্মৰ ধৰ্মীয় আচাৰ নীতি প্ৰয়োগ নকৰিব৷ নাগৰিকৰ ব্যক্তিগত ধৰ্মীয় আচাৰ নীতি পালনৰ অধিকাৰ অক্ষুণ্ণ থাকিব৷ আজি এই নীতিৰ প্ৰতি আমি, আমাৰ শাসক কিমান দায়বদ্ধ, সেয়া এক বেলেগ বিষয়৷ আমি আজি সেই আলোচনালৈ নাযাওঁ৷ কিন্তু এই কথা দিনৰ পোহৰৰ দৰেই সত্য আৰু আমাৰ বাবে অটল আস্থা আৰু বিশ্বাসৰ বিষয়– আমাৰ দেশৰ উন্নতিৰ মূল চালিকাশক্তি হৈছে আমাৰ শক্তিশালী সংবিধান আৰু আমাৰ ধৰ্ম নিৰপেক্ষ নীতি যাৰ অভাৱত পাকিস্তানৰ দৰে দেশ আজি বিপৰ্যয়ৰ গৰাহত৷ এই কথা হিন্দু, মুছলমান, শিখ আদি সকলো ধৰ্মাৱলম্বী লোকে মনত ৰাখিব লাগিব৷ ধৰ্মতকৈ দেশৰ স্বাৰ্থ সদায় ওপৰত, সেই কথা আমি সকলোৱে বুজি পোৱাই নহয়, হাতে কামে কৰি দেখুৱাব লাগিব৷ এই বিষয়ত মুছলমান ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য আটাইতকৈ বেছি কাৰণ আমাৰ দেশৰ স’ততে অনিষ্ট কৰিব বিচৰা দেশখন ইছলাম ধৰ্মীয়৷ ইছলাম তেওঁলোকৰ ৰাষ্ট্ৰৰ ধৰ্ম৷ আমাৰ বিবেচনাৰে সেইটোৱেই তেওঁলোকৰ অধঃপতন আৰু দুৰ্দশাৰ একমাত্ৰ আৰু মুখ্য কাৰণ৷ আমাৰ দেশে যেতিয়ালৈকে আমাৰ সংবিধান, ধৰ্ম নিৰপেক্ষ নীতি প্ৰকৃত অৰ্থত পালন কৰি থাকিব যেতিয়ালৈকে পাকিস্তানৰ দৰে সকলো ফালে ব্যৰ্থ, মৌলবাদী সন্ত্ৰাসবাদীক জন্ম দিয়া, পোহপাল দিয়া এখন দেশৰ চক্ৰান্ত, আক্ৰমণে আমাক মাজে সময়ে অসুবিধাত পেলাই থাকিব পাৰে, কিন্তু আমাৰ দেশৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে৷
কিন্তু আমাৰ বাবে বৰ্তমানৰ উদ্বেগৰ বিষয়টো হৈছে পাকিস্তান আজি পৰিচালিত হৈছে সকলো ফালে ব্যৰ্থ, চূড়ান্ত দুৰ্নীতি পৰায়ণ আৰু অত্যাচাৰী, যুদ্ধোন্মাদ শাসকৰ দ্বাৰা যাৰ দৃষ্টিত কুখ্যাত মৌলবাদী সন্ত্ৰাসবাদী আৰু দেশৰ সামৰিক বাহিনীৰ জোৱান একেই৷ সিহঁতৰ একমাত্ৰ উদ্দেশ্য হৈছে ভাৰতৰ ক্ষতি সাধন কৰা৷ সেই বাবেই জন্মৰে পৰা ভাৰতৰ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা সিহঁতৰ একমাত্ৰ কামত পৰিণত হৈছে৷ কিন্তু সাধাৰণ নাগৰিক আৰু পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই সিহঁতে সহ্যৰ সীমা এতিয়া অতিক্ৰম কৰিছে৷ সেই কাৰণে আমি আগতে কৈ আহিছোঁ যে এতিয়া আমি যুদ্ধ বিচৰা নিবিচৰাৰ ওপৰত পৰিস্থিতি নিৰ্ভৰ নকৰে৷ পেহেলগামত ২২ এপ্ৰিলত পাকিস্তানৰ দ্বাৰা প্ৰেৰিত সন্ত্ৰাসবাদীয়ে যি নাৰকীয় হত্যালীলা চলালে তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আমাৰ চৰকাৰ আৰু আমাৰ সেনাবাহিনীয়ে ধৈৰ্য, সংযম আৰু সময়োচিত সামৰিক কৌশলৰ যি উদাহৰণ দাঙি ধৰিছে সি সঁচাকৈ প্ৰশংসাৰ যোগ্য৷ পাকিস্তানৰ সাধাৰণ নাগৰিক আৰু আনকি সেনাবাহিনীকো টাৰ্গেট নকৰাকৈ ‘অপাৰেশ্যন সিন্দূৰ’ৰ দ্বাৰা ভাৰতে অকল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই সিহঁতৰ যি ধৰণে ক্ষতি সাধন কৰিলে, তাৰ বাবে আমাৰ সামৰিক বাহিনী আমাৰ বহুত অভিনন্দনৰ যোগ্য৷ আমাৰ সামৰিক বাহিনীৰ দক্ষতা আৰু ত্যাগৰ মনোভাৱ আমাৰ বাবে গৌৰৱৰ বিষয়৷ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফল সমাপ্তিৰ পাছত সামৰিক বাহিনীৰ দ্বাৰা যি সাংবাদিক মেলৰ আয়োজন কৰা হৈছিল তাত এই বিষয়ে বৰ্ণনা দিবলৈ দুগৰাকী অতি দক্ষ মহিলা সামৰিক বিষয়াক দায়িত্ব দিয়া হৈছিল৷ সেই দুগৰাকী ক্ৰমে চফিয়া কুৰেশ্বি আৰু ভ্যমিকা সিঙৰ বিষয়ে আমাৰ ৰাইজে ইতিমধ্যে জানে৷ তেওঁলোকে এতিয়ালৈকে কেইবাখনো প্ৰেছ মিটত অংশ লৈছে৷ তেওঁলোকৰ নিৰ্বাচন, তেওঁলোকক ক’বলৈ দিয়াটোও আমাৰ চৰকাৰ আৰু সামৰিক বাহিনীৰ এটা ভাল চিন্তা যাৰ দ্বাৰা বিশ্বৰ চকুত পাকিস্তানৰ তুলনাত আমাৰ ভাৱমূৰ্তি বহু উজ্জ্বল হৈছে বুলিব পাৰি৷ প্ৰেছ মিটত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ বক্তব্যও ইমান স্পষ্ট আৰু পৰিশীলিত যে প্ৰশংসা নকৰি নোৱাৰি৷ তেওঁ পেহেলগামত ধৰ্ম বিচাৰি হত্যা কৰাৰ পাকিস্তানৰ উদ্দেশ্য যে ভাৰতৰ ঐক্য সংহতি বিনষ্ট কৰি সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা আৰু কাশ্মীৰৰ ঠন ধৰি উঠা পৰ্যটন উদ্যোগ সম্পূৰ্ণ বিনষ্ট কৰি তাৰ যুৱক চামক সন্ত্ৰাসৰ পথলৈ উচটোৱা– এই কথা বৰ সুন্দৰভাৱে ব্যাখ্যা কৰি বিশ্বৰ আগত পাকিস্তানৰ অসৎ উদ্দেশ্য স্পষ্ট কৰি তুলিলে৷ জম্ম-কাশ্মীৰৰ সুযোগ্য সন্তান, চীন দেশত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত মিশ্ৰিয়ে তেওঁৰ বক্তব্যত যি সংযম আৰু ভাষাৰ প্ৰয়োগ কৰিছে আমি ভাবোঁ যে আমাৰ দায়িত্বশীল পদবীত থকা বহুব{¨ী ৰাজনৈতিক নেতাৰ তেওঁৰ পৰা বহু শিকিব লগা আছে৷
পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতৰ ফালৰ পৰা যি সংযম আৰু প্ৰতিৰোধৰ ৰণকৌশল লোৱা হৈছে তাৰ প্ৰতি দেশৰ বিৰোধী দলসমূহেও সমৰ্থন জনাইছে আৰু ই বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বৰ আদৰণীয়৷ পেহেলগামত পাকিস্তান প্ৰেৰিত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ ভিত্তিত চ্ছ জনকৈ পৰ্যটকৰ হত্যা কৰাৰ অন্তৰালত পাকিস্তানৰ যি অসৎ উদ্দেশ্য আছিল তাক ভাৰতৰ জনতাই অভূতপূৰ্ব সংযম আৰু ধৈৰ্যৰে পূৰণ হ’বলৈ নিদিলে তাৰ বাবে ভাৰতৰ গণতান্ত্ৰিক ধ্যান- ধাৰণাৰ চালিকাশক্তি ধৰ্ম নিৰপেক্ষতাত বিশ্বাসী ভাৰতৰ সাধাৰণ জনতাও অশেষ শলাগ আৰু অভিনন্দনৰ যোগ্য৷ পৰ্যটকৰ নিৰাপত্তাত ধ্যান নিদিয়াৰ বাবে চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ সৰ্বদলীয় বৈঠকত চৰকাৰে নিজৰ ভুল স্বীকাৰ কৰাত বিৰোধী দলবোৰে সেই বিষয়ে আৰু অধিক আলোচনা নকৰি চৰকাৰে গ্ৰহণ কৰা সকলো পদক্ষেপত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াটোও আমাৰ বাবে স্বস্তিৰ বিষয়৷ বিয়াৰ মাত্ৰ কেইদিনমানৰ পাছতে সেই নৰসংহাৰৰ মাজত প্ৰাণ দিয়া বায়ুসেনা বিষয়া বিনয় নাৰৱালৰ পত্নী হিমাংক্ষী নাৰৱালে সেই নাৰকীয় ঘটনাৰ বাবে দেশৰ সমগ্ৰ মুছলমান আৰু কাশ্মীৰৰ মানুহক জগৰীয়া নকৰিবৰ বাবে কৰা আহ৩ান আমাৰ ধৰ্ম নিৰপেক্ষ নীতিৰ শক্তিশালী ভেটি আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধা আৰু অটল বিশ্বাসকে প্ৰতিপন্ন কৰা নাইনে? ইমান সুচিন্তিত, সময়োচিত আহ৩ানে আমাৰ ঐক্য সংহতি শক্তিশালী কথাই নহয়, পাকিস্তানৰ অসৎ উদ্দেশ্য সফল হোৱাত বাধা দিয়াত অৰিহণা যোগোৱাৰ বাবে শ্বহীদ পত্নী হিমাংশী নাৰৱাল আমাৰ অশেষ ধন্যবাদ আৰু অভিনন্দনৰ পাত্ৰ৷