Logo
image

কংগ্ৰেছ প্ৰাৰ্থীৰ নতুন ‘আস্তাবল’ সোণাপুৰৰ ৰিজ’ৰ্ট

আমাৰ অসম, ২২ এপ্ৰিলঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে হোটেল ৰাজনীতি৷ হৰ্ছ ট্ৰেডিঙৰ পৰা বাচিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে হোটেল ৰাজনীতি৷ নিজৰ প্ৰাৰ্থীসকলক যাতে কোনেও ‘কিনিব’ নোৱাৰে তাৰ বাবে কংগ্ৰেছে হোটেল ৰাজনীতিৰ আশ্ৰয় লৈছে৷ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নজৰবন্দী কৰি ৰাখিবৰ বাবে সোণাপুৰস্থিত দিচাং ৰিজ’ৰ্ট বুক কৰা হৈছে৷ প্ৰাথমিক পৰ্যায়ত ২২ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ বুক কৰা হৈছে দিচাং ৰিজ’ৰ্ট৷ বিশাল ৰিজ’ৰ্টখনৰ আটাইকেইটা কোঠা বুক কৰিছে কংগ্ৰেছে৷ ৰিজ’ৰ্টৰ চাৰিওফালে কাপোৰ বেৰি দিয়া হ’ব যাতে ভিতৰত থকা কোনো লোকক বাহিৰৰ মানুহে নেদেখে অথবা ভিতৰৰ পৰা বাহিৰৰ কোনো মানুহক দেখা নাযায়৷ নজৰবন্দী কৰি ৰখা কংগ্ৰেছ প্ৰাৰ্থীসকলৰ বাবে পৃথকে ‘চাৰ্ভিচ বয়’ৰ ব্যৱস্থা কৰা হ’ব৷ ৰিজ’ৰ্টৰ কৰ্মৰত ছাৰ্ভিচ বয়ে নজৰবন্দী কৰি ৰখা কংগ্ৰেছ প্ৰাৰ্থীক আলপৈচান ধৰিব নোৱাৰিব৷ ৰিজৰ্টৰ ভিতৰত ভলীবল, টেনিছ খেলাৰ সুবিধা কৰি দিয়াৰ উপৰি জিমৰ ব্যৱস্থা কৰাৰ বন্দোবস্ত কৰা হৈছে৷ ৰিজৰ্টৰ পৰিচালকে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে৷ ৰিজ’ৰ্টখনত পৰিচালকে সদৰী কৰা মতে কংগ্ৰেছ নেতৃত্বই নজৰবন্দী কৰি ৰাখিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে চুইমিং পুল আৰু স্পাৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিল৷ কিন্তু ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে চুইমিং পুলৰ ব্যৱস্থা কৰি দিয়া নহয়৷ স্পাৰ সুবিধা তেওঁলোকে বিচৰাধৰণে কৰি দিয়া হ’ব৷ টেনিচ কৰ্ট বনোৱাৰ বাবে অতিৰিক্ত খৰচ হ’ব৷ সেই খৰচ ৰিজ’ৰ্ট বুক কৰা লোকে দিব লাগিব৷ উল্লেখ্য, হৰ্ছট্ৰেডিঙৰ ভয়ত কিছুদিন পূৰ্বে ইউ ডি এফৰ প্ৰাৰ্থীসকলক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছিল৷ ৰাজস্থানৰ হোটেল ফেয়াৰমণ্ট জয়পুৰত কেইবাদিন ধৰি লুকাই ৰখা হৈছিল৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ আতিথ্যত আছিল ইউ ডি এফ প্ৰাৰ্থীকেইজন৷ ইয়াৰ এদিন পাছতে হৰ্ছ ট্ৰেডিঙৰ ভয়ত ছত্তিশগড়লৈ প্ৰেৰণ কৰা হৈছিল বি পি এফৰ আঠজন প্ৰাৰ্থীক৷ অৱশ্যে ৰাজস্থান আৰু ছত্তীশগড়লৈ প্ৰেৰণ কৰা ইউ ডি এফ আৰু বি পি এফৰ প্ৰাৰ্থীসকলে হৰ্ছ ট্ৰেডিঙৰ ভয়ত উক্ত স্থানলৈ যোৱাৰ কথা অস্বীকাৰ কৰিছিল৷ নিৰ্বাচনৰ পিছত অৱসৰ বিনোদনৰ বাবে তেওঁলোকে ৰাজস্থান, ছত্তিশগড়লৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷