
অপাৰেচন সিন্দূৰ আৰু অন্যান্য
ভাৰত চৰকাৰে পাকিস্তানৰ সুনিৰ্দিষ্ট কেইটামান সন্ত্ৰাসবাদীৰ ঘাটিত মিছাইলেৰে আক্ৰমণ কৰাৰ বাতৰি দেশবাসীক অৱগত কৰাৰ সময়তে আমাৰ লগতে একাংশ সচেতন ৰাইজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ অকণো শিথিল নকৰাকৈ আন এক ভাৰত-পাকিস্তান যুদ্ধ এৰাই চলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিছিল৷ কিন্তু পৰিৱেশ এনে কৰি তোলা হৈছিল যে যুক্তিসংগত কথা শুনাৰ বিপৰীতে পাকিস্তানৰ সমৰ্থক বুলি লেবেল মৰাৰ ভয়ানক প্ৰৱণতা-বিজেপিৰ নেতা-মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ট্ৰ’ল বাহিনীলৈকে– সকলোৰে মাজত গঢ় লৈ উঠিছিল৷ এতিয়া একেটা কথা ট্ৰাম্পে কোৱাৰ পাছত সেয়া গ্ৰহণযোগ্য হৈ পৰিল আৰু আনকি এখন সৰ্বদলীয় সভাৰ নূ্যনতম প্ৰয়োজনীয়তাকো উপলব্ধি নকৰাকৈ থৰকাছুটি হেৰুওৱাৰ দৰে যুদ্ধবিৰতি ঘোষণা কৰা হ’ল৷ অথচ চৰকাৰৰ নিজৰ ভাষাতে ‘অপাৰেচন সিন্দূৰ’ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নাছিল৷ ভাৰতীয় কতৃৰ্পক্ষই এই অভিযানক ‘বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পৰিচালিত কৰা এক সহযোগিতামূলক আৰু অ-উত্তেজনামূলক দৃষ্টিভংগীৰে কৰা এক সংক্ষিপ্ত আৰু সংযত সঁহাৰি’ বুলিহে অভিহিত কৰিছিল৷ তেনে ক্ষেত্ৰত ‘যুদ্ধবিৰতি’ শব্দটো যথাৰ্থ নহ’ল বুলিয়েই ক’ব পাৰি৷
আমেৰিকাই কওক বা নকওক, সাধাৰণতে কোনো লোকেই যুদ্ধ নিবিচাৰে; তাতে পাৰমাণৱিক শক্তিসম্পন্ন দুয়োখন চুবুৰীয়া দেশ দুখন পূৰ্ণাংগ যুদ্ধত লিপ্ত হোৱাটো যুদ্ধোন্মাদ লোকৰ বাহিৰে কাৰো কাম্য হ’ব নোৱাৰে৷ যুদ্ধ হৈছে একেবাৰে শেষ বিকল্প৷ মহাভাৰতৰ পৰা আধুনিক যুগলৈ এই নীতি এতিয়াও বৈধ হৈ আছে৷ সেয়ে ভাৰত-পাকিস্তানৰ মাজত আন এক যুদ্ধ এৰাই চলাৰ বাবে, দুয়োখন চুবুৰীয়া দেশৰ মাজত যুদ্ধ ৰোধ কৰাৰ বাবে আৰু উত্তেজনা হ্ৰাস কৰাৰ বাবে অসামৰিক কূটনৈতিক বিকল্পৰ প্ৰচেষ্টা অৱশ্যেই আদৰণীয়৷ আমি মাত্ৰ এটা কথাতে আচৰিত হৈছো যে সন্ত্ৰাসবাদীৰ ঘাটিত মিছাইল আক্ৰমণৰ কথা অৱগত কৰিলে ভাৰত চৰকাৰে আৰু যুদ্ধবিৰতি ঘোষণা কৰিলে ট্ৰাম্পে৷ আমেৰিকাৰ নিৰ্দেশতে যুদ্ধবিৰতি হৈছে নেকি এই প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হৈছে৷
পেহেলগামে কঢ়িয়াই অনা দুটা চিন্তনীয় বিষয় হৈছে ভাৰতৰ অভ্যন্তৰত আহি পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সঘন আক্ৰমণ আৰু ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ব্যৱস্থাত থকা গুৰুতৰ নাটনিৰ বিষয়টো৷ যুদ্ধবিৰতি ঘোষণা হ’লেও এই দুখন তৰোৱাল জনসাধাৰণৰ মূৰৰ ওপৰত ওলমি আছেই৷ সেয়ে এই দুটা বিষয়ৰে ওপৰত গভীৰ পৰ্যালোচনা নকৰিলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অভিযান অসম্পূৰ্ণ হৈ ৰ’ব৷
পাকিস্তানৰ লগত ভাৰতবৰ্ষ পূৰ্ণাংগ যুদ্ধত এবাৰেই জড়িত হৈছিল আৰু সেয়া আছিল ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ৷ সেই যুদ্ধত পাকিস্তান নিৰ্ণায়ক পৰাজয়ৰ সন্মুখীন হৈছিল৷ সেই যুদ্ধত পূব-পাকিস্তানৰ হিন্দু-মুছলিম নিৰ্বিশেষে এক বৃহৎ সমুদায় ভাৰতৰ পক্ষত থিয় দিছিল আৰু আমেৰিকাই পাকিস্তানৰ পক্ষত থিয় হোৱাৰ পিছতো ভাৰতে এটা স্তৰত আন্তৰ্জাতিক সমৰ্থনো লাভ কৰিছিল৷ অৱশ্যে এই যুদ্ধ সন্ত্ৰাসবাদৰ বিৰুদ্ধে নাছিল৷
তাৰ পাছত সুদীৰ্ঘ ২৮ বছৰৰ বিৰতিত ১৯৯৯ চনৰ মে’ মাহত সংঘটিত হয় কাৰ্গিল যুদ্ধ৷ স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথম পূৰ্ণাংগ বিজেপি চৰকাৰৰ আমোলত সংঘটিত হোৱা এই যুদ্ধক অৰ্দ্ধৰাংশিক যুদ্ধ বুলি ক’ব পাৰি আৰু এই যুদ্ধৰ বৰ্ষামুখ পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধেই আছিল যাক সেই সময়ত জনপ্ৰিয়ভাৱে ‘ঘুচনেঠি’ বা অনুপ্ৰৱেশকাৰী বুলি কোৱা হৈছিল৷ এই যুদ্ধত Indian military personnel suffered ৫২৭ deaths and ১,৩৬৩ wounded. এই যুদ্ধৰ ফলত ঘুচপেঠিসকল আঁতৰি যাবলৈ বাধ্য হয়৷ এই যুদ্ধ ১৯৯৯ চনৰ ৩ মে’ৰ পৰা ৪ জুলাইলৈকে চলিছিল অৰ্থাত প্ৰায় ৩ মাহ৷ আনহাতে ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধ চলিছিল মাত্ৰ ১৩ দিন৷
বাজপেয়ী ক্ষমতালৈ অহাৰ পাছত ভাৰতৰ ইতিহাসত প্ৰথমবাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা বিমান অপহৰণৰ ঘটনা সংঘটিত হৈছিল য’ত ভাৰতৰ এখন যাত্ৰীবাহী বিমান কাঠমাণ্ডুৰ পৰা দিল্লী আহি থকা অৱস্থাত ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত অপহৰণ কৰা হয় আৰু তালিবানী শাসনাধীন আফগানিস্তানৰ কান্দাহাৰত অৱতৰণ কৰোৱা হয়৷ অপহৰণকাৰীসকলে ভাৰতৰ জে’লত কাৰাবন্দী হৈ থকা ৩জন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ক্ৰমে Maulana Masood Azhar, Omar Saeed Sheikh আৰু Mushtaq Ahmad arorক মুকলি কৰি দিয়াৰ দাবী কৰে৷ অৱশেষত বাজপেয়ী চৰকাৰে এই তিনিওজনক মুকলি কৰি দিয়াৰ বিনিময়ত অপহৃত বিমানখন নিৰাপদে ভাৰতলৈ প্ৰত্যাগমন কৰে৷
ইয়াৰ পাছত মনমোহন সিং চৰকাৰৰ আমোলত ২০০৮ চনৰ ৪ নৱেম্বৰত পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে মুম্বাইৰ তাজ হোটেলত আক্ৰমণ কৰে৷ এই আক্ৰমণকাৰীসকলৰ ১০জনৰ ভিতৰত জ্ঝজনেই ভাৰতীয় কমাণ্ডো বাহিনীৰ হাতত নিহত হয় আৰু এজনক কৰায়ত্ত কৰে৷ পিছত আইনী বিচাৰ কৰি মৃত্যুদণ্ড প্ৰদান কৰা হয়৷ উল্লেখযোগ্য যে এই ঘটনাত বিদেশী পৰ্যটক আৰু ২৬ জন জোৱানসহ ১৭৪ জন লোকৰ মৃত্যু হৈছিল৷
ইয়াৰ বহুদিন বিৰতিৰ পাছত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ ক্ষমতাত আৰোহণৰ প্ৰায় ২ বছৰ পাছত ২০১৬ চনৰ ২ জানুৱাৰীত পাঠানকোটৰ বায়ু সেনা ষ্টেচনত পাকিস্তানৰ ৪ জন সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে৷ ৪ দিন জোৰা যুদ্ধৰ অন্তত চাৰিওজন সন্ত্ৰাসবাদীয়েই নিহত হয় যদিও ভাৰতৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেলেও শ্বহীদৰ মৃত্যুবৰণ কৰে৷
ইয়াৰ পাছত কাশ্মীৰৰ উৰীৰ এটা সামৰিক শিৱিৰত ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ১৯জন জোৱানক হত্যা কৰে৷ ইয়াৰ প্ৰতিশোধকল্পে ভাৰতে ২৮ ছেপ্টেম্বৰত পাকিস্তানৰ নিৰ্দিষ্ট কেইটামান সন্ত্ৰাসবাদীৰ শিৱিৰত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ কৰে আৰু কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধংস কৰা বুলি চৰকাৰে দাবী কৰে৷
ইয়াৰ পিছতে আহে ২০১৮ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীৰ পুলুৱামা-কাণ্ড য’ত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন অদ্ধৰ্-সামৰিক বাহিনীৰ জোৱান নিহত হয়৷
এই ঘটনাৰ আক্ৰমণ হিচাপে বালাকোটত ভাৰতে মিছাইল আক্ৰমণ কৰে যদিও ভাৰতৰ এখন বিমান পাকিস্তানে গুলীয়াই ভূপতিত কৰা বুলি দাবী কৰে আৰু বিমানৰ পাইলট অভিনন্দন পাকিস্তানী সৈন্যৰ হাতত বন্দী হয়৷ বালাকোট ‘এয়াৰ ষ্ট্ৰাইক’ত পাকিস্তানৰ ৩০০ সন্ত্ৰাসবাদী নিহত হোৱা বুলি চৰকাৰে দাবী কৰে যদিও বিৰোধীয়ে তাৰ প্ৰমাণ বিচাৰে আৰু চৰকাৰৰ দাবীত সন্দেহ প্ৰকাশ কৰে৷
ইয়াৰ পিছত যোৱা ২২ এপ্ৰিলত পেহেলগামৰ বৰ্বৰ কাণ্ড সংঘটিত হয় য’ত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱায়৷
এই তালিকাক্ৰমে দেখুৱাইছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত সন্ত্ৰাসবাদীৰ ঘন ঘন আক্ৰমণ সংঘটিত হৈছে আৰু সামৰিক বিষয়াসহ প্ৰায় ৬৫জন জোৱান আৰু কেইবাজনো নিৰীহ অসামৰিক লোক এই আক্ৰমণ সমূহৰ বলি হৈছে৷
কিন্তু এই সন্ত্ৰাসবাদী আক্ৰমণসমূহৰ বিৰুদ্ধে বিজেপি চৰকাৰে কূটনৈতিক বিজয় অৰ্জন কৰাত কিমান সফল হৈছে সি গভীৰ পৰ্যালোচনাৰ দাবী কৰে আৰু লগতে উৎসতে সন্ত্ৰাসবাদ খতম কৰাৰ বাবে চৰকাৰে চলোৱা প্ৰতি আক্ৰমণসমূহেও সফলতা-বিফলতাৰ নিৰপেক্ষ হিচাপ-নিকাচ দাবী কৰে৷ কিয়নো প্ৰত্যেকবাৰেই সন্ত্ৰাসবাদীসকলে নিৰ্ভয়ে আৰু নিৰ্বিঘ্নে আক্ৰমণ কৰি আছে৷ কাৰ্গিল যুদ্ধ, ছাৰ্জিকেল ষ্ট্ৰাইক, বালাকোট ষ্ট্ৰাইক এইবোৰে যেন সন্ত্ৰাসবাদীসকলক অপ্ৰতিৰোধ্য কৰিহে তুলিছে৷ অথচ ১৯৭১ চনৰ পাছত সন্ত্ৰাসবাদী দূৰৈৰ কথা খোদ পাকিস্তানেই ভাৰতৰ বিৰুদ্ধে এনেদৰে আক্ৰমণ কৰাৰ সাহস কৰা নাছিল৷
সেয়ে ভাৰতৰ নিৰাপত্তাৰ স্বাৰ্থতে বিজেপি চৰকাৰে বিশেষকৈ মোদী চৰকাৰে লৈ অহা নীতিবোৰৰ এক পৰ্যালোচনা কৰাটো জৰুৰী হৈ পৰিছে বুলি আমি বিবেচনা কৰো৷
এই পৰ্যালোচনাৰ এটা বিষয় হোৱা উচিত আমেৰিকাৰ নিৰ্দেশসুলভ হস্তক্ষেপৰ প্ৰশ্নটো৷ আমি সকলোৱেই জানো যে ১৯৭১ চনত আমেৰিকাই পাকিস্তানৰ পক্ষ লৈছিল আৰু যুদ্ধ বন্ধ কৰিবলৈ ইন্দিৰা গান্ধীৰ ওপৰত আমেৰিকাই তীব্ৰ কূটনৈতিক হেঁচা প্ৰয়োগ কৰিছিল৷ কিন্তু ভাৰতে সেই হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰা নাছিল৷ কিন্তু এইবাৰ ভাৰতে আমেৰিকাৰ ওচৰত নতি স্বীকাৰ কৰাৰ দৰেই লাগিছে৷ ইয়াৰ কাৰণ হ’ব পাৰে ভাৰতে পূৰ্বতে লৈ অহা গোষ্ঠীনিৰপেক্ষ নীতিৰ পৰা আঁতৰি আহি আমেৰিকা-ইজৰাইল অক্ষত অৱস্থান কৰিছে আৰু যাৰ ফলত ভাৰত অকলশৰীয়া হৈ পৰাৰ লক্ষণ প্ৰকট হৈ পৰিছে৷ আনকি দক্ষিণ এছিয়াৰ দেশসমূহৰ লগতো সু-সম্পৰ্কৰ নাটনি দেখা গৈছে৷
এতিয়া আমি আহোঁ ‘অপাৰেচন সিন্দূৰ’ নামটোৱে বহন কৰা তাৎপৰ্যলৈ৷ ‘অপাৰেচন সিন্দূৰ’ নামটোৱে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত স্বামী হেৰুওৱা মহিলাসকলক ন্যায় দিয়াৰ লক্ষ্যকে তুলি ধৰিছিল বুলি ক’ব পাৰি৷ যুদ্ধবিৰতিৰ পাছত এই ন্যায়ৰ অভিযানতো বিৰতি হ’ব নেকি? এই প্ৰশ্নৰ উত্থাপন এইবাবেই হৈছে যে ভাৰতীয় সৈন্যবাহিনীৰ উচ্চ দায়িত্বপ্ৰাপ্ত বিষয়া তথা ‘অপাৰেচন সিন্দূৰ’ৰ এজন অন্যতম কমাণ্ডাৰ কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক বিজেপি নেতা তথা মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী কুঁৱাৰ বিজয় শ্বাহে সন্ত্ৰাসবাদীৰ ‘ভনীয়েক’ বুলি ক’বলৈ সাহস পাইছে৷ অৰ্থাৎ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালৰ পত্নী হিমাংশী নৰৱালৰ পাছত এইবাৰ এগৰাকী মহিলা সেনাবিষয়াক ‘ট্ৰ’ল’ৰ লক্ষ্য কৰি লোৱা হৈছে৷
ভুক্তভোগী পৰিয়ালসমূহৰ বাবে ন্যায়ৰ প্ৰশ্নটো সঁচাকৈয়ে এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ সকলোৱেই জানে যে পেহেলগাম কাণ্ডৰ মাত্ৰ এসপ্তাহমানৰ আগতে বিবাহপাশত আৱদ্ধ হোৱা নৌসেনা বিষয়া ২৬ বছৰীয়া বিনয় নাৰোৱাল সেই অভিশপ্ত দিনটোত নৱবিবাহিতা পত্নী হিমাংশী নাৰৱালক লগত লৈ মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ কাশ্মীৰলৈ গৈছিল আৰু তাতেই নৌসেনা বিষয়াজন সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত নিহত হৈছিল৷ তেওঁলোকে কেতিয়াও ভবা নাছিল যে পৰ্যটনথলী হিচাপে ঘোষণা কৰা আৰু পৰ্যটকসকলক ভ্ৰমণৰ বাবে আহ৩ান জনোৱা ঠাইটুকুৰা পাকিস্তানৰ ঘাতকবাহিনীৰ বাবেও উন্মুক্ত আছিল৷ স্বামীৰ মৃতদেহৰ কাষত হিয়া ভগা কান্দোনেৰে কান্দি থকা হিমাংশী নৰৱালৰ এটা ভিডিঅ’ সামাজিক আৰু সংবাদ মাধ্যমত বহুল প্ৰচাৰিত হৈছিল আৰু বৰ্বৰ কাণ্ডটোৰ পৰিণামৰূপী প্ৰতীক হিচাপে এই ভিডিঅ’টো তুলি ধৰা হৈছিল৷ কিন্তু আচৰিত কথা যে হিমাংশী নৰৱালে এটা অনুষ্ঠানত কাশ্মীৰী আৰু মুছলমান সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰিব নালাগে বুলি মন্তব্য কৰাৰ পাছতে নৌসেনা বিষয়াগৰাকীৰ বিধৱা পত্নী হিমাংশীৰ বিৰুদ্ধে সেই একেখিনি মাধ্যম আৰু উগ্ৰ মৌলবাদী একাংশ লোক ঘৃণা আৰু ঠাট্টাৰ অভিযানত নামি পৰে৷ হিমাংশী নৰৱালে কি কৈছিল? People going against Muslims or Kashmiris - we don' want this. want peace and only peace. course, we want justice. The people who have wronged him should be punished. এইখিনি কথা একাংশ লোকে কিয় বেয়া পাইছিল সেয়া বোধকৰো বহলাই নক’লেও হ’ব৷
এতিয়া প্ৰশ্নটো হ’ল যে ট্ৰ’ল বাহিনীক শাস্তি দিয়া হ’বনে? নে ‘মহিলা’ক ন্যায়, ‘মহিলা কমাণ্ডাৰ’ আদি নাম দি ‘মহিলা’ নামটো মাথোঁ ব্যৱহাৰহে কৰা হ’ব?
এতিয়া আঁহো আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰসংগলৈ৷
পেহেলগাম বৰ্বৰ কাণ্ডটোৰ সকলো ভুক্তভোগী প্ৰত্যক্ষদৰ্শীয়েই সন্ত্ৰাসবাদীসকলক জঘণ্য আক্ৰমণ চলাবলৈ সক্ষম কৰি তোলা একাধিক ভুলৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে৷
পুলুৱামা কাণ্ডৰ হত্যাকাৰীসকলক যোৱা ৬ বছৰত কিয় চিনাক্ত কৰিব পৰা নগ’ল আৰু এই তদন্তৰ অগ্ৰগতি কি পৰ্যায়ত আছে বুলি প্ৰশ্ন কৰাসকলক দেশদ্ৰোহীৰ লেবেল মাৰি দি আচল বিষয়টো তল পেলাই দিয়াৰ দৰে পেহেলগাম কাণ্ডৰ ওপৰত প্ৰশ্ন কৰাসকলৰ ওপৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি সেই শংকা ঘনীভূত হৈ পৰিছে৷ কিয়নো ভোজপুৰী লোকগায়িকা নেহা সিং ৰাথোৰ, লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা ৰাজনৈতিক ব্যংগকাৰ মাদ্ৰী কাকতি, ডিজিটেল নিউজ চেনেল ৪ পিএম নেটৱৰ্ক আৰু সাংবাদিক পুণ্য প্ৰসুন বাজপেয়ীৰ ইউটিউব চেনেল ‘দিচএপিয়াৰেন্স’ৰ বিৰুদ্ধে ঠিক এই প্ৰশ্নটো উত্থাপন কৰাৰ বাবেই মনেসজা অভিযোগ আনি ৰাষ্ট্ৰ বিৰোধী বুলি গোচৰ ৰুজু কৰাৰ ঘটনাই সমালোচনাত্মক মতৰ ওপৰত যে আক্ৰমণৰ এক নতুন পৰ্যায়ৰ আৰম্ভ কৰিছে তাৰেই ইংগিত বহন কৰিছে৷
কিন্তু এটা প্ৰশ্নৰ অৱতাৰণা হৈছে যে কংগ্ৰেছৰ আমোলত ৪/১১ৰ আক্ৰমণৰ সময়ত বিজেপি আৰু মোদীয়ে নিৰাপত্তাৰ নাটনি সন্দৰ্ভত বহু প্ৰশ্নই উত্থাপন কৰিছিল যদিও বিজেপিৰ নেতাসকলৰ ওপৰত দেশদ্ৰোহীৰ গোচৰ তৰা হোৱা নাছিল৷ ভাৰতে সেই আক্ৰমণ চম্ভালি ল’বলৈ সক্ষম হৈছিল যদিও তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওবামাৰ সমৰ্থন বিচৰাৰ বাবে মনমোহন সিঙক তীব্ৰ ভাষাৰে ইতিকিং কৰিছিল৷ তদুপৰি তাজ হোটেল আক্ৰমণৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তদানীন্তন গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল মোদীয়ে৷ এতিয়া মোদীৰ শাসনত বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছে আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে পদত্যাগ কৰা দূৰৈৰ কথা পদত্যাগ দাবী কৰা সকলক দেশ ত্যাগ কৰিবলৈ ভাবুকি দিছে৷
দেশৰ এক জটিল আৰু স্পৰ্শকাতৰ মুহূৰ্তত আয়োজন কৰা সৰ্বদলীয় সভা বাদ দি বিহাৰৰ নিৰ্বাচনী সভালৈ যোৱাৰ ইচ্ছাটোৱেই যেন ‘নৰেন্দ্ৰ মোদী’ৰ প্ৰকৃত স্বৰূপটো জনসাধাৰণক বুজাই দিছে আৰু বুজাই দিছে বিজেপি আৰু অমিত শ্বাহৰ নৈতিকতাৰ স্বৰূপ৷ উল্লেখযোগ্য যে কংগ্ৰেছৰ শিৱৰাজ পাটিলে ৪/১১ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গৃহমন্ত্ৰীৰ পৰা পদত্যাগ কৰিছিল৷
সেয়ে আভ্যন্তৰীণ নিৰাপত্তাৰ নাটনিৰ বিষয়টোৱেও গভীৰ পৰ্যালোচনাৰ দাবী কৰিছে৷ কিয়নো আটাইতকৈ শক্তিশালী বুলি বহুলভাৱে প্ৰচাৰিত এজন নেতাৰ শাসনত এনে ‘লাপৰৱাহী’ বা গাফিলতি, যি সামৰিক জোৱান আৰু অসামৰিক লোকৰ মৃত্যুৰ কাৰণ হৈ পৰিছে সেই ‘লাপৰৱাহী’ৰ বিষয়ে আলোচনা কৰিবই লাগিব৷ জনৈক নিৰাপত্তা উপদেষ্টাৰ সাধু শুনাই দেশৰ জনগণক যে সুৰক্ষা দিব নোৱাৰি সেই কথা দেশৰ জনগণে বুজি পাইছে৷
চুবুৰীয়া দেশৰ সৈতে পঞ্চশীল নীতিৰ পোষকতা কৰা ভাৰতৰ বৈদেশিক নীতিত আমূল পৰিৱৰ্তন অহাটোও পৰ্যালোচনাৰ বিষয় হোৱা উচিত৷
এই গোটেই বিষয়সমূহ যিহেতু এখন দেশৰ সুৰক্ষাজনিত আৰু জনসাধাৰণৰ নিৰাপত্তাজনিত বিষয় সেয়ে সংসদৰ এখন বিশেষ অধিৱেশন আহ্বান কৰাটো অতি জৰুৰী হৈ পৰিছে৷ আমি জানো যে সংসদেই হৈছে দেশৰ সৰ্বোচ্চ সংস্থা৷