Logo
image

দুটা বন্যহস্তীৰ যুঁজত ৪০বিঘা বৰো ধানৰ খেতি অনিষ্ট

'আমাৰ অসম'ৰ কামপুৰৰ প্ৰতিবেদকঃ  নগাঁও জিলাৰ কঠীয়াতলী ৰেংবেংত যোৱা নিশা দুটা বন্যহস্তীৰ মাজত সংঘটিত হোৱা যুঁজৰ ফলত অঞ্চলটোৰ কৃষক ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে৷ উল্লেখ্য যে প্ৰাপ্ত বাতৰি মতে প্ৰায় এঘন্টাজোৰা এই যুঁজ খনত প্ৰায় ৪০ বিঘা বৰোধানৰ খেতি অনিষ্ট হৈছে ৷


 উল্লেখযোগ্য যে বিগত ডেৰমাহ ধৰি সাতজনীয়া এটা বন্যহস্তীৰ জাকে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে ৷ সন্ধিয়া হ'লেই পাহাৰৰ পৰা নামি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৰেংবেং অঞ্চলৰ বৰোধানৰ খেতি নষ্ট কৰাৰ লগতে বহু লোকৰ বাৰীৰ মূল্যবান গছ-গছনি ভাঙি তহিলং কৰিছে ৷ আনহাতে দৈনিক বন্যহস্তী সমূহ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ থকাত যান বাহন চলাচলতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বন বিভাগে নিশা ফটকা ফুটাই হাতী খেদাৰ চেষ্টা কৰিছে যদিও এই সনস্যাৰ সমাধান হোৱা নাই ৷