জোনাইত এজাক বৰষুণতে চপৰা-চপৰে খহি পৰিল কোটিটকীয়া মথাউৰি
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ বাৰিষা সমাগত৷ তেনে সময়তে সামান্য এজাক বৰষুণতে পুনৰ চপৰা-চপৰে খহি পৰিছে জোনাইৰ কেইবা কোটি টকীয়া মথাউৰি। বহু আবেদন-নিবেদন তথা দাবীৰ অন্তত জোনাইৰ বেৰা চাপৰিবাসী ৰাইজে লাভ কৰিছিল চিয়াং আৰু লালী নদীৰ কৃত্ৰিম বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এটা মথাউৰি৷ কিন্তু কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই মথাউৰিটো এজাক বৰষুণতে কিয় খহিব ধৰিছে চপৰা চপৰে? উল্লেখ্য যে জানিব পৰা মতে, জোনাইত লালী আৰু চিয়াং নদীৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ লগতে জোনাইৰ পৰা মাজুলীলৈ সংযোগ কৰাৰ লক্ষ্যৰে শান্তিপুৰৰ পৰা নিৰ্মাণ কৰা কেইবা কোটি টকীয়া মথাউৰিটো পথৰ বিভিন্ন অংশত সামান্য এজাক বৰষুণতে চপৰা-চপৰে খহি পৰিছে৷ উল্লেখযোগ্য যে কেইবা কোটি টকা ব্যয় কৰি জোনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কৰি থকা এই বৃহৎ মথাউৰিটো প্ৰায় দুবছৰৰ ভিতৰতে সামান্য এজাক বৰষুণতে বিভিন্ন অংশত জহি-খহি যোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজবাসী।






