Logo
image

নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন টিপলাইৰ সোণোৱালী ধাননি পথাৰ

'আমাৰ অসম'ৰ টিপলাইৰ প্ৰতিবেদকঃ  যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চলৰ পথাৰত সোণোৱালী হৈ পৰা ধাননি পথাৰৰ ধান বাঢ়নী পানীত বুৰ যোৱাৰ আশংকাত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক তথা কৃষক পৰিয়াল। উল্লেখ্য যে  বিগত কেইবাদিনৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত কপালৰ ঘাম মাটিত পেলাই কৃষক সকলে ৰোপণ কৰা উন্নত প্ৰজাতিৰ ইৰি বৰোৰ ধাননি পথাৰত পানী হোৱাত কৃষক সকল চিন্তিত হৈ পৰিছে। মাত্ৰ কেইদিনমান আগলৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱা কৃষক সকলে পানীৰ মাজতে নিজৰ কৃষিভূমিত সোণোৱালী হৈ পৰা ধান যথেষ্ট কষ্ট কৰি কাটিব লগা হৈছে। আনহাতে কেইদিনমান আগলৈ  সমগ্ৰ অঞ্চলটোতে জলস্তৰ নিম্নগামী হোৱাৰ ফলত সাধাৰণ দমকলৰ লগতে খাল-বিল, পুখুৰী, জলাশয়ৰ পানী শুকাই যোৱাৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ টিপলাই অঞ্চলতো পানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। পথাৰৰ কৃষি ভূমিত পানী যোগানৰ অভাৱত চিৰাল ফাঁট মেলিছিল। কিন্তু ইমানৰ পিছতো বিচলিত নহৈ কৃষক সকলে অনাগত দিনৰ কথা ভাবি যিকোনো প্ৰকাৰে নিজৰ নিজৰ কৃষি ভূমিত পানী যোগান ধৰি সেউজ শ্যামলী কৰি তোলা কৃষি ভূমি বৰ্তমান সোণোৱালী হৈ পৰিছে। তদুপৰি ধাননি পথাৰৰ ধান ছপাবলৈ আৰম্ভ কৰিছিল কৃষক সকলে। 


উল্লেখযোগ্য যে  অত্যধিক পৰিশ্ৰম আৰু যত্নৰ ফলত পথাৰত নদন বদন হৈ পৰা সোন গুটি ঘৰ চপাই কৃষকৰ সপোন দিঠকত পৰিণত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে কৃষক ৰাইজ। কিন্তু এই সময়তেই যোৱা কেইবাদিনৰে পৰা ধাৰাসাৰ বৰষুণ হৈ থকাত দ' অঞ্চলৰ কৃষি পথাৰত পানী বাঢ়িবলৈ ধৰিছে। সপোনৰ ধাননি পথাৰ পানীত বুৰ যোৱাত বহুত কষ্ট কৰি পানীৰ মাজতে ধান কাটি খেৰ চপাব লগীয়া হৈছে। আনহাতে জিলাখনৰ বৃহত্তৰ টিপলাই অঞ্চলৰ একাংশ কৃষকে আজি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয় যে কপালৰ ঘাম মাটিত পেলাই কৰা কৃষি কৰ্মৰ ফচল বানপানীত নষ্ট হোৱাৰ আশংকাত নিশা টোপনি নোহোৱা হৈছে কৃষক ৰাইজৰ। উল্লেখযোগ্য যে একাংশ লোকে পানীৰ মাজতে পকা ধান কাটিছে যদিও ভালদৰে ৰ'দ নোপোৱাৰ বাবে কাটি থোৱা ধান গজালি মেলি নষ্ট হোৱা দেখা গৈছে।