Logo
image

চিমেন চাপৰিত বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদৰ উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন

'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ   বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ উন্নয়নৰ আঁচনিৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰা হয়। আনহাতে চিমেন চাপৰি সতীশ বসুমতাৰীয়ে বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত ৮৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে। উল্লেখ্য যে উন্নয়নৰ আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি দিয়া চমু ভাষনত মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে বড়ো-কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদখন বৰ্তমান চালুকীয়া অৱস্থাত আছে আৰু ইয়াৰে গাওঁ চিনাক্ত, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰে পূৰ্ণ গতিত প্ৰক্ৰিয়া চলাই আছে বুলি উল্লেখ কৰি পৰিষদে বিটিআৰৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যাব বুলি বক্তব্য আগবঢ়ায়।


উল্লেখযোগ্য যে আধাৰশিলা অনুষ্ঠানত মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ইউবিপিৰ কোষাধ্যক্ষ বিষ্টিৰাম নাৰ্জাৰী, জোনাই জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰী, পশ্চিম জোনাই জিলা পৰিষদ সমষ্টিৰ নৱ নিৰ্বাচিত সদস্য চাঞ্চুমা বসুমতাৰী,প্ৰতিষ্ঠিত ব্যৱসায়ী লক্ষী খাকলাৰী উপস্থিত থাকে।