Logo
image

অহা পাঁচদিনলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী

'আমাৰ  অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  প্ৰকৃতিৰ চিৰাচৰিত নীতি অনুসৰি অসমসহ উত্তৰ-পূবৰ ৰাজ্যকেইখনত দক্ষিণ পশ্চিম মৌচুমী বতাহে প্ৰৱেশ কৰাৰ বাবে কমেও এটা সপ্তাহ বাকী থকা অৱস্থাত উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বতৰ কিছু অশান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনিদিনৰ ভিতৰত কেৰেলাৰ সাগৰীয় উপকূলৰে ভাৰতত দক্ষিণ পশ্চিম মৌচুমী বতাহে প্ৰৱেশ কৰিব বুলি শুকুৰবাৰে সদৰি কৰিছে। উল্লেখযোগ্য যে বেছিভাগ ঠাইতে  প্রায় মৌচুমীৰ প্ৰভাৱত বিগত ব'হাগ বিহুৰ সময়ৰে পৰা বিগত সময়চোৱাত মাজে সময়ে গাজনি , ঢেৰেকনী,  ধুমুহাৰ সৈতে বৰষুণ হৈ আছে।  আনকি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সৃষ্টি হোৱা হোৱা বতৰৰ কেতবোৰ পৰিবৰ্তন আৰু প্ৰাকৃতিক পৰিঘটনাৰ বাবে সাগৰপৃষ্ঠৰ পৰা মাত্ৰ ডেৰৰ পৰা তিনি কিলোমিটাৰ ওপৰৰে জলীয় বাষ্পসহ বতাহ বলি আছে। আনহাতে গুৱাহাটীৰ  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমসহ উত্তৰ-পূবৰ কেবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থাকিব বুলি শুকুৰবাৰে সদৰি কৰিছে। সেই অনুসৰি অহা পাঁচদিনলৈ ৰাজ্যৰ ঠাইবিশেষে ধাৰাষাৰ আৰু বেছিভাগ ঠাইতে পাতলীয়া পৰিমাণৰ বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। তদুপৰি বিগত ২৪ ঘণ্টাত বৰাক উপত্যকাৰ বেছিভাগ ঠাইতে ৰাজ্যৰ আন অঞ্চলতকৈ অধিক পৰিমাণৰ বৰষুণ অহা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে। অৱশ্যে বিগত ২১ মে' পৰ্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া আৰু গুৱাহাটী, ধুবুৰীসহ পশ্চিম অসমৰ জিলা কেইখনত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছিল। ২২ মে'ৰ পৰা বতৰ কিছু স্বাভাৱিক হৈছিল যদিও বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী বাস্তৱত পৰিণত হলে গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ কৃত্ৰিম বানপানীয়ে ৰাইজক অসুবিধাত পেলোৱাটো নিশ্চিত। 


আনহাতে বি টি এ ডিৰ জিলা কেইখনৰ বেছিভাগ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু গুৱাহাটীসহ কেতবোৰ অঞ্চলত প্ৰৱল বৰষুণ হৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৫ মে'ৰ পৰা বৰষুণৰ মাত্ৰা অধিক হ'ব আৰু তেতিয়া সৰ্বাধিক তাপমাত্ৰাৰো তাৰতম্য ঘটিব। উল্লেখ্য যে বতৰ বিজ্ঞানৰ ভাষাত  ৬৫ মিলিমিটাৰ বা ৬.৫ ছেন্টিমিটাৰতকৈও অধিক পৰিমাণৰ বৰষুণ হ'লে তাক ধাৰাষাৰ বৰষুণ বা প্ৰৱল বৃষ্টিপাত হোৱা বুলি কোৱা হয়। বিগত তিনিদিন পূৰ্বে গুৱাহাটীত প্ৰায় ১১ ছেন্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছিল । তাৰ পাছত হাতীগাওঁ, ৰুক্মিণীগাওঁকে ধৰি গুৱাহাটীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছিল । আনকি এতিয়াও সেই ঠাই সমূহৰ পানী ভালকৈ ওলাই যাব পৰা নাই। ইয়াৰ মাজতে পুনৰ বৰষুণ আহিলে কি পৰিস্থিতিৰ উদ্ভৱ হ'ব সেয়া সহজে অনুমেয়। আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰৰ  দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ—গুৱাহাটীত  ৩৩.৮  ডিগ্ৰী চেলচিয়াছ, ডিব্ৰগড়ত ৩৪.০ ডিগ্ৰী চেলচিয়াছ,  তেজপুৰত ৩৪.৫ ডিগ্ৰী চেলচিয়াছ,  ধুবুৰীত ৩১.৯  ডিগ্ৰী  চেলচিয়াছ, যোৰহাটত ৩৫.৩ ডিগ্ৰী চেলচিয়াছ, উত্তৰ লখিমপুৰত ৩৪.৬  ডিগ্রী চেলচিয়াছ, শিলচৰত ৩৪.২ ডিগ্ৰী চেলচিয়াছ। একেদৰে উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৩.২ ডিগ্ৰী চেলচিয়াছ।