
পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীক জোনাই ৰাজাখানা গাওঁ পঞ্চায়তৰ প্ৰাংগণত সম্বৰ্ধনা অনুষ্ঠান আৰু মিত্ৰজোঁটৰ কৰ্মী সভা
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ ৮০ নং জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱ নিৰ্বাচিত ৯নং মধ্য জোনাই জিলা পৰিষদৰ সদস্য ৪৪নং ৰাজাখানা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু বিজয়ী ৱাৰ্ড সদস্য সদস্যা সকলক NDAৰ উদ্যোগত জোনাই ৰাজাখানা গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা অনুষ্ঠান আৰু মিত্ৰজোঁটৰ কৰ্মীৰ এখন সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে উক্ত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সন্মিলিত গণশক্তি অসম দলৰ জেষ্ঠ নেতা অতুল পেগুৱে কয় যে, বৰ্তমানৰ NDAৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিদৰে অসমৰ অতিকৈ পিছপৰা অঞ্চল জোনাই তথা জোনাই বিধান সভা সমষ্টিত যি উন্নয়ন ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে তাৰে প্ৰতিফলিত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। তাৰোপৰি ৰাজাখানা গাঁও পঞ্চায়তটোৰ প্ৰতিটো সমস্যা সমূহ সমাধান কৰাৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ ৰাইজক একতাৰে থাকিবলৈ আহ্বান জনায় নেতাজনে। ইপিনে উক্ত সভাতে TMPKৰ কেন্দ্ৰীয় উপদেষ্টা ৰাজকুমাৰে একে প্ৰসংগতে ৰাইজক উদ্দেশ্যি কয় যে, এটা সময়ত বিজ্ঞান সন্মত মথাউৰি বিচাৰি আমি আন্দোলন কৰিছিলো কিন্তু আজি সেই পৰিৱেশ নাই।
উল্লেখযোগ্য যে তিনি মাইল ঘাটৰ পৰা লালী নদীৰ পাৰত এতিয়াও কোটি কোটি টকাৰ বিনিময়ত বৰ্তমানৰ চৰকাৰখনে জনহিতকৰ বাবে মথাউৰি নিৰ্মাণ কৰি আছে। সেয়েহে স্থানীয় বিধায়ক ভূৱন পেগুৰ বলিষ্ঠ ভূমিকা আৰু অসম চৰকাৰক জোনাইবাসীৰ প্ৰতিগৰাকী ৰাইজে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আশীৰ্বাদ প্ৰদান কৰিছে। আনহাতে NDAৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে যিদৰে অসমখনক প্ৰতিটো সময়তে দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ঠিক তেনেদৰে আমিও আমাৰ প্ৰতিটো ৱাৰ্ড আৰু পঞ্চায়তক উন্নত হিচাপে গঢ় দিব লাগিব। নৰেন্দ্ৰ মোদীৰ সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে সকলো হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি বিজেপিৰ পূৱ জোনাই মণ্ডলৰ সভাপতি বিজয় শইকীয়াই মন্তব্য প্ৰদান কৰে। তাৰোপৰি উক্ত সভাত বিজেপি পূৱ জোনাই মণ্ডলৰ সাধাৰণ সম্পাদক কলিং দলে সন্মিলিত গণশক্তি অসম দলৰ জোনাই জিলা শক্তিৰ সম্পাদক মন বাহাদুৰ ছেত্ৰী, মধ্য জোনাই জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যা মুন্না পাতিৰ, ৰাজাখানা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত আঞ্চলিক সদস্য অজিত দলে, গালী চিকাৰী গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য মুক্তি নাথ পেগু, পূৱ জোনাই বিজেপি সম্পাদক সন্তোষ বৰগোহাঁই,TMPK জোনাই জিলা সমিতিৰ প্ৰাক্তন সম্পাদক বিধান মিলি, জোনাই জিলা গণ শক্তিৰ উপ সভাপতি পদ্ম ছেত্ৰী, গণশক্তি অসম দলৰ ৰাজা খানা শাখা শক্তিৰ সভাপতি বিনোদ পাতিৰ, গণশক্তি জিলা শক্তিৰ সদস্য লগ বাহাদুৰ ৰায় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিৰেন পেগুৰ, মূৰ্কং চেলেক জনজাতি উন্নয়ন খণ্ডৰ প্ৰাক্তন উপ সভানেত্ৰী সবিতা ইচলাৰী, লগতে প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে ।