
দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি পালন কৰিলে ওপজা দিন
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ আমিনগাঁৱৰ এগৰাকী মানৱ দৰদী মহিলা। মানৱ সেৱাত এইগৰাকী মহিলাই দেখুৱাইছে এক অনন্য নিদৰ্শন । স্বামীৰ সৈতে মিলি যোৱা ৩৫ বছৰত ১১ হাজাৰ ৭০ জনৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰাত সহযোগিতা আগবঢ়াইছে এইগৰাকী মানৱ দৰদী মহিলাই ।উল্লেখ্য যে ১৯৯১ চনৰ ২৮ মাৰ্চতে আমিনগাঁৱত "তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰ" নামেৰে এটা জনকল্যাণ মূলক সংস্থাৰ জন্ম দি দীৰ্ঘ দিন ধৰি আগবঢ়োৱা হৈছে মানৱ সেৱা । আনহাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লোকো এই সংস্থাৰ দ্বাৰা উপকৃত হৈছে । উল্লেখযোগ্য যে কেৱল ভাৰততেই নহয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ বহু লোক এই সংস্থাৰ দ্বাৰা উপকৃত হৈছে। আজি এইগৰাকী মহীয়সী মহিলা শান্তি দেৱী জৈন বাফনাৰ ৭০ সংখ্যক ওপজা দিন উপলক্ষে আমিনগাঁৱৰ "তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰ" উদযাপন কৰা হয়।
আনহাতে আজিৰ দিনটোত ২৫ গৰাকী ব্যক্তিৰ শৰীৰত সংস্থাপন কৰা হয় কৃত্ৰিম ভৰি । দিব্যাংগ সকলৰ মুখত হাঁহি বিৰিঙাবলৈ পাই স্বৰ্গীয় সুখ অনুভৱ কৰিলে শান্তি দেৱীয়ে আৰু এনেদৰে জন্মদিন উদযাপন কৰি অভিভূত হৈ পৰে মহিলাগৰাকী । উল্লেখ্য যে স্বামী শুভকৰণ জৈন বাফনাৰ লগতে পুত্ৰ সুৰেন্দ্ৰ বাফনা আৰু "তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰ"ৰ কৰ্মকৰ্তা সকলে উৎসাহ উদ্দীপনাৰে উদযাপন কৰিলে শান্তি দেৱীৰ ওপজাদিন ।