Logo
image

গোৱালপাৰাৰ লালাবাৰীত বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে চাৰিটা বাসগৃহ

'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ  হাতী-মানুহৰ সংঘাতত অধিক অৱনতি ঘটিছে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্যঞ্চলৰ সাধাৰণ লোকৰ জীৱন-জীৱিকা। উল্লেখ্য যে প্ৰতিটো নিশাই বন্যহস্তীৰ উপদ্ৰৱত এতিয়া অসহায় হৈ পৰিছে অঞ্চলবাসী। খাদ্য আৰু নিৰাপদ আশ্ৰয়স্থলী বিচাৰি অধিক হিংস্ৰ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতীয়ে।  আনহাতে প্ৰায় ডেৰ মাহ ধৰি বনৰীয়া হাতীয়ে মৰনৈ আৰু মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত উপদ্ৰৱ চলাই এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতো বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত চলিত সপ্তাহত হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে পথাৰত খাদ্য শস্য নথকাৰ বাবে বনৰীয়া হাতীয়ে বিগত কেইবাদিন ধৰি মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত লালাবৰী, বেলবৰী, ৰাজাপাৰা, দোমনিপাৰা আদি গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে। তদুপৰি খাদ্যৰ সন্ধানত ঘূৰি ফুৰা বনৰীয়া হাতীয়ে প্ৰতিটো নিশা উল্লেখিত গাঁও সমূহৰ ঘৰে ঘৰে প্ৰৱেশ কৰি উপদ্ৰৱ চলাইছে। নিশাৰ অন্ধকাৰত বনৰীয়া হাতীয়ে খাদ্য বিচাৰি এজনৰ পিছত আন এজন লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।


উল্লেখ্য যে স্থানীয় লোকে জনোৱা মতে, ২৪ মে'ৰ নিশা এটা অকলশৰীয়া হাতীয়ে দোমনিপাৰাত দুটা পৰিয়ালৰ তিনিটা বাসগৃহ ভাঙি তচনচ কৰাৰ পিছত যোৱা নিশা লালাবৰীৰ বেলবৰী গাঁৱত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ চাৰিটাকৈ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । জানিব পৰা মতে, অকলশৰীয়া বনৰীয়া হাতীটোৱে গাঁৱখনৰ মতিলাল ৰায়ৰ দুটা আৰু মইনা ৰায়ৰ দুটা ঘৰ ভাঙি লণ্ডভণ্ড কৰে । আনহাতে সন্ধিয়া হোৱাৰ লগে লগে অকলশৰীয়া হাতীটো গাঁৱত প্ৰৱেশ কৰাত গাঁৱখনত হুৱাদুৱা লাগে। উল্লেখযোগ্য যে গাঁৱখনৰ একাংশ পৰিয়ালে ভয় শংকাত ঘৰ এৰি যাবলৈ বাধ্য হয়। বিগত প্ৰায় ডেৰ মাহ ধৰি বনৰীয়া হাতীয়ে দৈনিক অঞ্চলটোত উপদ্ৰৱ চলাই ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতো বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে অঞ্চলবাসীয়ে। স্থানীয় লোকে অভিযোগ কৰা মতে, বছৰ বছৰ ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই শ শ লোকৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰাৰ পাছতো জিলা প্ৰশাসনৰ লগতে বন বিভাগে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক ন্যূনতম সাহাৰ্য্য প্ৰদান কৰা নাই। আনহাতে বনৰীয়া হাতীৰ এনে ধাৰাবাহিক উপদ্ৰৱত সম্প্ৰতি জুৰুলা হৈ পৰিছে অঞ্চলবাসী। দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলোৱা বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ জিলা আয়ুক্তক দাবী জনাইছে অঞ্চলবাসীয়ে।