
উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত "উত্তৰণৰ দিশত এখোজ"
'আমাৰ অসম'ৰ প্ৰতিনিধি, আমিনগাঁওঃ অভ্যাস আৰু চৰিত্ৰ গঠনৰ মূল কমাৰ-শাল হৈছে নিজৰ ঘৰখন। আমি সকলোৱে মাতৃ দুগ্ধ পান কৰি ডাঙৰ হৈছো। শিশুৱে মাকক চিনি পাই মাকৰ শৰীৰৰ গোন্ধৰ পৰা। এই মাতৃয়েই এদিন দেউতাকৰ লগতে ঘৰখনক চিনাকি কৰি দিয়ে। ঘৰ এখনত বিশেষকৈ মাক দেউতাকে কি আচৰণ কৰে সেইবোৰ প্ৰত্যেকজন সন্তানে অনুসৰণ কৰে। সেয়েহে প্ৰত্যেক জন পিতৃ-মাতৃ সংস্কাৰ সম্পন্ন হোৱা উচিত। সংস্কাৰী ঘৰতহে সন্তান সম্পদ হিচাপে গঢ় লৈ উঠিব। প্ৰত্যেকজন শিশু মেধা সম্পন্ন আৰু প্ৰতিভাশালী। পিতৃ মাতৃয়ে সংস্কাৰ সম্পন্ন সন্তান গঢ় দিব লাগে তেতিয়াহে জীৱনত সফলতা আৰু ধন ঐতিহ্যৰে মহীয়ান হয়। এখন ঘৰ ধৰি ৰাখে মাতৃ গৰাকীয়ে এই মাতৃ গৰাকীক ভগৱানে যথেষ্ট শক্তি প্ৰদান কৰিছে। এই আদ্য শক্তিয়ে প্ৰত্যেক সন্তানক উত্তৰণৰ দিশে খোজ আগবঢ়াবলৈ প্ৰেৰণা প্ৰদান কৰে।
অভ্যাস আৰু চৰিত্ৰ গঠনৰ মূল কমাৰশাল হৈছে নিজৰ ঘৰখনঃ হৃশীকেশ গোস্বামী
উল্লেখযোগ্য যে আজি ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত আয়োজন কৰা "উত্তৰণৰ দিশত এখোজ"' এক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে এই মন্তব্য প্ৰদান কৰে। আনহাতে তেওঁ লগতে কয় যে, শচীন তেণ্ডুলকাৰ, লাভলীনা, বিশিষ্ট বিজ্ঞানী ড° এ পি জে আব্দুল কালাম, আইনষ্টাইন ছাৰ আইজাক নিউটনকে আদি ধৰি মহান ব্যক্তি সকলে সফলতাৰ দিশত কেনেকৈ খোজ পেলাবলৈ সক্ষম হল বিভিন্ন উপমাৰে বিস্তৃত বাখ্যা আগবঢ়ায়।লগতে ছাত্ৰী সকলক প্ৰত্যেকটো মুহূৰ্তত নিজৰ মগজু সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায়। গোস্বামীয়ে কয় যে এখন দা বা কটাৰী ব্যৱহাৰ নকৰিলে মামৰে আৱৰি ধৰে ঠিক তেনেকৈ প্ৰত্যেকগৰাকী ছাত্ৰীৰ যিটো বিষয়ত আগ্ৰহ থাকে সেই বিষয়টোৰ ওপৰত প্ৰত্যেকজন অভিভাৱকে গুৰুত্ব প্ৰদান কৰা উচিত। এই ক্ষেত্ৰত শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীৰো অধিক গুৰুত্ব আছে। শিক্ষক সকলে ছাত্ৰী সকলক আন্ধাৰৰ পৰা পোহৰৰ দিশে আগবঢ়াই লৈ যায় । উল্লেখ্য যে ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় গোস্বামীয়ে কয় যে শিক্ষাগুৰুক কেতিয়াও তুচ্চ-তাচিল্য কৰিব নাপায়। আনহাতে অভিভাৱকসকলক উদ্দেশ্যি গোস্বামীয়ে কয় যে, সদায় নিজৰ সন্তানক উৎসাহ প্ৰদান কৰা উচিত তেতিয়াহে সন্তানৰ অভিৰুচি উত্তৰণৰ দিশে আগবাঢ়ি যাব। লগতে তেওঁ নিজৰ সন্তান মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অনুশাসন অতিকৈ প্ৰয়োজন বুলি কয়। গোস্বামীয়ে ড° ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি বিভিন্ন উপমাৰে শিক্ষাৰ্থী সকলক উৎসাহিত কৰাৰ লগতে প্ৰেৰণা প্ৰদান কৰে । তেখেতে চুনীতা উইলিয়ামছৰ কথা উল্লেখ কৰি প্ৰত্যেকগৰাকী ছাত্ৰীক মনোবল অটুট ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়। লগতে গোস্বামীয়ে শিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলে শোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি শিক্ষাৰ্থী সকলক উৎসাহিত কৰে। সভাত ভাষণ দি ঐতিহাসিক অসম আন্দোলনৰ নেতা বসন্ত পাঠকে ছাত্ৰীসকলক তেওঁলোকৰ মাজত থকা মনোবল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত বড়াই পৰিচালনা কৰা সভাত আদৰণি ভাষণ পাঠ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কৃষ্ণৰাম শইকীয়াই। উল্লেখ্য যে বিদ্যালয়ৰ শিক্ষয়িত্ৰী ডলি বৰাই আঁতধৰা বক্তৃতা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষানুষ্ঠানখনৰ ছাত্ৰী সকলে কৃষ্ণৰাম শইকীয়াৰ দ্বাৰা ৰচিত বিদ্যালয়ৰ সংগীতেৰে অনুষ্ঠান শুভাৰম্ভ কৰে। অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি চন্দন বৰুৱা, বিশিষ্ট সমাজকৰ্মী সমৰেন্দ্ৰ ভৰদ্বাজৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।